ETV Bharat / health

এতিয়া উশাহ ল’বলৈও এৰিব লাগিব নেকি! লেন্সেটৰ আচৰিত প্ৰতিবেদন - Causes Of Brain Stroke - CAUSES OF BRAIN STROKE

Causes Of Brain Stroke: এতিয়া বতাহৰ ফলতো হ’ব পাৰে ব্ৰেইন ষ্ট্ৰ’ক । লেন্সেটৰ অধ্যয়নত কৰা এই আচৰিত দাবীয়ে চিন্তিত কৰি তুলিছে সকলোকে । সেয়ে এতিয়াৰ পৰা উশাহ-নিশাহ লোৱাৰ সময়তো হ’ব লাগিব সাৱধান ।

Surge in Brain Stroke Deaths Linked to Air Pollution and Rising Temperatures
বায়ু প্ৰদূষণ-বৃদ্ধি পোৱা উত্তাপৰ ফলত সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে ব্ৰেইন ষ্ট্ৰোকৰ ৰোগী: লেন্সেটৰ আচৰিত প্ৰতিবেদন (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 20, 2024, 5:17 PM IST

শেহতীয়াকৈ দ্য লেন্সেটত প্ৰকাশিত এক অধ্যয়নত বায়ু প্ৰদূষণ আৰু মগজুৰ ষ্ট্ৰ’কৰ মাজত এক আচৰিত সম্পৰ্ক চিনাক্ত কৰা হৈছে ৷ অধ্যয়নটোৰ মতে, বায়ু প্ৰদূষণৰ প্ৰভাৱ ধূমপানৰ দৰেই, আৰু ই মগজুৰ ষ্ট্ৰ’কৰ এটা প্ৰধান কাৰণ হৈ উঠিব পাৰে ৷

ভাৰত, আমেৰিকা, নিউজিলেণ্ড, ব্ৰাজিল আৰু ইউ এ ইৰ বিজ্ঞানীৰ এটা আন্তঃৰাষ্ট্ৰীয় দলে এই গৱেষণাত অংশগ্ৰহণ কৰিছিল ৷ অধ্যয়নটোত স্পষ্ট কৰা হৈছে যে বায়ু প্ৰদূষণৰ মূল অংশ বায়ুত উপস্থিত থকা সৰু সৰু কঠিন আৰু তৰল কণাবোৰে ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

দ্ৰুতগতিত বৃদ্ধি পোৱা মগজুৰ ষ্ট্ৰ’ক

অধ্যয়নটোৰ তথ্য অনুসৰি যোৱা তিনিটা দশকত ষ্ট্ৰ’ক ৰোগী আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত বায়ু প্ৰদূষণৰ যথেষ্ট অৰিহণা আছে ৷ ২০২১ চনত নতুনকৈ ষ্ট্ৰ’কত আক্ৰান্ত লোকৰ সংখ্যা এক কোটি অতিক্ৰম কৰিছিল, যিটো ১৯৯০ চনৰ পৰা ৭০ শতাংশ বৃদ্ধি ৷ একে সময়তে ষ্ট্ৰ’কৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭০ লাখৰো অধিকলৈ বৃদ্ধি পাইছে, যিটো ৪৪ শতাংশ বৃদ্ধি ৷

ব্ৰেইন ষ্ট্ৰ’কৰ বাবে দায়ী এইবোৰ কাৰণ

এই অধ্যয়ন অনুসৰি ষ্ট্ৰ’কৰ বাবে দায়ী ২৩টা বিপদজনক কাৰক চিনাক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত উচ্চ ৰক্তচাপ , কণা পদাৰ্থৰ বায়ু প্ৰদূষণ, ধূমপান, উচ্চ কলেষ্টেৰল আৰু ঘৰুৱা বায়ু প্ৰদূষণ আদি অন্তৰ্ভুক্ত৷ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভেলুৱেশ্যনৰ ডাঃ কেথেৰিন অ. জনছনে এই সন্দৰ্ভত কয় যে, এইবোৰ কাৰক পৰিহাৰ কৰিলেহে আমি ব্ৰেইন ষ্ট্ৰ’কৰ সম্ভাৱনা ৮৪ শতাংশ হ্ৰাস পাব পাৰি ৷

টিপচ্ আৰু ট্ৰিক্স

এই অধ্যয়নৰ সহ-লেখক ডাঃ জনছনে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে বিশুদ্ধ বায়ুমণ্ডল আৰু ৰাজহুৱা স্থানত ধূমপান নিষেধাজ্ঞাৰ দৰে ব্যৱস্থা ৰূপায়ণ কৰিব লাগে বুলি পৰামৰ্শ দিছে ৷ মেদবহুলতা আৰু বিপাকীয় বিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁ আঙুলিয়াই দিয়ে ৷

https://www.thelancet.com/journals/laneur/article/PIIS1474-4422(24)00369-7/abstract

লগতে পঢ়ক: আপোনাৰ এই অভ্যাসে দূৰ কৰিব ষ্ট্ৰোকৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.