ETV Bharat / health

হোলীৰ ৰঙৰ পৰা কি কি ৰোগ হ'ব পাৰে ? - Harmful Side Effects Of Holi Colors - HARMFUL SIDE EFFECTS OF HOLI COLORS

Doctor Advice: হোলীৰ পিচত হোলীৰ ৰঙৰ পৰা নানান ধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে ? হোলীৰ পিচত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? এই সম্পৰ্কে জনালে চিকিৎসক ৰুণজুন টেৰংপীয়ে ৷

Doctor Advice
হোলীৰ ৰঙৰ পৰা কি কি ৰোগ হ'ব পাৰে ?
author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 6:49 PM IST

চিকিৎসক ৰুণজুন টেৰংপী

গুৱাহাটী, 27 মাৰ্চ: হোলীৰ ৰঙৰ পৰা বা হোলীৰ পিচত মানুহৰ ছালৰ পৰা আৰম্ভ কৰি নানান ধৰণৰ ৰোগ হ'ব পাৰে ৷ কেৱল এয়াই নহয়, কিছুমান ৰঙে আপোনাৰ ছালখন নষ্টও কৰিব পাৰে ৷

হোলী খেলত প্ৰায়ভাগ লোকে অংশগ্ৰহণ কৰে আৰু ইয়াৰ ভিতৰত কিছুমানৰ আনন্দৰ মাজতে বিষাদো দেখা যায় ৷ হোলীৰ ৰঙত মিহলি ধূলিৰ লগতে ৰাসায়নিক দ্ৰব্য ছালৰ লগতে ভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ৷ এনে পৰিস্থিতিত ছালখন সুস্থ কৰি ৰাখিবলৈ হোলীৰ সময়ত কিছুমান বিশেষ ক্ষেত্ৰত গুৰুত্ব দিয়াটো খুবেই জৰুৰী ৷

হোলীৰ ৰঙৰ বাবে প্ৰদূষণো বাঢ়ে ৷ লগতে ছালৰো বহু সমস্যাই দেখা দিয়ে ৷ ছালত গুটি গুটি উঠাৰ দৰে হ'ব পাৰে ৷ লগতে এলাৰ্জিৰ সমস্যাও হোৱা দেখা যায় ৷ ছালখন খজুৱাই বা সৰু সৰু গুটি উঠা দেখা যায়, ছালখন ৰঙা পৰি যায় ৷ কেতিয়াবা পানীৰ টেমুনাৰ নিচিনা সৃষ্টি হোৱাও দেখা যায় ৷ চুলিৰো সমস্যা সৃষ্টি হ'ব পাৰে ৷ হোলীৰ ৰঙৰ বাবে চুলিৰ সৌন্দৰ্য হ্ৰাস হোৱাৰ লগতে চুলিবোৰ ছিগি যাব পাৰে বা ব্যাপক মাত্ৰাত সৰিব পাৰে ৷ হোলীৰ ৰং যদি কেনেবাকৈ চকুত সোমাই তেন্তে চকুৰো সমস্যা সৃষ্টি হ'ব পাৰে ৷ এজমাৰ সমস্যা থকা ৰোগী সকলৰো ফাকুৱাৰ ৰঙৰ পৰা উশাহ-নিশাহৰ সমস্যা হ'ব পাৰে ৷

হোলীৰ সময়ত খোৱা খাদ্যৰ বাবেও ৰোগৰ সৃষ্টি হ'ব পাৰে ৷ কাৰণ হোলীৰ সময়ত ভিন্ন ধৰণৰ মছলাযুক্ত বা ভজা খাদ্যৰ বাবে পেটৰ বেমাৰো হ'ব পাৰে ৷ সেয়ে চিকিৎসকে কয় যে, খাদ্য খাওঁতে সাৱধান হ'ব লাগে ৷ সময়মতে পানী খাই থাকিব লাগে ৷ ফল-মূল আদিও সময়মতে খাই থাকিব লাগে ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত আপুনি নাৰিকল খায়নে ? - Nutrition Benefits Of Coconut

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.