ETV Bharat / health

প্ৰেম প্ৰকাশৰ মাধ্যমেই স্বাস্থ্যৰ পক্ষেও সমানে উপকাৰী চুমা - চুমা

Kiss Day 2024: কিছ ডে’ক ভেলেণ্টাইন উইকৰ আটাইতকৈ ৰোমান্টিক দিন বুলি গণ্য কৰা হয় । এই দিনটোত সংগীয়ে আনজনক সিজনক চুম্বন কৰি নিজৰ প্ৰেম প্ৰকাশ কৰে । কিন্তু চুমাৰ বহুতো স্বাস্থ্য উপকাৰিতাও আছে যাৰ বিষয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম-

Why is Kiss Day celebrated ? Do you know its health benefits ?
প্ৰেম প্ৰকাশৰ মাধ্যমেই স্বাস্থ্যৰ পক্ষেও সমানে উপকাৰী চুমা
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 1:53 PM IST

Updated : Feb 13, 2024, 7:58 AM IST

কিছ ডে’ ভেলেণ্টাইন সপ্তাহৰ সপ্তম দিনা অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীৰ দিনা উদযাপন কৰা হয়৷ কিছ ডে’ক ভেলেণ্টাইন উইকৰ আটাইতকৈ ৰোমান্টিক দিন বুলি গণ্য কৰা হয় ৷ এই দিনটোক বিশেষ কৰি তুলিবলৈ প্ৰেমিক যুগলে ইজনে আনজনক চুম্বন কৰি নিজৰ প্ৰেম প্ৰকাশ কৰে ৷ এই দিনটোত চুম্বন কৰিলে প্ৰেম গভীৰ হয় বুলিও কোৱা হয় ৷ এই দিনটোত সংগীয়ে ইজনে সিজনক চুম্বন কৰি প্ৰেম প্ৰকাশ কৰে ৷ চুম্বন কৰিলে প্ৰেম বৃদ্ধি হোৱাই নহয় ইজনে আনজনৰ প্ৰতি সন্মানো বৃদ্ধি পায় ৷ সেয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীততো কোৱা হৈছে যে-

"ৰূপহ কোঁৱৰৰ চুমাৰ পৰশতে

লাজুকী কুঁৱৰী মৰহি যায়"

বিশ্বাস কৰা হয় যে চুমাই যিকোনো দম্পত্তি, প্ৰেমিক যুগলৰ মাজত প্ৰেম আৰু অধিক গভীৰ কৰি তোলে ৷ প্ৰেমৰ আদান-প্ৰদানত চুমাই এক বিশেষ ভূমিকা পালন কৰে ৷ কিন্তু বহুলোকে হয়তো এই বিষয়ে জ্ঞাত নহয় যে চুম্বন কৰাৰ বহু স্বাস্থ্য উপকাৰিতাও আছে ৷ হয় আপুনি ঠিকেই পঢ়িছে তেন্তে পলম নকৰি আজিয়েই জানি লওক চুমাৰ উপকাৰিতাসমূহ-

ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে

আপুনি জানেনে যে চুমা আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? চুমাত মাত্ৰ ১০ ছেকেণ্ডতে ৮ কোটি ভাল বেক্টেৰিয়া স্থানান্তৰিত হয় ৷ এই বেক্টেৰিয়াবোৰ শৰীৰৰ বাবে অতি উপকাৰী, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হোৱাই নহয়, শৰীৰকো বহু ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷ চুম্বন কৰাৰ সময়ত শৰীৰত এড্ৰিনেলিন নামৰ হৰম’ন এটা উৎপন্ন হয়, যিটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী ৷ ই হৃদযন্ত্ৰক তেজ পাম্প কৰাত সহায় কৰে যাতে সমগ্ৰ শৰীৰত ভালদৰে তেজ চলাচল কৰিব পাৰে ৷ ইয়াৰ ফলত ৰক্তচাপ হ্ৰাস পায় আৰু শৰীৰত সঠিক ৰক্ত সঞ্চালন বজাই ৰাখে ৷

বেক্টেৰিয়া নিৰ্মূল কৰে

ইয়াৰ উপৰিও চুম্বন কৰাৰ সময়ত মুখত উৎপন্ন হোৱা লেলাউটি দাঁতৰ পৰা দাগ আঁতৰাই বেক্টেৰিয়া দূৰ কৰে ৷ এক মিনিট চুম্বন কৰিলে দুইৰ পৰা তিনি কেলৰি হ্ৰাস হয় ৷ ই কেৱল কেলৰি হ্ৰাস কৰাই নহয় শৰীৰৰ বিপাকীয় হাৰো বৃদ্ধি কৰে ৷

মেজাজ উন্নত কৰা

বিশ্বাস কৰা হয় যে, চুম্বন কৰিলে হৃদয় আৰু মন দুয়োটাই সুখী হয় ৷ এটা চুমাই কেৱল আপুনি কেৱল ডেকা হৈ থকাই নহয় প্ৰেমিক যুগলৰ মাজৰ দূৰত্বও আঁতৰাই পেলায়৷ চুমা খালে মানসিক চাপ আৰু উদ্বেগো কম হয়৷ ইয়াৰ উপৰিও চুমাই এজন ব্যক্তিৰ মেজাজ উন্নত কৰিব পাৰে ৷ সেইবাবেই ভেলেণ্টাইন উইকত কিছ ডে’ অতি গুৰুত্বপূৰ্ণ ৷ কোৱা হয় যে, নিয়মিতভাৱে ইজনে আনজনক চুমা খোৱাসকলে দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে সুস্থ হৈ থাকে ৷

লগতে পঢ়ক: Hug Dayত প্ৰিয়জনক কৰক আলিংগন: পাৰ্টনাৰক জনাওক আলিংগনৰ উপকাৰিতা-প্ৰয়োজনীয়তা

Last Updated : Feb 13, 2024, 7:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.