ETV Bharat / snippets

ভূলুণ্ঠিত মানৱতা : মাৰ্ঘেৰিটাত ৪৮ ঘণ্টাত দুটিকৈ মৃত নৱজাতক উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 10:58 PM IST

infant murder in Margherita
মাৰ্ঘেৰিটাত ৪৮ ঘণ্টাত দুটিকৈ মৃত নৱজাতক উদ্ধাৰ (ETV Bharat Assam)

তিনিচুকীয়া, ৩০ জুলাই : পশুতকৈও অধম একাংশৰ কাণ্ড-কাৰাখানাত বাবে বাৰে বাৰে লজ্জিত হৈছে সভ্য মানৱ সমাজ । তাৰে এক উদাহৰণ মাৰ্ঘেৰিটাৰ এই ঘটনা । দেওবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ টিৰাপ নদীত এটি সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰ হয় ৷

শিশুটিৰ মৃতদেহটি আৰক্ষীয়ে উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলেও নোলাল কোনো তথ্য। উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই মঙলবাৰে বিয়লি পুনৰ মাৰ্ঘেৰিটাৰ নামদাঙত চাহ বাগিচাৰ নামটক নদীত উদ্ধাৰ হয় এটি নৱজাত কন্যাশিশুৰ মৃতদেহ ।

কোনো অবিবাহিত কিশোৰী নতুবা যুৱতীয়ে লোকলজ্জাৰ পৰাৰ হাত সাৰিবলৈয়েই জন্মৰ পিচতেই নৱজাত শিশুটিক নদীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ । মাৰ্ঘেৰিটা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.