বাৰিষাই সকলোৰে বাবে সকাহ আৰু সতেজতা কঢ়িয়াই আনে যদিও এই বতৰেও কিছু স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰিব পাৰে ৷ বিশেষকৈ বানপানীৰ ফলত ঠায়ে ঠায়ে পানী জমা হ’বলৈ আৰম্ভ কৰে যাৰ ফলত বিভিন্ন ৰোগৰ সূত্ৰপাত ঘটে আনহাতে ঘৰৰ আশে-পাশে জমা হোৱা পানীৰ ফলত ডেংগু, মেলেৰিয়া আদি ৰোগেও এক ভয়াৱহতাৰ সৃষ্টি কৰে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ NIHএ কৰা এক গৱেষণাত বাৰিষাকালত জমা হোৱা পানীৰ পৰা বিভিন্ন মাৰাত্মক ৰোগৰ সূত্ৰপাত ঘটাৰ বিষয়ে জানিবলৈ দিয়ে বিশেষকৈ ভাৰতবৰ্ষৰ কলকাতাত ইয়াৰ ফলত প্ৰতিবছৰে কিমান লোক আক্ৰান্ত হয় ইয়াৰো এক গৱেষণাৰ দ্বাৰা জানিবলৈ দিয়ে ৷ কেৱল কলকাতাই নহয় প্ৰতিবছৰে হোৱা অসমৰ কৃত্ৰিম বানপানীৰ ফলতো বহুলোক বিভিন্ন ৰোগৰ কবলত পৰিবলগীয়া হয় ইয়াৰ ভিতৰত বহুতৰে উন্নত চিকিৎসা লাভ নকৰাৰ ফলত মৃত্যুও হোৱা দেখা যায় ৷
সেয়ে বাৰিষাৰ সময়ত যদি ৰোগৰ আশংকা যদি বৃদ্ধি পায় তেন্তে ইয়াক প্ৰতিৰোধৰ বাবে আমি কেনেধৰণৰ ব্যৱস্থা কৰা উচিত আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
১/ ডেংগু আৰু মেলেৰিয়া
বাৰিষা কালত পানী জমা হোৱাৰ ফলত ডেংগু, মেলেৰিয়াৰ দৰে ৰোগ বিয়পি পৰাৰ আশংকা বাঢ়ি যায় ৷ এই ৰোগবোৰ মহৰ দ্বাৰা বিয়পে, মহে জমা হৈ থকা পানীত কণী পাৰে ৷ ঘৰৰ আশে-পাশে বা টায়াৰ, নাৰিকলৰ খোলা আদিত পানী জমা হৈ থাকিলে মহে প্ৰজনন কৰিব পাৰে, যাৰ ফলত এই ৰোগৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ইয়াৰ প্ৰতিৰোধৰ বাবে পানী ভৰোৱা ঠাইবোৰ নিয়মিতভাৱে পৰিষ্কাৰ কৰাৰ লগতে আঁঠুৱা ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় ৷
২/ পানীৰ দ্বাৰা সংক্ৰিমত বা সোঁচৰা ৰোগ
বাৰিষাৰ সময়ত পানী জমা হ’লে পানীৰ দ্বাৰা সংক্ৰিমত বা সোঁচৰা ৰোগ যেনে কলেৰা, টাইফয়েড, জণ্ডিচৰ সম্ভাৱনাও বৃদ্ধি পায় ৷ যেতিয়া পানী লেতেৰা হৈ পৰে আৰু তাত বেক্টেৰিয়া আৰু ভাইৰাছ বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া এই পানী খালে বা ইয়াৰ সংস্পৰ্শলৈ আহিলে আপুনি পানীৰ দ্বাৰা সংক্ৰিমত বা সোঁচৰা ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ এই ৰোগ প্ৰতিৰোধৰ বাবে পানী উতলাইহে খোৱা উচিত আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷
৩/ ভেঁকুৰৰ সংক্ৰমণ
প্ৰচণ্ড বৰষুণৰ পিছত ঘৰৰ চাৰিওফালে পানী কটা আৰু অত্যধিক আৰ্দ্ৰতাই ভেঁকুৰৰ সংক্ৰমণৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰে ৷ বিশেষকৈ উফি, এথলীট ফুটৰ দৰে ভেঁকুৰৰ সংক্ৰমণৰ সমস্যা ছালত উদ্ভৱ হ’ব পাৰে ৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে আৰু লগে লগে বৰষুণত তিতা কাপোৰ সলনি কৰাটো উচিত লগতে এই সময়ত কাপোৰ-কানিবোৰ ভালদৰে পৰিষ্কাৰ কৰিব পৰিধান কৰা উচিত৷
৪/ শ্বাস-প্ৰশ্বাসজনিত সমস্যা
যদি আপোনাৰ অঞ্চলৰ চাৰিওফালে দীৰ্ঘদিন ধৰি লেতেৰা পানী জমা হৈ থাকে তেন্তে ইয়াৰ পৰা প্ৰচণ্ড গোন্ধ ওলাবলৈ আৰম্ভ কৰে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ’ব পাৰে ৷ সেয়েহে ৰোগৰ পৰা হাত সাৰিবলৈ যিমান পাৰি সোনকালে পানী জমা হোৱা ঠাইখিনি পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক ৷