ETV Bharat / health

খাদ্য খোৱাৰ লগে লগে কিয় পানী খাব নালাগে ? ৩টা আচৰিত কাৰণ জানি লওক - Drinking Water After Meal

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 5:38 PM IST

Drinking water after meal: আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে । কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি জানেনে ?

Why should we not drink water immediately after eating food? Know these 3 reasons
খাদ্য খোৱাৰ লগে লগে কিয় পানী খাব নালাগে ? ৩টা আচৰিত কাৰণ জানি লওক (CANVA)

খাদ্য খোৱাৰ লগে লগে পানী খোৱাটো এটা সাধাৰণ অভ্যাস, কিন্তু ই আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে জানেনে ? আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ ফলত পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰে আৰু বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

সেয়ে আজি জানো আহক খাদ্য খোৱাৰ লগে লগে পানী খালে আপোনাৰ শৰীৰৰ কি ক্ষতি হ'ব পাৰে ৷

পাচনতন্ত্ৰৰ ওপৰত প্ৰভাৱ

যেতিয়া আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া আপোনাৰ শৰীৰত হজমৰ এক জটিল প্ৰক্ৰিয়া আৰম্ভ হয় ৷ শৰীৰে খাদ্য হজম কৰিবলৈ এনজাইম আৰু এচিড উৎপন্ন কৰে ৷ খাদ্য খোৱাৰ লগে লগে পানী খালে ই এনজাইম আৰু এচিড পাতল কৰি পেলায় যাৰ বাবে খাদ্য সঠিকভাৱে হজম নহয় ৷ ইয়াৰ ফলত পেট ফুলা, এচিডিটি, বদহজমৰ দৰে সমস্যা হ’ব পাৰে ৷

ওজন বৃদ্ধি

খাদ্য খোৱাৰ লগে লগে পানী খালে আপুনি অধিক পৰিমাণে খাদ্য গ্ৰহণ কৰে ৷ এনে হয় কাৰণ পানীয়ে আপোনাৰ পেট অধিক ভৰাই তোলে ইয়াৰ দ্বাৰা আপুনি ভোক কমকৈ অনুভৱ কৰে ৷ কিন্তু কিছু সময়ৰ পাছত আপুনি আকৌ ভোক অনুভৱ কৰিবলৈ আৰম্ভ কৰে কাৰণ খাদ্যখিনি ভালদৰে হজম নহয় ৷ এইদৰে আপুনি বেছিকৈ খাদ্য গ্ৰহণ কৰে আৰু ইয়াৰ ফলত ওজন বৃদ্ধি পায় ৷

পুষ্টিকৰ পদাৰ্থৰ শোষণ হ্ৰাস পায়

পানীয়ে খাদ্যত থকা পুষ্টিকৰ উপাদানসমূহ পাতল কৰি পেলায় যাৰ বাবে শৰীৰে সেইবোৰ সঠিকভাৱে শোষণ কৰিব নোৱাৰে ৷ ইয়াৰ বাবে আপুনি পুষ্টিকৰ উপাদানৰ অভাৱ হোৱাত আপুনি বহুতো ৰোগত ভুগিব পাৰে ৷

খাদ্য খোৱাৰ পিছত কেতিয়া পানী খাব লাগে ?

খাদ্য খোৱাৰ আধা ঘণ্টা পিছত পানী খাব পাৰে ৷ এই সময়ছোৱাত খাদ্য হজম প্ৰক্ৰিয়া আৰম্ভ হয় আৰু পানীয়ে আপোনাৰ শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰিব ৷

লগতে পঢ়ক: সংক্ৰমণ তথা ভাইৰেল জ্বৰৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ পান কৰক এইবিধ হালধীয়া পানী - Healthy Drink

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.