ETV Bharat / health

ধূলিয়ৰী সময়ছোৱাত কেনেদৰে ল'ব চকুৰ যতন ?

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:48 PM IST

Eye Care: মানৱ দেহৰ এবিধ প্ৰয়োজনীয় অংগ হৈছে চকু ৷ ধূলিয়ৰীৰ এই সময়ছোৱাত কেনেদৰে ল'ব চকুৰ যতন ? চকুৰ ক্ষেত্ৰত এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই সম্পৰ্কে জনালে জ্যেষ্ঠ চকু বিশেষজ্ঞ ডাঃ পংকজ বৰুৱাই ৷

Eye Care
ধূলিয়ৰী সময়চোৱাত কেনেদৰে ল'ব চকুৰ যতন ?
জ্যেষ্ঠ চকু বিশেষজ্ঞ ডাঃ পংকজ বৰুৱা

গুৱাহাটী, 19 মাৰ্চ: বৰ্তমান সময়ত চৌদিশে এক ধূলিয়ৰী পৰিবেশ বিৰাজ কৰিছে ৷ শুকান আৰু ধূলিয়ৰী তথা জলবায়ু পৰিবৰ্তনৰ লগে লগে এই সময়ছোৱাত অন্যান্য ভাইৰেলজনিত ৰোগৰ লগতে চকুৰো ভিন্ন ধৰণৰ সমস্যা দেখা যায় ৷ ধূলি-বালি-বতাহৰ সময়ছোৱাত বিশেষকৈ কেতিয়াবা ধূলিৰ লগত যিকোনো বস্তু উৰি আহি আমাৰ চকুত পৰিব পাৰে ৷ তাৰোপৰি ধূলিৰ লগতে কিছুমান ভাইৰাছজনিত বীজাণুৰ পৰা হোৱা ৰোগৰ প্ৰৱণতা থাকে ৷ লগতে ধূলি, বতাহ বা গৰমৰ বাবে চকুযুৰিত শুকান হোৱাৰ সমস্যাই দেখা দিব পাৰে ৷

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?

১) ধূলিৰ লগতে যদি কিবা পদাৰ্থ চকুত সোমোৱা যেন অনুভৱ হয় তেন্তে ঠাণ্ডা পানীৰে চকুযুৰি ধুব লাগে ৷ ঠাণ্ডা পানীৰে চকুযুৰি ধোৱাৰ পিচতো যদি ৰঙা পৰে বা খজুৱাই তেতিয়া চকুযুৰি মোহাৰি দিব নালাগে ৷

২) চকুৰ সুৰক্ষাৰ বাবে সেই সময়ছোৱাত সমান চচমা, ছানগ্লাচ পৰিধান কৰিব পাৰে ৷

৩) গাড়ীত কৰবালৈ যাত্ৰা কৰিলে খিৰিকীখন মাৰি ল'ব লাগে ৷ মটৰ চাইকেলৰে যাত্ৰা কৰিলে হেলমেটৰ গ্লাছ মাৰি ল'ব লাগে ৷

৪) সূৰ্যৰ পোহৰ, বতাহ-ধূলিৰ পৰা বচাবলৈ ছাতি ব্যৱহাৰ কৰিব পাৰে ৷

৫) চকুযুৰিক Dryness ৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷

৬) চকুযুৰি যদি খজুৱায়, চকু খচখচাই , চকু ৰঙা পৰা যেন অনুভৱ হয় তেতিয়া কিন্তু মোহাৰিব নালাগে ৷ কেৱল ঠাণ্ডা পানীৰে চকুযুৰি ধুব লাগে ৷ তাৰ পাছতো যদি ৰঙাপৰি থাকে, চকুৰ পানী ওলাই, ৰাতিপুৱা

চকুৰ পৰা মলি বা কেটাৰ ওলায় তেতিয়া আই ড্ৰ'প ব্যৱহাৰ কৰিব পাৰে ৷

৭) চকুৰ মণিৰ ওচৰত যদি ৰঙা পৰা যেন হয় , আৰু সেয়া যদি তিনি চাৰিদিনত ভাল নহয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে ৷

এইখিনি সময়চোৱাত বিশেষকৈ ফাগুন-চ'ত মাহ বিশেষকৈ যেতিয়ালৈ বৰষুণ নপৰে তেতিয়ালৈ আমি অকমান সাৱধান হোৱাটো উচিত ৷

লগতে পঢ়ক: গাঁঠিৰ বিষত ভুগিছে নেকি ? তেন্তে চজিনাই কৰিব সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.