ETV Bharat / health

স্বাস্থ্যৰ বহু সমস্যাৰ সমাধান লুকাই আছে এই পানীত - Copper Vessels

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 6:57 PM IST

Copper Vessels: সাধাৰণতে বহুলোকে তামৰ পাত্ৰত পানী খায় ৷ কিন্তু ইয়াৰ আচল উপকাৰিতাসমূহৰ বিষয়ে খুব কম সংখ্যক লোকেহে জানে ৷ সেয়ে আজি আমি তামৰ পাত্ৰত পানী খালে আমাৰ স্বাস্থ্যই কেনেধৰণৰ উপকাৰিতা লাভ কৰে জানিবলৈ চেষ্টা কৰো আহক-

Benefits of drinking water in copper vessels
স্বাস্থ্যৰ বহু সমস্যাৰ সমাধান লুকাই আছে এই পানীত (ETV Bharat)

তামৰ পাত্ৰত পানী খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী ৷ এই পানীৰ বেক্টেৰিয়া আৰু ভাইৰাছ ধ্বংস কৰাৰ ক্ষমতা আছে, যাৰ ফলত ই পৰিস্কাৰ আৰু বিশুদ্ধ হৈ পৰে ৷ এই পানী খালে স্বাস্থ্যৰ সমস্যাবোৰ দূৰ হোৱাৰ লগতে শৰীৰলৈ সতেজতা আৰু শক্তি আনে ৷ আজি তামৰ পাত্ৰত থকা পানী খোৱাৰ লাভালাভৰ বিষয়ে জানো আহক-

হজম শক্তি উন্নত

তামৰ পাত্ৰত ৰখা পানীয়ে হজম শক্তি উন্নত কৰে ৷ ই পাকস্থলীৰ ৰোগ আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়াত সহায় কৰে ৷

ওজন নিয়ন্ত্ৰণ

এই পানী চৰ্বি দ্ৰৱীভূত কৰাৰ ক্ষমতা আছে ৷ সেয়েহে, তামৰ পাত্ৰত খোৱা পানীয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷ তামে বিপাকৰ স্তৰ বৃদ্ধি কৰে, যি শৰীৰৰ কেলৰি দ্ৰুততাৰে হ্ৰাস কৰাত সহায় কৰে ৷

হাড়ৰ শক্তি

তামৰ পাত্ৰত থকা পানীয়ে হাড় শক্তিশালী কৰাতো সহায় কৰে ৷ ই হাড়ত কেলচিয়াম বৃদ্ধি কৰে, যি হাড় আৰু গাঁঠি স্বাস্থ্যৱান কৰি ৰাখে ৷

শৰীৰৰ প্ৰদাহ হ্ৰাস

এই পানীয়ে শৰীৰৰ প্ৰদাহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ যি আৰ্থ্ৰাইটিছ আৰু অন্যান্য প্ৰদাহজনিত সমস্যাৰ বাবে উপকাৰী হ'ব পাৰে ৷

চুলি-ছালৰ বাবে উপকাৰী

এই পানীয়ে ছাল উজ্জ্বল আৰু চুলি শক্তিশালী কৰে ৷ তদুপৰি ই ছালৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে ৷

তামৰ পাত্ৰত থকা পানীয়ে স্বাস্থ্যৰ বহু উপকাৰ কৰে যদিও ইয়াৰ অপকাৰী গুণাগুণো আছে ৷ সেইসমূহ হৈছে-

১) যদি পানী তামৰ পাত্ৰত অত্যাধিক দীঘলীয়া সময়ৰ বাবে ৰখা হয় বা অত্যাধিক পানী খোৱা হয়, ই শৰীৰত তামৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে ৷

২) তামৰ পাত্ৰত থকা পানী অত্যাধিক পৰিমাণে খালে ই যকৃতৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে ৷

৩) কিছুমান লোকৰ তামৰ প্ৰতি এলাৰ্জি থাকিব পাৰে ৷ এনে পৰিস্থিতিত তামৰ পাত্ৰত খোৱা পানী তেওঁলোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷

লগতে পঢ়ক: তামৰ বাচন ব্যৱহাৰ কৰাৰ পূৰ্বে জানি লওক এইসমূহ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.