ETV Bharat / health

এইসকল মহিলাই লাভ নকৰে মাতৃত্বৰ সুখ...এই ৫ টা অভ্যাসে কাঢ়ি লয় সন্তান জন্ম দিয়াৰ ক্ষমতা - Female Infertility

Infertility In Women: বহু সময়ত মহিলাৰ বন্ধ্যাত্বৰ সমস্যাৰ কাৰণ হ’ল তেওঁলোকে অভ্যাসগতভাৱে, অজানিতে কৰা ভুলবোৰ । এই প্ৰতিবেদনৰ জৰিয়তে আজি ইয়াৰ বিষয়ে জানিলে মহিলাসকলে নিজকে বন্ধ্যাত্বৰ পৰা ৰক্ষা কৰিব পাৰে ।

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 11:24 AM IST

These 5 Bad Habits That Can Cause Infertility in Women
মহিলাৰ এই ৫টা অভ্যাসে কাঢ়ি লয় সন্তান জন্ম দিয়াৰ ক্ষমতা (FREEPIK)

আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বন্ধ্যাত্বৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । ই পুৰুষ আৰু মহিলা উভয়কে সমস্যাত পেলাব পাৰে । অৱশ্যে এই প্ৰতিবেদনত আমি আজি আপোনালোকক মহিলাৰ বন্ধ্যাত্বৰ কাৰণসমূহৰ বিষয়ে ক’বলৈ ওলাইছো যি বৰ্তমান সময়ত এক ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈছে ৷ ইয়াৰ বাবে অনিয়ন্ত্ৰিত জীৱনশৈলী তথা কিছুমান অভ্যাস মুখ্যৰূপে দায়ী ৷

দৈনন্দিন জীৱনত মহিলাসকলৰ কিছুমান অভ্যাসে তেওঁলোকৰ প্ৰজনন ক্ষমতাত যে বিৰূপ প্ৰভাৱ পেলায় তথা হ্ৰাস কৰে তাত কোনো সন্দেহ নাই । আজি এনে কিছুমান অভ্যাসৰ বিষয়ে জানো আহক যাক যিমান পাৰি সোনকালে ত্যাগ কৰা উচিত-

অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ

স্বাস্থ্যসন্মত সুষম খাদ্যই প্ৰজনন ক্ষমতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অত্যধিক ওজন বৃদ্ধি বা কম ওজন হোৱা দুয়োটাই ডিম্বাণু নিঃসৰণত প্ৰভাৱ পেলাব পাৰে । প্ৰচেছড খাদ্য, চেনি আৰু অস্বাস্থ্যকৰ চৰ্বি অধিক পৰিমাণে গ্ৰহণ কৰাৰ ফলত ডিম্বাণু নিঃসৰণ কম হোৱা আৰু জৰায়ুৰ সমস্যাৰ সম্পৰ্ক আছে ।

ধূমপান আৰু মদ্যপান

ধূমপান আৰু মদ্যপান কেৱল আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হোৱাই নহয়, ই প্ৰজনন ক্ষমতাও হ্ৰাস কৰিব পাৰে । ধূমপান কৰিলে ইষ্ট্ৰজেনৰ মাত্ৰা হ্ৰাস পায় আৰু ডিম্বাশয়ৰ ক্ষতি হয় । একে সময়তে অত্যধিক মদ্যপানে ঋতুচক্ৰ অনিয়মিত কৰি গৰ্ভধাৰণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।

ব্যায়ামৰ অভাৱ

শাৰীৰিকভাৱে সক্ৰিয় হোৱাটোৱে কেৱল ওজন নিয়ন্ত্ৰণত সহায় কৰাই নহয় প্ৰজনন স্বাস্থ্যৰ বাবেও উপকাৰী । নিয়মীয়া ব্যায়ামে ঋতুচক্ৰ নিয়ন্ত্ৰণত সহায় কৰে আৰু জৰায়ু সুস্থ কৰি ৰাখে । কিন্তু অত্যধিক ব্যায়ামো ক্ষতিকাৰক হ’ব পাৰে আৰু ঋতুচক্ৰ বন্ধ হ’ব পাৰে ।

অত্যধিক মানসিক চাপ

মানসিক চাপৰ হৰম’নে প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পাৰে । মানসিক চাপৰ ফলত ডিম্বাণু নিঃসৰণত পলম হ’ব পাৰে আৰু জৰায়ুৰ আৱৰণ পাতল হৈ গৰ্ভধাৰণ কঠিন হৈ পৰে ।

অনিয়মিত ঋতুস্ৰাৱক আওকাণ কৰা

অনিয়মিত বা বিষাদজনক ঋতুস্ৰাৱ হ’ব পাৰে অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে মহিলাৰ বন্ধ্যাত্বৰ কাৰণ । পলিচিষ্টিক অভাৰী চিনড্ৰম (PCOS)ৰ দৰে অৱস্থাই ঋতুচক্ৰত প্ৰভাৱ পেলাব পাৰে আৰু গৰ্ভধাৰণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে । এনে পৰিস্থিতিত ইয়াক আওকাণ কৰাটো এটা ডাঙৰ ভুল বুলি প্ৰমাণিত হ’ব পাৰে ।

লগতে পঢ়ক: Male Infertility: নতুন গৱেষণাৰ ডাঙৰ দাবী, শুক্ৰাণুৰ সংখ্যা দুৰ্বল থকা পুৰুষো হ'ব পাৰে পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.