ETV Bharat / health

হাওঁফাওঁ হৈ থাকিব সুস্থ: খাবলৈ আৰম্ভ কৰক এই ৬বিধ খাদ্য - Healthy Lungs

author img

By ETV Bharat Health Team

Published : Sep 16, 2024, 4:28 PM IST

Healthy Lungs: হাওঁফাওঁক পৰিষ্কাৰ নকৰিলে আমি বিভিন্ন গুৰুতৰ ৰোগত ভুগিব পাৰো । হাওঁফাওঁৰ বিষমুক্ত কৰিবলৈ খাদ্য আমি সদায় সঠিকভাৱে খাদ্য গ্ৰহণ কৰাটো উচিত । হাওঁফাওঁ সুস্থ কৰি ৰাখিববলৈ খাদ্য তালিকাত কিছুমান খাদ্য ৰখাটো গুৰুত্বপূৰ্ণ সেয়ে এই সন্দৰ্ভত পুষ্টিবিদ ৰাখী চেটাৰ্জীয়ে কি কয় জানো আহক-

Lung Health
হাওঁফাওঁ হৈ থাকিব সুস্থ: খাবলৈ আৰম্ভ কৰক এই ৬বিধ খাদ্য (CANVA)

শৰীৰৰ বাবে অক্সিজেন যে অতি গুৰুত্বপূৰ্ণ ইয়াৰ বিষয়ে আমি সকলোৱে জ্ঞাত ৷ ইয়াক তেজলৈ অক্সিজেন যোগান ধৰাত হাওঁফাওঁৰ এক বিশেষ ভূমিকা ৷ কিন্তু দিনক দিনে বৃদ্ধি পোৱা ধূলি আৰু প্ৰদূষণৰ ফলত হাওঁফাওঁৰ অহৰহ ক্ষতি হ’বলৈ ধৰিছে ৷ যিটো বহুতে লক্ষ্য নকৰে এইবোৰ কাৰণত প্ৰায়ে হাওঁফাওঁ সংক্ৰমিত হয় ৷

বিশেষজ্ঞসকলৰ মতে, হাওঁফাওঁক সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় এই সন্দৰ্ভত পুষ্টিবিদসকলে কি কয় সুস্থ হাওঁফাওঁৰ বাবে আমি কি কৰাটো উচিত জানো আহক-

  1. পালেং শাক: পালেং শাকত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে ৷ যাৰ ফলত শ্বাস-প্ৰশ্বাসৰ সময়ত হোৱা সমস্যা দূৰ হয় ৷ ইয়াৰ উপৰিও পালেঙত ভিটামিন চিৰ প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত হাওঁফাওঁ সুস্থ কৰি ৰাখে ৷ গতিকে দৈনন্দিন খাদ্যৰ তালিকাত পালেং ৰাখিলে ভাল বিশেষকৈ শীতকালত ইয়াক খাব পাৰিলে আৰু উপকাৰী ৷
    Healthy Lungs
    পালেং শাক (ETV Bharat)
  2. ব্ৰকলি: হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ আপুনি খাদ্য তালিকাত ব্ৰকলি অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াত ভিটামিন চি, ফলেট আৰু প্ৰদাহ নিবাৰণকাৰী গুণকে ধৰি পুষ্টিকৰ উপাদান থাকে, যিয়ে হাওঁফাওঁক সুস্থ কৰি ৰখাত সহায় কৰে ৷
    Healthy Lungs
    ব্ৰকলি (ETV Bharat)
  3. বেৰী জাতীয় ফল: বেৰী জাতীয় ফলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ই হাওঁফাওঁক ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ ইয়াৰ জৰিয়তে আপুনি হাওঁফাওঁৰ লগত জড়িত সমস্যাৰ পৰা হাত সাৰিব পাৰিব ৷ জামু খালে হাঁপানীৰ দৰে গুৰুতৰ ৰোগ কম কৰাত সহায় কৰে ৷
    Healthy Lungs
    বেৰী জাতীয় ফল (ETV Bharat)
  4. নহৰু: পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ নিয়মিতভাৱে নহৰু খালে বহু ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷ নহৰু বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ ৷ ই আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰে ৷ হালধি থকা খাদ্য খালে হাওঁফাওঁৰ প্ৰদাহৰ সমস্যা কম হয় ৷
    Healthy Lungs
    নহৰু (ETV Bharat)
  5. হালধি: হালধি ঔষধি গুণেৰে ভৰপূৰ । ই আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰে । ই এন্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ ৷ হালধি আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি আপুনি হাওঁফাওঁৰ প্ৰদাহৰ সমস্যা কম কৰিব পাৰে ।
    Healthy Lungs
    হালধি (ETV Bharat)
  6. আদা: আদাই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে ৷ হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ আপুনি খাদ্য তালিকাত আদা অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ই হাওঁফাওঁৰ স্বাস্থ্য উন্নত কৰে ৷ পুষ্টিবিদ ৰাখীয়ে লগতে কয় যে, "হাওঁফাওঁ সুস্থ হ'বলৈ দৈনিক খাদ্যত উচ্চ প্ৰ’টিন থকাটো অতি প্ৰয়োজনীয় ৷ খাদ্যৰ লগতে ব্যায়াম আৰু হাওঁফাওঁ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়াও অতি গুৰুত্বপূৰ্ণ ৷ ই হাওঁফাওঁৰ বিষমুক্ত কৰাত সহায় কৰে ৷"
    Healthy Lungs
    আদা (ETV Bharat)

NIHৰ তথ্য অনুসৰি, হাওঁফাওঁৰ ৰোগ যেনে হাঁপানী তথা ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD)ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় ৷ পালমোনাৰী ফাংশ্যন পৰীক্ষাই বিভিন্ন গৱেষণাত অপৰিহাৰ্য ভূমিকা পালন কৰে ৷ কাৰণ ই হাওঁফাওঁৰ সাধাৰণ ৰোগসমূহৰ চিনাক্তকৰণ আৰু নিদানত অপৰিহাৰ্য ভূমিকা পালন কৰে ৷ ফলত হাওঁফাওঁ সুস্থ কৰি ৰখাটো শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: কৰ’না সংক্ৰমণৰ পিচত কাহ-ডিঙিৰ বিষ হৈছে নেকি ? তেন্তে হ’ব পাৰে হাৰ্ট এটেকৰ লক্ষণ! - Heart Attack Signs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.