ETV Bharat / health

কেতিয়াবা ভাবি চাইছেনে এমাহ পিঁয়াজ নাখালে শৰীৰত কেনে ধৰণৰ প্ৰভাৱে দেখা দিব ? - avoid eating onions for a month

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 3:40 PM IST

Avoid eating onions for a month: যদি আপুনি এমাহৰ বাবে পিঁয়াজ নাখায়, কি হ’ব পাৰে বাৰু শৰীৰটোৰ ? বা দৈনিক পিঁয়াজ খোৱাটোৱে কি ধৰণে উপকাৰ সাধন কৰিছে স্বাস্থ্যৰ ? পিঁয়াজ অবিহনে খাদ্যত সোৱাদ হ’ব পাৰে বুলি বহুতেই ভাবিব নোৱাৰে । বহুসংখ্যক মানুহেই শাক-পাচলিত পিঁয়াজ ব্যৱহাৰ কৰে । পাকঘৰত ৰন্ধা প্ৰায় প্ৰতিবিধ ব্যঞ্জনতে পিঁয়াজ ব্যৱহাৰ কৰা হয় ৷ দৈনিক পিয়াঁজ খালে শৰীৰে বহুতো পুষ্টিকৰ উপাদান লাভ কৰে । তেনেক্ষেত্ৰত এমাহ পিঁয়াজ নাখালে শৰীৰত কি কি পৰিৱৰ্তন আহিব পাৰে জানো আহকচোন-

what will happen when you avoid eating onions for a month
পিঁয়াজ (ETV Bharat)

সমগ্ৰ বিশ্বতে পিঁয়াজৰ ব্যাপক ব্যৱহাৰ দেখিবলৈ পোৱা যায় ৷ পিঁয়াজ খাদ্যৰ এক গুৰুত্বপূৰ্ণ উপাদান । বিশেষজ্ঞসকলৰ মতে খাদ্যত পিঁয়াজ ব্যৱহাৰ কৰিলে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি হয় । শাক-পাচলিত নিয়মীয়াকৈ বহুতে পিঁয়াজ ব্যৱহাৰ কৰে প্ৰতিদিনে ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এমাহ পিয়াঁজ খোৱা বন্ধ কৰিলে কি হ’ব পাৰে ? পিঁয়াজ পৰিহাৰ কৰাটো শৰীৰৰ বাবে ভাল নে বেয়া ?

পিয়াঁজে শৰীৰক সুস্থ কৰি ৰাখে

আপুনি বিশ্বাস কৰিবনে এমাহ পিয়াঁজ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিলে কোষ্ঠকাঠিন্যৰ পৰা দৃষ্টিশক্তিলৈকে বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে ? জ্যেষ্ঠ খাদ্য বিশেষজ্ঞসকলৰ মতে পিঁয়াজত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে । শৰীৰক সুস্থ কৰি ৰখাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন বি ৬ আৰু লগতে ফ’লেট ৰোগ প্ৰতিৰোধ ক্ষমতা, কোষৰ বৃদ্ধি আৰু হজম শক্তিও বজাই ৰাখে । এলিচিন আৰু কুৱেৰচেটিনৰ দৰে প্ৰদাহ নিবাৰণকাৰী গুণৰ লগতে এন্টিঅক্সিডেন্ট আৰু কেন্সাৰ প্ৰতিৰোধী গুণো পিঁয়াজত পোৱা যায় । এইবোৰে অক্সিডেটিভ চাপ হ্ৰাস কৰাত সহায় কৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ।

যদি আপুনি এমাহৰ বাবে পিয়াঁজৰ পৰা আঁতৰি থাকে তেন্তে কি হ'ব ?

যদি আপুনি এমাহৰ বাবে পিয়াঁজ খোৱা বন্ধ কৰে, শৰীৰত কোনো ধৰণৰ ডাঙৰ পৰিৱৰ্তনে দেখা নিদিয়ে, কিন্তু বিশেষজ্ঞসকলে কয় যে কিছুমান সৰু পৰিৱৰ্তন আহিব হ'ব । পিয়াঁজত উচ্চ পৰিমাণৰ আঁহ থাকে, যি এক স্বাস্থ্যকৰ পাচন তন্ত্ৰৰ বাবে অত্যাৱশ্যকীয় । সেয়েহে, পিয়াঁজ পৰিহাৰ কৰিলে বদহজমৰ লগতে কোষ্ঠকাঠিন্য হ'ব পাৰে ।

ইয়াৰ বাহিৰেও, পিয়াঁজ নোখোৱাৰ ফলত ভিটামিন-চি, ভিটামিন-বি6 আৰু ফ’লেটৰ লগতে মেংগানিজ আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থৰ অভাৱ হয় যি ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰে । ফলস্বৰূপে, শৰীৰে ভাগৰ অনুভৱ কৰে, লোহিত ৰক্তকণিকা জমা হয় আৰু তেজ গোট মৰাৰ দৰে প্ৰতিকূল প্ৰভাৱ পৰে । সেয়েহে, বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে পিঁয়াজ সম্পূৰ্ণৰূপে বন্ধ কৰাতকৈ ইয়াক সীমিত পৰিমাণত খোৱাটো ভাল ।

ইয়াত আপোনাক দিয়া স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য আৰু পৰামৰ্শ কেৱল আপুনি বুজিবৰ বাবেহে । আমি বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰীৰ পৰামৰ্শৰ ভিত্তিত এই তথ্য প্ৰদান কৰিছো । কিন্তু, এইবোৰ কাৰ্যকৰী কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

লগতে পঢ়ক : ডায়েবেটিছ ৰোগীৰ বাবে খেজুৰ তিয়াই খোৱাটো উপকাৰী নে ? এটা ক্লিকতে জানি লওক - Benefits of Dates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.