ETV Bharat / health

পঞ্চমুখী হনুমানক পূজা কৰিলে লাভ কৰিব এইসমূহ ফল - Astro Tips

Astro Tips: পঞ্চমুখী হনুমানৰ আবিৰ্ভাৱ কেনেকৈ আৰু কিয় হৈছিল ? পঞ্চমুখী হনুমানৰ পূজা কৰিলে আমি কি ফল পাব পাৰো ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 9:56 AM IST

Astro tips
পঞ্চমুখী হনুমানক পূজা কৰিলে আমি কি ফল পাব পাৰো ? (ETV BHARAT ASSAM)
জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা (ETV BHARAT ASSAM)

গুৱাহাটী, 15 মে’: ৰাম-ৰাৱণৰ যেতিয়া যুদ্ধ হৈছিল সেই সময়ত হনুমানে ৰামক যুদ্ধত সহায় কৰিছিল ৷ যুদ্ধৰ সময়ত ৰাৱণে নিজৰ পৰাজয় নিশ্চিত দেখি ভাতৃ অৰ্থাৎ অহি ৰাৱণৰ সহায় বিচাৰিছিল ৷ সেইসময়ত অহি ৰাৱণে বাস কৰিছিল পাতালত ৷ সেয়ে ভাতৃ ৰাৱণৰ নিৰ্দেশ অনুসৰি অহি ৰাৱণে ৰাম আৰু লক্ষ্মণক বেহুচ কৰি পতালত বন্দী কৰি ৰাখিছিল ৷ ৰাম-লক্ষ্মণক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছিল বজৰংগবলী হনুমান ৷ হনুমানে পাতাললৈ গৈছিল আৰু ৰাম-লক্ষ্মণক বিচাৰি উলিয়াইছিল ৷

অহি ৰাৱণে লাভ কৰা বৰদান অনুসৰি সেই স্থানত অৰ্থাৎ পাতালৰ চাৰিওদিশে চাৰিটা চাকি যেতিয়ালৈ জ্বলি থাকিব তেতিয়ালৈ অহি ৰাৱণক কোনেও বধ কৰিব নোৱাৰিব ৷ অহি ৰাৱণক বধ কৰিবলৈ হ'লে একে সময়তে সেই চাৰিও গছি চাকি একেলগে একেসময়তে নুমুৱাব লাগিব ৷ সেয়ে অহি ৰাৱণক বধ কৰিবলৈ সেই সময়ত হনুমানে পঞ্চমুখী হনুমানৰ ৰূপ ধাৰণ কৰিছিল ৷ হনুমানৰ মুখ পূৱ দিশে হৈ লগতে তেওঁ গৰুড়, বৰাহ, হয়গ্ৰীৱ আৰু নৰসিংহ মুখ তেওঁ ধাৰণ কৰি একে সময়তে চাৰিগছি চাকি জ্বলাই অহি ৰাৱণক বধ কৰিছিল আৰু ৰাম-লক্ষ্মণক তাৰ পৰা উদ্ধাৰ কৰিছিল ৷

পঞ্চমুখী হনুমানক পূজা কৰিলে কি ফল লাভ কৰা যায় ?

পঞ্চমুখী হনুমানক পূজা কৰিলে চাৰিওদিশৰ পৰা আহিব পৰা সমস্যাসমূহৰ লগত মুখামুখি হোৱাৰ লগতে তাৰ পৰা মুক্তি পাব পৰা যায় ৷ অহি ৰাৱণক বধ কৰাৰ সময়ত হনুমানে ধাৰণ কৰা পঞ্চমুখক শ্ৰী বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয় ৷ সেয়ে পঞ্চমুখী হনুমানক পূজা কৰিলে একেলগে শিৱ, বিষ্ণু আৰু হনুমানৰ সন্মিলিত শক্তিক পূজা কৰা হয় বুলি কোৱা হয় ৷

ঘৰৰ পৰা নেতিবাচকতা আঁতৰাবলৈ, বিবাহৰ বাধা আঁতৰাবলৈ তথা শত্ৰুৰ বাধা আঁতৰোৱাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ পঞ্চমুখী হনুমানক পূজা কৰিলে ভাল ফলাফল লাভ কৰা যায় ৷ যদি ঘৰৰ দক্ষিণ দিশত পঞ্চমুখী হনুমানৰ ফটো লগোৱা হয় তেন্তে তেনে লোকৰ বাবে যথেষ্ট শুভফলদায়ী বুলি গণ্য কৰা হয় ৷

লগতে পঢ়ক: বৃষ ৰাশিত সূৰ্যৰ প্ৰৱেশ; সাৱধান হ’ব লাগিব এইকেইটা ৰাশিৰ জাতক-জাতিকা - SUN TRANSIT IN TAURUS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.