গ্ৰীষ্মকালত হয়তো সকলোৱেই ক'লা জামুৰ সোৱাদ লৈ ভাল পায় ৷ ক'লা জামু আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ৷ ইয়াত কেলচিয়াম, পটাছিয়াম, আইৰণ, ভিটামিনৰ দৰে বহু পুষ্টিকৰ উপাদান থাকে ৷ কেৱল জামুৱেই নহয়, ইয়াৰ গুটিবোৰো স্বাস্থ্যৰ পক্ষে খুব উপকাৰী ৷ জামুৰ গুটি প্ৰকৃততে একপ্ৰকাৰৰ ঔষধস্বৰূপ ৷ গৱেষণাত প্ৰমাণ হোৱা মতে, ইয়াত এন্থোচাইনিন থাকে ৷ যিয়ে কৰ্কট ৰোগ আৰু হৃদৰোগৰ পৰা আমাক সুৰক্ষা দিয়াত সহায়ক হয় ৷ জামুগুটিৰ আচৰিত গুণাগুণৰ বিষয়ে আজি জানো আহক-
ওজন হ্ৰাস
জামুৰ গুটি খাই আপুনি ওজন হ্ৰাস কৰিব পাৰে ৷ পুৱা উঠি দৈনিক এক চামুচ ক'লা জামু পাউডাৰ খালে পেটৰ চৰ্বি হ্ৰাস হয় ৷ ই আপোনাক স্বাস্থ্যৱান কৰি ৰখাতো সহায় কৰে ৷
ছালৰ উজ্জ্বলতা
ছালৰ পৰা শালমইনা আৰু দাগ আঁতৰ কৰাত জামু গুটি খুবেই কাৰ্যকৰী ৷ ইয়াক মুখত ব্যৱহাৰ কৰিবলৈ জামু গুটিৰ পাউডাৰত পানী মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰিব ৷ ৰাতি মুখত ইয়াক প্ৰয়োগ কৰি পুৱা ধুই পেলাব ৷
ডায়েবেটিছ ৰোগ
জামুৰ গুটি আচলতে ডায়েবেটিছৰ ঔষধ ৷ ইয়াত কাৰ্ব, প্ৰ'টিন, চৰ্বি, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, গালিক এচিড আদি উপাদান থাকে ৷ যাক আয়ুৰ্বেদিক ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ৷
পাচনতন্ত্ৰ
জামুৰ লগতে ইয়াৰ গুটি খালে ই পাচনতন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে ৷ জামু গুটিৰ পাউডাৰ খাই গেছ, এচিডিটি, পেটৰ বিষ আৰু বদহজমৰ দৰে সমস্যাৰ পৰা মিনিটতে সকাহ পাব পাৰি ৷
উচ্চ ৰক্তচাপ
আজিৰ সময়ত ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো মানুহৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে ৷ কিন্তু জামুৰ গুটি খোৱাটোৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত আপোনাক এশ শতাংশই সহায় কৰিব পাৰে ৷
কৰ্কট ৰোগ
জামুৰ গুটিত পোৱা পলিফেনলৰ দৰে ফাইটোকেমিকেলবোৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াত অত্যন্ত উপকাৰী ৷ ইয়াত এন্থো চাইনিন থাকে, যিয়ে কৰ্কট ৰোগ আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে ৷
কিদৰে প্ৰস্তুত কৰিব জামু গুটিৰ গুড়ি ?
জামু খাই গুটিখিনি এটা পাত্ৰত সংগ্ৰহ কৰি ভালদৰে ধুই ল’ব ৷ তাৰ পিচত ৩-৫ দিন ৰ'দত ভালদৰে শুকুৱাই ল’ব ৷ যেতিয়া গুটিখিনি ভালদৰে শুকায়, তেতিয়া গুড়ি প্ৰস্তুত কৰি কাঁচৰ বটলত ভৰাই থ’ব আৰু দৈনিক খালী পেটত কুহুমীয়া পানীৰ সৈতে এচামুচ ইয়াৰ গুড়ি খাব ৷
লগতে পঢ়ক: মাত্ৰ ১০০ গ্ৰাম জামুৱে আপোনাৰ স্বাস্থ্যক দিব বহুখিনি লাভ - Jamun Benefits