ETV Bharat / health

নৱজাতকৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে এই 4বিধ সামগ্ৰী

Baby Care: বেবী ৱাকাৰ, টেলকম পাউদাৰ আৰু কাজলৰ দৰে সামগ্ৰীয়ে শিশুৰ বিকাশৰ বাবে ক্ষতিকাৰক হ’ব পাৰে আৰু আনকি শিশুটিক অসুস্থ কৰি তুলিব পাৰে । ইয়াৰ বিষয়ে সবিশেষ জানো আহক-

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:48 PM IST

These 4 traditional things can be harmful for a newborn baby, modern science does not recommend their use
নৱজাত শিশুৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে এই 4বিধ সামগ্ৰী

ডাঙৰ হৈ অহা সন্তানৰ যত্ন লোৱাটো যিকোনো অভিভাৱকৰ বাবে এক কঠিন কাম ৷ বিশেষকৈ ৩ বছৰ বা তাতকৈ কম বয়সৰ শিশুক অধিক যত্নৰ প্ৰয়োজন হয়, কাৰণ এই সময়ছোৱাত শিশুটি অতি ফুলকুমলীয়া হৈ থাকে ৷ ়

সাধাৰণতে দেখা যায় যে, বজাৰত এনে বহু সামগ্ৰী উপলব্ধ যিসমূহ সৰু ল’ৰা-ছোৱালীৰ বাবে ভাল বুলি কোৱা হয় ৷ কিন্তু, প্ৰায়ে চিকিৎসকে সেইবোৰ বস্তু কেঁচুৱাক দিবলৈ বা ব্যৱহাৰ কৰিবলৈ নিদিয়ে ৷ সেয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰমাণিত প্ৰসৱ শিক্ষাবিদ অনুপমা কুমাৰ বিজয় আনন্দই এনে ৪বিধ সামগ্ৰীৰ কথা কৈছে, যিবোৰ দীৰ্ঘসময়ৰ পৰা নৱজাত শিশুৰ উন্নত বিকাশৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে, কিন্তু ইয়াৰ ব্যৱহাৰে শিশুৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ জানো আহক এই সামগ্ৰীসমূহ নো কি-

নৱজাত শিশুৰ বাবে এই ৪বিধ সামগ্ৰী ক্ষতিকাৰক হ'ব পাৰে

বেবী ৱকাৰ- Baby Walker

আপোনাৰ নৱজাত শিশুৰ বিকাশৰ বাবে বেবী ৱকাৰ অতিকৈ ক্ষতিকাৰক ৷ বেবী ৱকাৰে আপোনাৰ শিশুটিক খোজ কাঢ়িবলৈ পেশীবোৰ ভুলকৈ ব্যৱহাৰ কৰিবলৈ শিকাই ৷ কেৱল এয়াই নহয়, ৱাকাৰ ব্যৱহাৰৰ বাবে বহু শিশুৱে দেৰিকৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰে, কাৰণ ৱাকাৰৰ সহায়ত খোজ কাঢ়িলে তেওঁলোকে সোনকালে শৰীৰৰ ভাৰসাম্যৰ সন্তুলন বনাই খোজ কাঢ়িবলৈ শিকিব নোৱাৰে ৷

চকুৰ বাবে কাজল- Kajal For Eyes

নৱজাত শিশুৰ চকুত কাজল ব্যৱহাৰ নকৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে, কিয়নো ইয়াৰ ফলত শিশুৰ চকুত বিষ বা খজুৱতি হ’ব পাৰে ৷ ইয়াৰ উপৰিও ইয়াৰ ব্যৱহাৰে এলাৰ্জীৰো সৃষ্টি কৰিব পাৰে ৷

টেলকম পাউদাৰ- Talcum Powder

টেলকম পাউদাৰ অৰ্থাৎ বেবী পাউদাৰৰ ব্যৱহাৰ শিশুৰ বাবে যথেষ্ট ক্ষতিকাৰক ৷ ইয়াৰ কণাবোৰ অতি সৰু, যিয়ে উশাহ-নিশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি শিশুৰ হাওঁফাওঁৰ ক্ষতি কৰিব পাৰে ৷ টেলকম পাউদাৰেও শিশুৰ উশাহ-নিশাহত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

ধূপৰ কাঠি- Sambrani

ধূপৰ ধোঁৱাই শিশুৰ উশাহ-নিশাহৰ পথ বন্ধ কৰি দিব পাৰে, যাৰ ফলত বায়ুপথ সংকীৰ্ণ হৈ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰে ৷ নৱজাত শিশুৰ বাবে যিকোনো ধৰণৰ সামগ্ৰী ক্ৰয় বা ব্যৱহাৰ কৰাৰ আগতে শিশু বিশেষজ্ঞৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক, যাতে শিশুৰ স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা ৰোধ কৰিব পৰা যায় ৷

লগতে পঢ়ক: মহিলাৰ স্বাস্থ্যৰ বাবে কোনো মহৌষধিতকৈ কম নহয় জালুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.