ETV Bharat / health

গৰ্ভাৱস্থাৰ ৯ মাহত খাওক এই ৪বিধ খাদ্য: সুস্থ শৰীৰৰ গৰাকী হ’ব আপোনাৰ শিশু - Pregnancy Diet - PREGNANCY DIET

Pregnancy Diet: গৰ্ভাৱস্থাৰ নৱম মাহত মহিলাসকলে শিশুটিৰ স্বাস্থ্যৰ উন্নতি সাধনৰ বাবে নিজৰ খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত ৷ যদি জন্মৰ সময়ত শিশুটিৰ ওজন কম হৈ থাকে তেন্তে শিশুটিয়ে ভৱিষ্যতে এটি সুস্থ শৰীৰৰ গৰাকী হোৱাৰ পৰা বঞ্চিত হয় ৷ সেয়ে আজি আমি স্ত্ৰীৰোগ আৰু আইভিএফ বিশেষজ্ঞ ডাঃ শ্বোভা গুপ্তাৰ পৰা এই সন্দৰ্ভত বিতংভাৱে জানো আহক-

What To Eat To Make Baby Gain Weight While Pregnant In Assamese
গৰ্ভাৱস্থাৰ ৯ মাহত খাওক এই ৪বিধ খাদ্য: সুস্থ শৰীৰৰ গৰাকী হ’ব আপোনাৰ শিশু (CANVA)
author img

By ETV Bharat Health Team

Published : Aug 20, 2024, 5:15 PM IST

প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই বিচাৰে যে তেওঁৰ গৰ্ভত থকা শিশুটি সুস্থ তথা সবল হোৱাটো আৰু লগতে শিশুটিৰ মানসিক আৰু শাৰীৰিক বিকাশ সঠিক হোৱাটো ৷ এই আটাইবোৰ নিৰ্ভৰ কৰে শিশুটিৰ ওজনৰ ওপৰত

বহু সময়ত দেখা যায় যে গৰ্ভাৱস্থাত মাতৃয়ে বহুতো স্বাস্থ্যসন্মত বস্তু সেৱন কৰে ৷ ইয়াৰ পিছতো জন্মৰ সময়ত শিশুটিৰ ওজন কম হৈ থাকে ৷ আপোনাৰ শিশুটিৰ লগত এনে নহ’বলৈ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই নিজৰ খাদ্য তালিকাত কিছুমান বিশেষ বস্তু গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ, যাৰ ফলত শিশুৰ ওজনৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে ৷ বিশেষকৈ নৱম মাহত এনে ধৰণৰ খাদ্যাভ্যাস পালন কৰিব লাগে ৷

মনত ৰাখিব যে প্ৰতিগৰাকী মহিলাৰ বাবে এই সময়টোৱেই আটাইতকৈ জটিল ৷ এই সময়লৈকে শিশুৰ সকলো অংগ সম্পূৰ্ণৰূপে বিকশিত হয়, শিশুৰ গতিবিধি বৃদ্ধি পায় আৰু আন ত্ৰিমাসিকৰ তুলনাত এই সময়ছোৱাত তেওঁক অধিক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় ৷ সেয়ে আজি এই প্ৰতিবেদনৰ আমি আপোনালোকক স্বাস্থ্যসন্মত খাদ্যৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ টিপছৰ বিশয়ে ক’বলৈ ওলাইছো ৷ এই সন্দৰ্ভত আজি আমি স্ত্ৰীৰোগ আৰু আইভিএফ বিশেষজ্ঞৰ ডাঃ শ্বোভা গুপ্তাৰ পৰা কিছু গুৰুত্বপূৰ্ণ কথা জানিবলৈ চেষ্টা কৰো আহক-

গৰ্ভাৱস্থাৰ নৱম মাহত মহিলাসকলে খাদ্য তালিকাত কেনে খাদ্য অন্তৰ্ভুক্ত কৰা উচিত ?

খাদ্যত শুকান ফল আৰু বাদাম অন্তৰ্ভুক্ত কৰক

প্ৰতিগৰাকী মহিলাই গৰ্ভাৱস্থাৰ নৱম মাহত শুকান ফল আৰু বাদাম গ্ৰহণ কৰাটো উচিত ৷ অৱশ্যে সীমিত পৰিমাণত গ্ৰহণ কৰিলেহে লাভজনক ৷ শুকান ফল আৰু বাদামত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন ই প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ কাঠবাদামৰ কথা ক’বলৈ গ’লে ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু মনোচেচুৰেটেড ফেট পোৱা যায়, যিয়ে গৰ্ভাৱস্থাৰ সময়ত শিশুৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ একে সময়তে পিস্তা শিশুৰ পেশীৰ বিকাশৰ বাবে খুবেই লাভদায়ক ৷ আনহাতে, কাজু বাদাম আইৰণৰ ভাল উৎস ৷ ইয়াত কেলচিয়াম আৰু মেগনেছিয়ামো পোৱা যায়, যাৰ ফলত গাঁঠি আৰু হাড় মজবুত হয় ৷

খাদ্যত এভোকেডো অন্তৰ্ভুক্ত কৰক

গৰ্ভাৱস্থাৰ ৯ম মাহত এভোকেডো সেৱন কৰাটোও শিশুৰ স্বাস্থ্যসন্মত ওজনৰ বাবে ভাল বুলি বিবেচিত হয় ৷ দৰাচলতে নৱম মাহত এগৰাকী গৰ্ভৱতী মহিলাক অতিৰিক্ত কেলৰিৰ প্ৰয়োজন হয় ৷ এভোকেডো তেনেই এবিধ ফল য’ত ভিটামিন চি, ফ’লেট আৰু ভিটামিন বি ৬ থাকে ৷ ইয়াৰ উপৰিও ইয়াত অতিৰিক্ত কেলৰিও থাকে, যিয়ে ওজন বৃদ্ধিত সহায় কৰিব পাৰে ৷ কিন্তু গৰ্ভাৱস্থাৰ প্ৰাৰম্ভিক অৱস্থাতো ইয়াক সেৱন কৰিব পাৰে ৷ ইয়াত থকা চৰ্বিয়ে ভ্ৰূণৰ বিকাশত সহায় কৰে ৷

খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰক

গৰ্ভাৱস্থাৰ নৱম মাহত মহিলাসকলে বিভিন্ন প্ৰকাৰৰ ফল-মূল সেৱন কৰিব লাগে ৷ বিশেষকৈ কিৱি, কল, ষ্ট্ৰবেৰী আদি ফলৰ সহায়ত কেৱল গৰ্ভৱতী মহিলাৰ স্বাস্থ্য উন্নত হোৱাই নহয়, শিশুৰ স্বাস্থ্যসন্মত ওজন বৃদ্ধিতো সহায় কৰে ৷ জনাই দিও যে, ফল-মূলত বহু ধৰণৰ ভিটামিন পোৱা যায় ৷ এই ভিটামিনবোৰ শিশুৰ বৃদ্ধিৰ বাবে খুবেই উপযোগী ৷ আনকি ইয়াৰ সহায়ত মহিলাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়, যাৰ ফলত শিশুটি বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পাৰে ৷

খাদ্যত বিভিন্ন ধৰণৰ দালি অন্তৰ্ভুক্ত কৰক

যদি কোনো গৰ্ভৱতী মহিলাই নৱম মাহত অনুভৱ কৰে যে তেওঁৰ শিশুটিৰ ওজন কম, তেন্তে তেওঁৰ খাদ্য তালিকাত বিভিন্ন ধৰণৰ দালি অন্তৰ্ভুক্ত কৰাটো উচিত ৷ মচুৰ দাইল হৈছে আইৰণ আৰু প্ৰ’টিনৰ এক উৎকৃষ্ট উৎস ৷ ইয়াত আঁহ, ফ’লেট আৰু কেলচিয়ামো পোৱা যায় ৷ আনকি দালিও জিংকৰ ভাল উৎস, যিয়ে প্ৰসৱৰ লগত জড়িত সমস্যা আৰু বিপদ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ বিশেষজ্ঞসকলৰ মতে, গৰ্ভস্থ শিশুটিৰ সুস্থ ওজনৰ বাবে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই নৱম মাহত পৰ্যাপ্ত পৰিমাণে দালি খাব কৰিব লাগে ৷

লগতে পঢ়ক: গৰ্ভাৱস্থাত কেতিয়াও নহয় গেছৰ সমস্যা, অনুসৰণ কৰক এই টিপছ - Acidity in Pregnancy

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.