ETV Bharat / health

১৪ ফেব্ৰুৱাৰীৰ দিনাই কিয় উদযাপন কৰা হয় ভেলেণ্টাইন ডে', জানি লওক এই দিনটোৰ ইতিহাস - Valentines Day Significance

Happy Valentine's Day: আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে ভেলেণ্টাইন ডে । প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয় । প্ৰেমত পৰা সকলৰ বাবে এই দিনটো অতি বিশেষ । গতিকে এই দিনটোৰ ইতিহাসৰ বিষয়ে জানো আহক

Why we celebrate Valentine's Day Let know its date history and significance
১৪ ফেব্ৰুৱাৰীৰ দিনাই কিয় উদযাপন কৰা হয় ভেলেণ্টাইন ডে', জানি লওক এই দিনটোৰ ইতিহাস
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 4:33 AM IST

প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি । প্ৰেমে কঢ়িয়াই আনে মনত হাজাৰটা আশাৰ সঞ্চাৰ ৷ প্ৰেমেই দিয়ে জীয়াই থকাৰ প্ৰেৰণা ৷ প্ৰেমৰ বাবে হয়তো কেতিয়াবা আপোনাৰ বৰষুণত তিতিবলৈ মন নতুবা কুৱলীসিক্ত বননিত খালী ভৰিৰে খোজ কাঢ়িবলৈ মন যায় ৷ প্ৰেমেই বিষাদ প্ৰেমেই আনন্দ, কিন্তু প্ৰেম জীৱনৰ অভিন্ন অংগ ৷ বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশেই হৈছে প্ৰেম । ফেব্ৰুৱাৰী মাহেটো প্ৰেমৰ মাহ বুলি কোৱা হয় যদিও প্ৰেম কৰোঁতাই প্ৰতিদিনেই বুকুত কঢ়িয়াই লৈ ফুৰে প্ৰেমানুভূতি ৷

প্ৰেমিক যুগলৰ বাবে এই দিনটো অতি বিশেষ হয় ৷ গোলাপ দিৱসৰ পৰা আৰম্ভ হোৱা ভেলেণ্টাইন উইক আজি ভেলেণ্টাইন ডে’ৰ জৰিয়তে অন্ত পৰিব ৷ এনে পৰিস্থিতিত এই দিনটোক লৈ প্ৰেমিক যুগলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হয় ৷ এই প্ৰেমৰ দিনটো অতি উৎসাহেৰে প্ৰেমিক যুগলে উদযাপন কৰে৷ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেলেণ্টাইন উইক ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ সৈতে অন্ত পৰে৷ কিন্তু আপুনি জানেনে ১৪ ফেব্ৰুৱাৰীতউদযাপন কৰা এই দিৱসটোৰ ইতিহাস কি আৰু কিয় ভেলেণ্টাইন ডে’ কেৱল ১৪ তাৰিখে উদযাপন কৰা হয় ৷ যদি নাজানে, তেন্তে এই বিশেষ দিনটোৰ লগত জড়িত ইতিহাসৰ বিষয়ে জানো আহক-

কাহিনীটো ছেইন্ট ভেলেণ্টাইনৰ সৈতে জড়িত

ভেলেণ্টাইন ডে’ উদযাপনৰ কাহিনী ৰোমৰ ছেইন্ট ভেলেণ্টাইনৰ সৈতে জড়িত ৷ আচলতে বিশ্বাস কৰা হয় যে ৰোমান ৰজা ক্লাউডিয়াছ প্ৰেমৰ কঠোৰ বিৰোধী আছিল, কাৰণ তেওঁৰ বিশ্বাস আছিল যে যদি সৈন্যই প্ৰেমত পৰিবলৈ আৰম্ভ কৰে তেন্তে তেওঁলোকৰ মন কামৰ পৰা বিচলিত হৈ পৰিব আৰু ইয়াৰ ফলত ৰোমান সৈন্য দুৰ্বল হৈ পৰিব ৷ এই কাৰণেই তেওঁ সৈনিকক বিবাহ পাশত আৱদ্ধ হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ আনহাতে, ছেইন্ট ভেলেণ্টাইনে পূৰ্বে প্ৰেমৰ প্ৰচাৰ কৰিছিল ৷ কেৱল এয়াই নহয়, ৰজাৰ বিৰুদ্ধে গৈ বহু প্ৰেমিক যুগলৰ বিয়াও কৰোৱাইছিল ৷

লগতে পঢ়ক: Valentine's Day 2023: ভাৰ্চুৱেল ডেটিঙৰ প্ৰতি কিয় অধিক আকৰ্ষিত হৈছে ভাৰতীয়

ছেইন্ট ভেলেণ্টাইনে পালে মৃত্যুদণ্ড

ছেইন্ট ভেলেণ্টাইনে প্ৰেমিক যুগলৰ বিবাহৰ ব্যৱস্থা কৰি ৰজা ক্লাউডিয়াছৰ বিশ্বাস ভুল বুলি প্ৰমাণ কৰিছিল, যাৰ বাবে ৰোমৰ ৰজাই তেওঁক মৃত্যুদণ্ড দিছিল ৷ ইয়াৰ পিছত ১৪ ফেব্ৰুৱাৰীত ছেইন্ট ভেলেণ্টাইনক ফাঁচী দিয়া হয় আৰু সেইদিনাৰ পৰাই ভেলেণ্টাইন ডে’পালন কৰা হয়৷ আজিৰ পৰাই ৰোমকে ধৰি সমগ্ৰ বিশ্বতে ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস উদযাপনৰ ধাৰা আৰম্ভ হৈছিল, যিটো আজিও অব্যাহত আছে ৷

প্ৰথমবাৰৰ বাবে কেতিয়া উদযাপন কৰা হ’ল ভেলেণ্টাইন ডে’?

ভেলেণ্টাইন ডে’ৰ উৎপত্তি হৈছে ৰোমান উৎসৱৰ পৰা৷ ৪৯৬ চনত বিশ্বত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল ভেলেণ্টাইন ডে’ ৷ ইয়াৰ পিছত পঞ্চম শতিকাত ৰোমৰ পোপ গেলাছিয়াছে ১৪ ফেব্ৰুৱাৰীক ভেলেণ্টাইন ডে’ হিচাপেউদযাপন কৰাৰ কথা ঘোষণা কৰে ৷ আজিৰ পৰাই ১৪ ফেব্ৰুৱাৰী তাৰিখটো ৰোমকে ধৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে ৷ কেৱল এয়াই নহয়, ৰোমৰ বহু চহৰত আজিৰ দিনটোতে গণ বিবাহৰ আয়োজন কৰা হয় ৷

লগতে পঢ়ক: প্ৰেম প্ৰকাশৰ মাধ্যমেই স্বাস্থ্যৰ পক্ষেও সমানে উপকাৰী চুমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.