ETV Bharat / health

বিষাক্ত বায়ু তথা প্ৰদূষণৰ পৰা আঁতৰি থাকিবলৈ আপোনাৰ ঘৰত ৰাখক এই ৪বিধ উদ্ভিদ - Air Purifying Plants

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 1:20 PM IST

Best Plants for Air Purification: ব্যস্ততাৰে ভৰা এই জীৱনত মানুহে প্ৰদূষণ আৰু বহু ধৰণৰ বিষাক্ত পদাৰ্থৰ সন্মুখীন হয় । একে সময়তে বায়ু প্ৰদূষণৰ ফলত মানুহে মুকলি আকাশৰ তলত উশাহ লোৱাতো কষ্টকৰ হৈ পৰিছে । এনে পৰিস্থিতিত আপুনি ঘৰতে কিছুমান বিশেষ গছ ৰোপণ কৰি পৰিৱেশ সতেজ আৰু সুখদায়ক কৰি তুলিব পাৰে ।

4 air-purifying plants
বিষাক্ত বায়ু তথা প্ৰদূষণৰ পৰা আঁতৰি থাকিবলৈ আপোনাৰ ঘৰত ৰাখক এই ৪বিধ উদ্ভিদ (FREEPIK)

চহৰত বাস কৰা লোকসকল প্ৰদূষণ আৰু বিষাক্ত পদাৰ্থৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে । বতাহত উৰি থকা ধূলি, মাটি, বেক্টেৰিয়া আৰু সংক্ৰমণে আমাৰ জীৱনৰ মান হ্ৰাস কৰি অসুস্থ কৰি তোলে । সেয়ে ঘৰতে বৃক্ষ ৰোপণ কৰিলে পৰিবেশ পৰিষ্কাৰ হোৱাই নহয় আমাৰ মনবোৰো ইতিবাচক হৈ থাকে । বিশেষকৈ ক’ৰোনা মহামাৰীৰ পাছত বহুতে বিশুদ্ধ বাতাবৰণৰ বাবে ঘৰতে কিছুমান গছ ৰোপণ কৰিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ ফলত কেৱল বায়ুৰ শুদ্ধিকৰণেই নহয় ই আপোনাৰ ঘৰখন প্ৰদূষণ মুক্তও কৰি ৰাখে ৷

ইয়াৰ বাবে চাৰিবিধ বিশেষ উদ্ভিদৰ তালিকা প্ৰস্তুত কৰা হৈছে, যিয়ে প্ৰদূষণ আৰু বিষাক্ত পদাৰ্থ আঁতৰাই আপোনাক বিশুদ্ধ বায়ু প্ৰদান কৰিব-

পীচ লিলী: এইবিধ উদ্ভিদ সাধাৰণতে প্ৰায়বোৰ মানুহৰ ঘৰত পোৱা যায়, যিয়ে সৰ্বাধিক পৰিমাণৰ বিষাক্ত পদাৰ্থ নিষ্কাষণ কৰে । ই বেনজিন, ফৰ্মেলডিহাইড, এমোনিয়া আৰু জাইলিনৰ দৰে প্ৰদূষক পদাৰ্থ ফিল্টাৰ কৰি উলিয়াই দিয়ে, যিবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শ্বেত ৰক্তকণিকাৰ ক্ষতি কৰে বুলি জনা যায় । পীচ লিলী আৰ্দ্ৰ মাটিৰে কমৰ পৰা মধ্যমীয়া সূৰ্যৰ পোহৰত ৰাখিব লাগে । ঘৰত পোহনীয়া কুকুৰ-মেকুৰী থাকিলে এইটো আপোনাৰ বাবে ভাল বিকল্প নহয় ।

4 air-purifying plants
বিষাক্ত বায়ু তথা প্ৰদূষণৰ পৰা আঁতৰি থাকিবলৈ আপোনাৰ ঘৰত ৰাখক এই ৪বিধ উদ্ভিদ (ETV Bharat)

এলোভেৰা বা ছালকুঁৱৰী: ইও এক সাধাৰণ উদ্ভিদ, যিটো বেছিভাগ ঘৰতে পোৱা যায় । ঔষধি গুণাগুণ আৰু ৰোগ নিৰাময়কাৰী স্বভাৱৰ বাবে ই আটাইতকৈ উত্তম উদ্ভিদ । গা আৰু মূৰৰ ছালত ব্যৱহাৰ কৰিব পৰা ঔষধি এজেণ্ট হোৱাৰ উপৰিও ই বেনজিন আৰু ফৰ্মেলডিহাইডৰ দৰে প্ৰদূষক পদাৰ্থও ফিল্টাৰ কৰে ।

মানি প্লান্ট: মানি প্লান্ট নামেৰে জনাজাত এইবিধ উদ্ভিদ ঘৰলৈ ধন-সম্পত্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে বিখ্যাত । ই এবিধ লতাজাতীয় উদ্ভিদ যি সোনকালে মৰি নাযায় যদিও ইয়াৰ বাবে নিয়মীয়া পানী আৰু মধ্যমীয়া সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয় । মুঠতে ই কম ৰক্ষণাবেক্ষণৰ উদ্ভিদ, যিয়ে ইয়াক ৰখা ঠাইখনৰ সৌন্দৰ্য বৃদ্ধি কৰে । ই বতাহৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ কমায় আৰু পৰিৱেশ সতেজ আৰু সুখদায়ক কৰি ৰাখে । ইয়াৰ লগতে এইবিদ উদ্ভিদ আপোনাৰ ঘৰৰ সজ্জাৰ বাবেও ব্যৱহাৰ কৰিব পাৰে ।

স্নেক প্লান্ট: নামৰ দৰেই এই উদ্ভিদবিধো উলম্বভাৱে গজে । ইয়াৰ সাপৰ দৰে পাতল বগা ৰঙৰ ৰেখা থাকে । স্নেক প্লান্টক বিশেষ ৰক্ষণাবেক্ষণৰ প্ৰয়োজন নহয় । কম সূৰ্যৰ পোহৰ ইয়াক প্ৰয়োজন হয় আৰু নিয়মিত পানী দিয়াৰ প্ৰয়োজন নাই । ইয়াৰ বাবে পানী থকা ঠাইত থব নালাগে বা প্ৰত্যক্ষ সূৰ্যৰ পোহৰ আৰু গৰম ঠাইত ৰখাটো বাঞ্ছনীয় । কুকুৰ-মেকুৰীৰ বাবেও ই বিষাক্ত । যদি আপুনি ইয়াক আপোনাৰ বাথৰুমত ৰাখে তেন্তে ই অবাঞ্চিত দুৰ্গন্ধৰ পৰা আপোনাক সকাহ দিব পাৰে ।

লগতে পঢ়ক: প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন, চাও আহক ঘৰৰ ছাদতে গঢ়ি তোলা এখন মনোৰম বাগিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.