ETV Bharat / health

পটলৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানি লওক - পটলৰ উপকাৰিতা

pointed gourd Benefits: পটল হৈছে উচ্চ আঁহযুক্ত পাচলি যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে । পটলে হৃদযন্ত্ৰ সুস্থ কৰি ৰখা আৰু ওজন কমোৱাতো সহায় কৰে । পটল খোৱাৰ উপকাৰিতা জানি লওক এই প্ৰতিবেদনত ।

What are the benefits of eating Parwal?
পটলৰ উপকাৰিতা
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 1:56 PM IST

বৰ্তমান সময়ত বজাৰত ধুনীয়া ধুনীয়া সেউজীয়া পাচলি সহজেই পাব ৷ অৱশ্যে এই বতৰত এটা বিশেষ পাচলিও পাব, যাৰ নাম হৈছে পটল ৷ বেছিভাগ মানুহেই পটল খাই ভাল পায় । পটলৰ ভাজি বা আঞ্জা বনাই খোৱা হয় । পটলত ভিটামিন এ, ভিটামিন বি ১, ভিটামিন বি ২ আৰু ভিটামিন চি ভাল পৰিমাণে থাকে । পটল কেৱল এটা পাচলিয়ে নহয়, ই বহু ৰোগৰ বাবেও মহৌষধ ৷ ডায়েবেটিছ ৰোগীৰ বাবেও পটল উপকাৰী বুলি বিবেচিত হৈছে । পটল খালে তেজত শৰ্কৰা হ্ৰাস পোৱাত সহায় হয় । পটলত কোনবোৰ গুণ পোৱা যায় আৰু ইয়াৰ কি কি উপকাৰিতা আছে জানি লওক ?

পটল খোৱাৰ উপকাৰিতা

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী- পটল ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় । পটল খালে তেজত চেনিৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে আৰু শৰীৰৰ ফুলাও কমি যায় ।

পেটৰ বাবে উপকাৰী- পটল খালে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হয় । পটলত প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ আঁহ থাকে যিয়ে হজম শক্তি শক্তিশালী কৰে । ভাল পৰিমাণৰ আঁহ থকাটোৱেও কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে । গেষ্ট্ৰাইটিছ ডিছঅৰ্ডাৰতো পটল খোৱাটো উপকাৰী ।

ওজন কমোৱাত সহায় কৰে- পটল এনে এবিধ পাচলি যাৰ কেলৰি আৰু চৰ্বি কম থাকে । ওজন কমাবলৈ পটল ব্যৱহাৰ কৰিব পাৰি । ইয়াত পোৱা আঁহৰ উপাদানে ওজন হ্ৰাসৰ যাত্ৰা সহজ কৰি তোলে আৰু ইয়াক খালে দীৰ্ঘসময়লৈকে ভোক অনুভৱ নকৰে ।

হৃদযন্ত্ৰৰ বাবে উপকাৰী- পটল হৃদযন্ত্ৰৰ বাবেও উপকাৰী পাচলি । ইয়াত পোৱা এন্টিঅক্সিডেন্ট আৰু পলিফিনলে অক্সিডেটিভ চাপ হ্ৰাস কৰে । পটলত পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: সুস্থ চুলিৰ বাবে শ্বেম্পু, কণ্ডিচনাৰৰ উপৰিও খাদ্যৰ তালিকাত যোগ কৰক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.