ETV Bharat / health

আপোনাৰ জিভাৰ ৰঙেৰে জানক আপোনাৰ স্বাস্থ্যৰ বিষয়ে - Tongue color

author img

By ETV Bharat Health Team

Published : Aug 21, 2024, 4:43 PM IST

Tongue color: এজন সুস্থ ব্যক্তিৰ জিভা সাধাৰণতে পাতল গোলাপী ৰঙৰ দেখা যায় আৰু ইয়াৰ ওপৰত পাতল বগা আৱৰণ থাকিব পাৰে । সাধাৰণ জিভা এখন মসৃণ, সমতল আৰু সৰু সৰু দানাৰে আবৃত হ’ব লাগে ৷ যদি আপোনাৰ জিভাখন বেলেগ দেখা যায় তেন্তে ই স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে ।

What Does Your Tongue Color Say About Your Health ?
আপোনাৰ জিভাৰ ৰঙেৰে জানক আপোনাৰ স্বাস্থ্যৰ বিষয়ে (CANVA)

আপোনাৰ জিভাৰ ৰং আৰু আকৃতিয়ে আপোনাৰ স্বাস্থ্যৰ বিষয়ে গুৰুত্বপূৰ্ণ সূত্ৰ দিব পাৰে ৷ সুস্থ জিভা সাধাৰণতে শেঁতা গোলাপী ৰঙৰ দেখা যায় আৰু ইয়াৰ আৱৰণ সামান্য বগা হ’ব পাৰে ৷ এই স্তৰটো কেৰাটিন নামৰ সুৰক্ষামূলক প্ৰ’টিনেৰে গঠিত যিয়ে খাদ্য খোৱাৰ সময়ত ক্ষতি ৰোধ কৰাত সহায় কৰে ৷ স্বাভাৱিক জিভা মসৃণ, সমতল আৰু পেপিলা নামৰ সৰু সৰু দানাৰে আবৃত হ’ব লাগে ৷ এই দানাসমূহে সোৱাদ লোৱা, খাদ্য গিলা, উষ্ণতা আৰু স্পৰ্শ অনুভৱ কৰাত বিশেষ ভূমিকা পালন কৰে ৷

যদি আপোনাৰ জিভাখন ওপৰত উল্লেখ কৰাতকৈ কিছু পৃথক দেখা যায়, তেন্তে ই স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে আজি এই বিষয়ে জানো আহক-

মাটীয়া বা ক'লা ৰঙৰ জিভা: ই "Black Hairy Tongue"ৰ লক্ষণ হ'ব পাৰে, য'ত পেপিলা দীঘলীয়া হৈ বেক্টেৰিয়া আৰু ৰঞ্জক পদাৰ্থক আৱদ্ধ কৰি লয় ৷ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, ধূমপান, কফি বা ক’লা চাহ অত্যধিক সেৱন, আৰু কিছুমান ঔষধৰ বাবে এই অৱস্থাই দেখা দিব পাৰে ৷

ডাঠ বগা দাগ: এইবোৰ থ্ৰাছ নামৰ ইষ্ট সংক্ৰমণৰ লক্ষণ হ’ব পাৰে, যিটো ডায়েবেটিছ, এইচ আই ভি, এন্টিবায়টিক ব্যৱহাৰ বা মুখ শুকান আদি অৱস্থাৰ ফলত হ’ব পাৰে ৷ বগা দাগে কেতিয়াবা মুখৰ কৰ্কট ৰোগৰ ইংগিত দিব পাৰে ৷

উজ্জ্বল ৰঙা জিভা: ই ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ বা স্কাৰলেট জ্বৰৰ দৰে সংক্ৰমণৰ লক্ষণ হ’ব পাৰে ৷ ইফালে সিফালে ঘূৰি ফুৰা উজ্জ্বল ৰঙা দাগবোৰ ভৌগোলিক জিভা নামৰ বিপদজনক অৱস্থাৰ লক্ষণ হ’ব পাৰে ৷

বিষাক্ত ঘা: ৰঙা বা হালধীয়া ঘাঁ, থ্ৰাছ বা বিৰল ক্ষেত্ৰত মুখৰ কেন্সাৰ হ’ব পাৰে ৷

মুখৰ পৰিষ্কাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয় ৷ দাঁতৰ লগতে জিভা ব্ৰাছ কৰি বেক্টেৰিয়া আৰু মল আঁতৰাই পেলাওক ৷ যদি আপুনি কোনো চিন্তনীয় পৰিৱৰ্তন লক্ষ্য কৰে, বিশেষকৈ যদি আন লক্ষণ যেনে জ্বৰ বা ডিঙিৰ বিষ দেখা যায়, তেন্তে চিকিৎসক বা দন্ত চিকিৎসকৰ পৰামৰ্শ লৈ ভালদৰে পৰীক্ষা কৰক ৷

লগতে পঢ়ক: Tongue Taste Change: হঠাৎ জিভাৰে সোৱাদ নোপোৱা হ’লে আওকাণ নকৰিব; হ’ব পাৰে এইসমূহ ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.