ETV Bharat / health

চাপ নিয়ন্ত্ৰণৰ টিপছ : মানসিক চাপ হ্ৰাস কৰিবলৈ 'RRR' মন্ত্ৰ ! - How to manage stress

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 4:14 PM IST

How to manage stress: আৰ আৰ আৰ মন্ত্ৰৰে দূৰ কৰিব পাৰি মানসিক চাপ ৷ বাৰ্ণআউটৰ দৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰ আৰ আৰ মন্ত্ৰৰ কথা উল্লেখ কৰিছে বিশেষজ্ঞই ৷ সবিশেষ আগলৈ-

How to manage stress
মানসিক চাপ হ্ৰাস কৰিবলৈ 'RRR' মন্ত্ৰ ! (ETV Bharat)

পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰী, কামত নিয়োজিত হৈ থকা কৰ্মচাৰী, আটাইৰে হাতত থাকে বিভিন্ন ধৰণৰ কাম ৷ দিনটোৰ ভিন্ন সময়ত ভিন্ন কাম থাকে তেওঁলোকৰ ৷ ব্যস্ততাৰে ভৰা দিন এটাত এটাৰ পাচত আন এটা কাম খুঁটি-নাটি মাৰি চাই থকাতো সম্ভৱ নহয় ৷ প্ৰতিটো কামেই নিৰ্দিষ্ট সময়ত শেষ হোৱাতো প্ৰয়োজন ৷ কাম এটা নিৰ্ধাৰিত সময়ত শেষ কৰাক লৈ বহু লোকেই শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰে ৷ ইয়াক বাৰ্ণআউট বুলি জনা যায় ৷ এনে পৰিস্থিতিৰ পৰা বাহিৰ ওলাবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে এটা বিশেষ মন্ত্ৰৰ কথা উল্লেখ কৰিছে আৰু সেই বিশেষ মন্ত্ৰটো হ’ল ‘RRR’ ৷

এই 'আৰ আৰ আৰ' মন্ত্ৰটো বিভিন্ন স্তৰৰ চাপ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে উপযোগী । চাপে কিছু পৰিমাণে ভাল ফলাফল দিয়ে । এক মজলীয়া পৰিমাণৰ চাপে আপোনাক সময়মতে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ উৎসাহ যোগায় । কিন্তু কেতিয়াবা এনেকুৱা সময় আহে যেতিয়া মানুহে অত্যধিক চাপৰ বাবে বাৰ্ণআউটত ভূগিবলগীয়া হয় । ধৰি লওক ৰবৰ এডাল দুয়োটা মূৰতে ধৰি মাজৰ পৰা প্ৰসাৰিত কৰা হৈছে । এটা পৰ্যায়লৈকে এনে কৰিব পাৰি ৷ কিন্তু এটা পৰ্যায়ৰ পিচত ই চিঙি যাব আৰু হাতত হাতত আঘাত কৰিব । অত্যাধিক চাপৰ ক্ষেত্ৰটো কথাটো ঠিক তেনেকুৱাই ৷ পিছে '3আৰ' পদ্ধতি ব্যৱহাৰ কৰি, প্ৰতিটো পৰ্যায়তে চাপ নিয়ন্ত্ৰণ কৰিব পাৰি । কিনো হয় '3আৰ' পদ্ধতি জানো আহক-

চিনাক্তকৰণ (Recognize)

আপুনি যিবোৰ পৰিস্থিতিৰ কাৰণে বেছি মানসিক চাপ অনুভৱ কৰিছে, সেইবোৰ চিনাক্ত কৰক । মানসিক চাপৰ কাৰণ কি সেই বিষয়ে প্ৰথমে জানিবলৈ চেষ্টা কৰক । প্ৰকৃত কাৰণ বিচাৰি পালে সোনকালেই যিকোনো বিপদৰ পৰা ওলাই আহিব পাৰি । মানসিক চাপৰ সময়ত শ্বাস-প্ৰশ্বাসৰ ব্যায়ামৰ অভ্যাস কৰিলে সহায়ক হয় । দীঘলীয়া উশাহ এটা লওক..অলপ সময় ধৰি ৰাখক...কিছু মিনিটৰ পিচত লাহে লাহে বাহিৰলৈ এৰি দিয়ক । কিছু সময় ধৰি এই পদ্ধতি অনুসৰণ কৰিলে আপুনি নিজেই পৰিস্থিতিৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব ৷

বিপৰীত (Reverse)

আপুনি যদি বিচাৰিব জানে যে আপুনি কোনবোৰ পৰিস্থিতিত হেঁচাত পৰিছে, তেন্তে আপুনি বিপদৰ পৰা ওলাই অহাৰ উপায়ো বিচাৰি ল’ব পাৰিব । যদি এইটো কৰাটো আপোনাৰ বাবে সম্ভৱ নহয় তেন্তে আন উপায় অৱলম্বন কৰি চাব পাৰিব । মানসিক চাপৰ সৈতে যুঁজি থকাৰ সময়ত সাধাৰণতে চিন্তাবোৰ গম নোপোৱাকৈয়ে অনিৰ্দিষ্টকালৰ বাবে আহে । গতিকে প্ৰথমে সেই চিন্তাবোৰ মনলৈ অহাটো বন্ধ কৰক। অৰ্থাৎ মানসিক চাপে আঘাত কৰাৰ আগতেই আপোনাৰ ফালৰ পৰা সেই চিন্তা দূৰ কৰাৰ চেষ্টা আৰম্ভ কৰক ।

উদাহৰণস্বৰূপে, ধৰি লওঁক যে আপুনি নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্প এটা সম্পূৰ্ণ কৰিব নোৱৰা নতুবা যিকোনো বিষয় এটাত ভাল নম্বৰ নোপোৱাৰ বিষয়ে বাৰে বাৰে চিন্তা কৰি আছে । কিন্তু তাৰ সলনি যদি আপুনি প্ৰকল্পটোত সফলতা অৰ্জন কৰিবলৈ নতুবা বিষয়টোত ভাল নম্বৰ পাবলৈ কি কৰিব লাগিব সেই বিষয়ে অধিক চিন্তা কৰে, তেতিয়াহে ই আপোনাৰ বাবে লাভদায়ক হ’ব ৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষকসকলক সুধিব লাগে আৰু তেওঁলোকৰ সন্দেহ আঁতৰ কৰিব লাগে । টিউচন লোৱা উচিত নেকি… বা বন্ধুবৰ্গৰ পৰা সহায় ল’লে কোনো ধৰণৰ সুবিধা হ’ব নেকি… ইত্যাদি বিভিন্ন কোণৰ পৰা কথা এটা চিন্তা কৰা আৰম্ভ কৰিব লাগে । ইয়াতে মন কৰিবলগীয়া এটা কথা আছে । এটা সমস্যাৰ বিষয়ে বাৰে বাৰে চিন্তা কৰিলে সমস্যাটোৱে অধিক চাপহে দিয়ে । গতিকে সমস্যাটোৰ সমাধানৰ বিষয়েহে অধিক চিন্তা কৰা উচিত ৷ তেতিয়াহে সমস্যাটোৰ তীব্ৰতা হ্ৰাস হ’ব ।

সহনশীলতা (Resilience)

মানসিক চাপে আগুৰি ধৰা সময়ত সুস্থ হৈ থাকিবলৈ চেষ্টা কৰা উচিত । আপুনি কিমান সোনকালে বা সহজে মানসিক চাপৰ পৰা ওলাই আহিছে সেয়া ডাঙৰ কথা নহয়, কিন্তু ইয়াক এৰাই চলি পূৰ্বৰ অৱস্থালৈ উভতি যোৱাটোহে মূল কথা । মানসিক চাপৰ কাৰণ স্বীকাৰ কৰা, ইয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু উশাহ-নিশাহৰ ব্যায়াম কৰা ইত্যাদিয়ে মানসিক চাপৰ পৰিস্থিতিত সুফল দিয়ে ৷

আন কেইটামান পৰামৰ্শ

* কি পৰিস্থিতিত পৰি আনে কি পৰ্যায়ৰ মানসিক হেঁচা লাভ কৰিছে, সেই বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা নকৰিব । এনে কৰিলে এনে পৰিস্থিতিত আপুনি মানসিক চাপত ভূগিব ৷

* সদায় ইতিবাচক চিন্তাধাৰাৰ মানুহ আপোনাৰ কাষত থকাটো নিশ্চিত কৰক । ইয়াৰ দ্বাৰা আপুনি মানসিক চাপৰ পৰা আঁতৰি থাকি মানসিক শান্তিৰ ওচৰ চাপিব পাৰে ৷

লগতে পঢ়ক : সাক্ষাৎকাৰ লওঁতাই বিশেষকৈ কি কথা লক্ষ্য কৰে জানেনে ? - how to impress interviewer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.