ETV Bharat / health

টেষ্ট এটলাছৰ অন্যতম বেয়া খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত পঁইতা ভাত আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হয়নে ? - Panta Bhat

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 3:50 PM IST

Panta Bhat: টেষ্ট এটলাছৰ অন্যতম বেয়া খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে পঁইতা ভাত ৷ কিন্তু এই খাদ্যত থকা পুষ্টিকৰ উপাদানৰ বাবে এইবিধ খাদ্য আমাৰ শৰীৰৰ বাবে অতি লাভদায়ক ৷ আজি ইয়াৰ উপকাৰিতা সম্পৰ্কে জানো আহক-

WHY IS "PANTA BHAT," WHICH IS RATED AS ONE OF THE WORST FOODS IN TASTE ATLAS
টেষ্ট এটলাছৰ অন্যতম বেয়া খাদ্য হিচাপে গণ্য কৰা পঁইতা ভাত আমাৰ স্বাস্থ্যৰ বাবে কিয় উপকাৰী (ETV Bharat)

পঁইতা ভাত, পখালা, পান্তা ভাত, বছিয়া ভাত আৰু কাঞ্জী নামেৰে পৰিচিত এই বিখ্যাত ব্যঞ্জনক শেহতীয়াকৈ টেষ্ট এটলাছৰ আটাইতকৈ বেয়া খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । কিন্তু এই খাদ্যত থকা পুষ্টিকৰ উপাদানৰ বাবে ইয়াক এবিধ উৎকৃষ্ট খাদ্য হিচাপে গণ্য কৰা হয় । বৈজ্ঞানিক অধ্যয়নেও এই সিদ্ধান্তত উপনীত হৈছে যে সাধাৰণ সিজোৱা চাউলতকৈ পঁইতা ভাতত অধিক পুষ্টিকৰ উপাদান থাকে ৷ আজি এই প্ৰতিবেদনৰ জৰিয়তে ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

  1. ভাতক কিম্বন কৰি পঁইতা ভাত তৈয়াৰ কৰা হয় । এই প্ৰক্ৰিয়াই উপকাৰী বেক্টেৰিয়াক প্ৰসাৰিত কৰে, যিয়ে পাচনতন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে । পঁইতা ভাত খালে পেট ফুলা, গেছ আৰু বদহজমৰ দৰে সমস্যা দূৰ হয় ।
  2. গ্ৰীষ্মকালত শৰীৰক ই হাইড্ৰেট কৰি কৰি ৰখাত যথেষ্ট সহায় কৰে । ওড়িশাত পঁইতা ভাত পানী আৰু দৈৰ দ্বাৰা তৈয়াৰ কৰা হয়, যিয়ে শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে । ইয়াৰ উপৰিও হিটষ্ট্ৰ’কৰ আশংকাও হ্ৰাস কৰে ।
  3. পঁইতা ভাতত প্ৰ’বায়’টিক পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে । শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত ইহঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
  4. পঁইতা ভাতত কেলৰি কম হোৱাৰ বাবে সোনকালে পেট পূৰ কৰাত সহায় কৰে, যাৰ ফলত বাৰে বাৰে ভোক অনুভৱ কৰাৰ সমস্যা কম হয় । ইয়াৰ উপৰিও শৰীৰৰ চৰ্বি কমোৱাতো ই সহায় কৰে ।
  5. পঁইতা ভাতত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ভিটামিন বি১২ আৰু কেলচিয়ামৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায় । এয়া স্বাস্থ্যৰ বাবে অতি উপকাৰী ।
  6. পঁইতা ভাত বনাবলৈ বাকী থকা ৰৈ যোৱা ভাত ৰাতিটো পানীত তিয়াই ৰখা হয় । পুৱা দৈ, নিমখ, জলকীয়া, আদা আৰু পদিনা চাটনি, আলু পিটিকা, পিঁয়াজ দি ভালদৰে মঠি প্ৰস্তুত কৰা হয় । আপুনি আপোনাৰ পছন্দ অনুসৰি ইয়াত আৰু অধিক বস্তু যোগ কৰিব পাৰে যেনে অন্য ভাজি ইত্যাদি । পুৱাৰ আহাৰত আনকি দুপৰীয়াৰ আহাৰতো পঁইতা ভাত আপুনি খাব পাৰে । গৰমত সতেজ কৰি ৰাখিবলৈ এয়া এক উত্তম বিকল্প ।

লগতে পঢ়ক: আপোনাৰ শৰীৰৰ বাবে ভাত শত্ৰু নে মিত্ৰ ? ভাত খালে সঁচাকৈয়ে শৰীৰৰ ক্ষতি হয় নেকি জানো আহক - White Rice

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.