ETV Bharat / health

সুস্থ হৈ থাকিবলৈ আজিৰ পৰাই অনুসৰণ কৰক এই টিপছ - Nutrition hacks

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 3:27 PM IST

To increase the nutrition in your food and stay healthy, try these 7 hacks suggested by a nutritionist
সুস্থ হৈ থাকিবলৈ আজিয়েই অনুসৰণ কৰক পুষ্টিবিদে আগবঢ়োৱা এই টিপছ

Hacks To Improve Nutrition: সুস্থ হৈ থাকিবলৈ তথা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আজিৰ পৰাই আপোনাৰ দৈনন্দিন জীৱনৰ অংশ কৰি লওক পুষ্টিবিদে আগবঢ়োৱা এই টিপছসমূহ-

প্ৰদূষণ, মানসিক চাপ, পুষ্টিকৰ উপাদানৰ অভাৱ আৰু দুৰ্বল জীৱনশৈলীৰ বাবে বৰ্তমান সময়ত সুস্থ হৈ থকাটো অলপ কঠিন হৈ পৰিছে ৷ একে ঠাইত বহু সময় বহি থকা অৱস্থাত ফোন আৰু ম’বাইল ব্যৱহাৰ কৰিলেও জীৱনশৈলীৰ লগত জড়িত সমস্যাৰ আশংকা বৃদ্ধি পায় ৷ এনে পৰিস্থিতিত পুষ্টিবিদে পৰামৰ্শ দিয়া এই স্বাস্থ্য কিটিপবোৰ অনুসৰণ কৰি সুস্থ হৈ থাকিব পাৰি আৰু ৰোগবোৰক আপোনাৰ পৰা আঁতৰাই ৰাখিব পাৰে ৷

এই স্বাস্থ্য কিটিপবোৰ অনুসৰণ কৰিলে আপুনি ঋতুভিত্তিক ৰোগৰ পৰা সুৰক্ষিত থকাৰ লগতে আপোনাৰ শৰীৰো সুস্থ হৈ থকাত সহায় হয় ৷ এই স্বাস্থ্য কিটিপবোৰৰ সহায়ত শৰীৰে সম্পূৰ্ণ পুষ্টি লাভ কৰাৰ লগতে শক্তি লাভ কৰে ৷ দৈনন্দিন জীৱনত এই স্বাস্থ্য কিটিপবোৰে কম সময়তে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব ৷

সুস্থ হৈ থাকিবলৈ আমি কি কি নিয়ম মানি চলা উচিত ? এই সন্দৰ্ভত ড৹ বিধি চাওলাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ এই স্বাস্থ্য কিটিপবোৰৰ বিষয়ে উল্লেখ কৰিছে ৷

১/ লোভ নিয়ন্ত্ৰণ কৰা

সুস্থ হৈ থাকিবলৈ হ’লে লোভ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ৷ যদি আপোনাৰ খাদ্যৰ প্ৰতি লোভ বেছি আছে, তেন্তে অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰিৱৰ্তে কিছুমান স্বাস্থ্যসন্মত বিকল্প বাছি লওক ৷ যেনে যেতিয়া চকলেটৰ প্ৰতি লোভ থাকে, তেতিয়া তিয়ঁহ খাব পাৰে, যিটো মিঠা আৰু লগতে আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷ লোভ নিয়ন্ত্ৰণ কৰিবলৈ ১ ৰ পৰা ২ সপ্তাহ সময় লাগিব পাৰে ৷

২/ খাদ্যৰ পৰিকল্পনা কৰক

সুস্থ হৈ থাকিবলৈ আগতীয়াকৈ খাদ্যৰ পৰিকল্পনা কৰাটো জৰুৰী ৷ স্বাস্থ্যকৰ বিকল্প থাকিলে আপুনি অস্বাস্থ্যকৰ বস্তুৰ ব্যৱহাৰ হ্ৰাস কৰিব ৷ এনে পৰিস্থিতিত দিনটোৰ সকলো আহাৰ এদিন আগতীয়াকৈ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰক ৷ এনে কৰিলে আপোনাৰ সময়ো ৰাহি হ’ব ৷

৩/ হাইড্ৰেটেড হৈ থাকক

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সময়মতে খাদ্য খোৱা আৰু উপযুক্ত পৰিমাণৰ পানী খোৱাটো জৰুৰী ৷ পানী খালে হজম শক্তি উন্নত হয় আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি শৰীৰ বিষমুক্ত হয় ৷ পানীয়ে ৰক্ত সঞ্চালনো উন্নত কৰে ৷

৪/ খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণ

সুস্থ হৈ থাকিবলৈ খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ৷ অত্যধিক খাদ্য খোৱাৰ ফলত ওজন বৃদ্ধি হোৱাৰ লগতে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ এনে পৰিস্থিতিত বিশেষ সাৱধানতা অৱলম্বন কৰক যাতে স্বাস্থ্যসন্মত খাদ্যও বৃহৎ পৰিমাণে খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷

৫/ ডায়েটিং কৰা

বহুতে ডায়েটিঙৰ আৰম্ভণিতে ইয়াক অতি কঠোৰ কৰি তোলে ৷ যাৰ বাবে মন বাৰে বাৰে অস্বাস্থ্যকৰ খাদ্যৰ ফালে ঢাল খাব পাৰে ৷ এনে পৰিস্থিতিত ডায়েটিঙৰ আৰম্ভণিতে মনত ৰাখিব যে, আপুনিও মাজে মাজে আপোনাৰ প্ৰিয় বস্তুবোৰ গ্ৰহণ কৰিব লাগে ৷

৬/ দীৰ্ঘদিনীয়া মানসিক চাপ

মানসিক চাপে লোভৰ সৃষ্টি কৰিব পাৰে ৷ যাৰ বাবে আপুনি অস্বাস্থ্যকৰ খাদ্যাভ্যাসত লিপ্ত হ’ব পাৰে ৷ এই সমস্যা দূৰ কৰিবলৈ স্বাস্থ্যসন্মত খাদ্যৰ লগতে মানসিক চাপৰ মাত্ৰাও কম ৰাখক ৷ মানসিক চাপে শৰীৰৰ ক্ষতি কৰাৰ লগে লগে লোভ বৃদ্ধি কৰে ৷

৭/ স্বাস্থ্যকৰ অভ্যাস

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্যাভাস আৰু জীৱনশৈলী পালন কৰাটো অতি প্ৰয়োজনীয় ৷ এনে পৰিস্থিতিত আপোনাৰ খাদ্যাভ্যাস সহজ কৰি ৰাখিবলৈ চেষ্টা কৰক যাতে আপুনি ইয়াক সহজে পালন কৰিব পাৰে ৷

এই স্বাস্থ্য কিটিপবোৰ অনুসৰণ কৰি আপুনি এক সুস্থ জীৱনশৈলী পালন কৰিব পাৰে ৷ কিন্তু যদি আপোনাৰ কোনো ধৰণৰ ৰোগ বা এলাৰ্জীৰ সমস্যা আছে, তেন্তে চিকিৎসকক পৰামৰ্শ অনুসৰিহে এই টিপছবোৰ অনুসৰণ কৰক ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত যৌনাংগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কিয় জৰুৰী ? - Intimate Hygiene

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.