বৰষুণ বহুতৰে প্ৰিয়, বহুতৰে অপ্ৰিয় ৷ বৰষুণ বুলিলেই মনলৈ আহে দুটা পৃথক দৃশ্য, এফালে মনত পৰে গৰম চাহ আৰু পকৰীলৈ, বতাহৰ সৈতে দেহ-মুখত ছিটিকি পৰা এটোপ দুটোপ টোপালৰ সতেজ আমেজলৈ ৷ আনফালে আকৌ মনলৈ আহে ৰাস্তাত জমা হোৱা পানী খচকি বাহিৰৰ পৰা ঘৰলৈ অহাৰ কথা ৷ কিন্তু যিমান ভাল পালেও, বেয়া পালেও প্ৰত্যেকেই এবাৰ হ’লেও তিতিছে বৰষুণত ৷
আমাৰ মনত এটা ধাৰণা আছে যে, বৰষুণত তিতিলেই গা বেয়া হ’ব, জ্বৰ উঠিব ৷ কিন্তু কিমান দূৰ সঁচা এই কথা ? জানি আচৰিত হ’ব যে বৰষুণৰ পানীয়ে স্বাস্থ্যৰ উপকাৰ সাধন কৰে ৷ সেয়ে কেতিয়াবা বৰষুণত তিতিবলৈ মন গ’লে নিজৰ মনটো বান্ধি নথব ৷ ওলাই যাব, মন ভৰাই তিতিব বৰষুণত ৷ অৱশ্যে কেইটামান গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব ৷
গুৰুত্বপূৰ্ণ কথা কেইটা জনাৰ পূৰ্বে জানি লওক বৰষুণৰ পানীৰ উপকাৰিতাৰ বিষয়ে-
বৰষুণৰ পানীত এনে বহু খনিজ পদাৰ্থ পোৱা যায়, যিবোৰ মানুহৰ বাবে উপকাৰী বুলি প্ৰমাণিত হৈছে । গতিকে বৰষুণত গা ধুলে ই দেহৰ উপকাৰ সাধন কৰে । ইয়াত ক্ষাৰকীয় পি এফ থাকে, যিয়ে চুলিক মজবুত কৰে আৰু লগতে চুলিৰ নিস্তেজতা দূৰ কৰে ।
বৰষুণৰ পানীত ভিটামিন বি ১২ থাকে
বিশেষজ্ঞসকলৰ মতে বৰষুণৰ পানীত ভিটামিন বি ১২ থাকে । ভিটামিন বি ১২ আমাৰ চুলিৰ বাবে অতি উপকাৰী বুলি প্ৰমাণ হৈছে ৷ গতিকে বৰষুণৰ পানীয়ে আমাৰ চুলিবোৰ কোমল কৰে ।
বৰষুণত গা ধুলে শৰীৰৰ পৰা সুখী হৰম’ন নিৰ্গত হয়
বৰষুণত গা ধোৱাটোৱে মানুহৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে । হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বৰষুণৰ পানীত গা ধোৱাটো উপকাৰী বুলি জনা গৈছে । বৰষুণৰ পানীত গা ধুলে আমাৰ শৰীৰৰ পৰা এণ্ড’ৰ্ফিন আৰু চেৰ’টনিনৰ দৰে সুখী হৰম’ন নিৰ্গত হয় । আচৰিত কথা যে বৰষুণত তিতিলে মানুহৰ মানসিক চাপো নাইকিয়া হৈ যায় ।
লগতে পঢ়ক : বহু সময়লৈকে হাঁচি ধৰি ৰাখে নেকি ? তেন্তে আজিয়েই ত্যাগ কৰক এই অভ্যাস - Risks Of Holding In A Sneeze
কিন্তু এষাৰ কথা আছে নহয়, অতিমাত্ৰা সকলোৰে বেয়া ৷ বৰষুণত তিতাৰ ক্ষেত্ৰতো কথাটো ঠিক তেনেকুৱাই ৷ বেছি সময় ধৰি বৰষুণত তিতি থাকিব নালাগে ৷ লগতে মনত ৰাখিবলগীয়া কথাটো হ’ল বৰষুণত তিতাৰ পিচত কিন্তু ঘৰলৈ আহি গা ধোৱাটো খুবেই জৰুৰী ৷ নহ’লে ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ।
বিশেষজ্ঞসকলৰ মতে, বৰষুণত তিতাৰ পিচত স্বাভাৱিক পানীৰে গা ধুই দিব লাগে ৷ যিকোনো ব্যক্তিয়ে বৰষুণৰ পানীত মাত্ৰ ১০ ৰ পৰা ১৫ মিনিটহে তিতিব লাগে ৷ ইয়াতকৈ বেছি বৰষুণত গা ধুলে অসুস্থ হৈ পৰিব পাৰে ৷
বৰষুণত বেছি সময় তিতি থাকিব নালাগে । নহ’লে এলাৰ্জীৰ সমস্যা হ’ব পাৰে । ইয়াৰ উপৰিও বৰষুণৰ পানীত বহু সময় তিতি থাকিলে ইউটিআই ৰ সংক্ৰমণো হ’ব পাৰে । বিশেষজ্ঞসকলৰ মতে প্ৰথমজাক বৰষুণৰ পানীত তিতাৰ পৰা বিৰত থাকিব লাগে কাৰণ প্ৰথমজাক বৰষুণৰ পানী দূষিত আৰু বেক্টেৰিয়াৰে ভৰপূৰ হৈ থাকে ৷
ইয়াত আপোনাক দিয়া স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ বুজাবুজিৰ বাবেহে । আমি বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰীৰ পৰামৰ্শৰ ভিত্তিত এই তথ্য প্ৰদান কৰিছো । কিন্তু, এইবোৰ কাৰ্যকৰী কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।