ETV Bharat / health

আপোনাৰ শৰীৰৰ এই ৰোগ দূৰ কৰাত ফলপ্ৰসূ কাঠবাদাম - ALMOND

কাঠবাদাম তিয়াই খোৱাৰ অনেক উপকাৰিতা আছে । কিন্তু যদি আপুনি দৈনিক তিয়াই থোৱা কাঠবাদাম গ্ৰহণ কৰে তেন্তে আপুনি লাভ কৰিব পাৰে এই উপকাৰিতা-

Soaked almonds can be beneficial for addressing various serious health issues
আপোনাৰ শৰীৰৰ এই ৰোগ দূৰ কৰাত ফলপ্ৰসূ কাঠবাদাম (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Nov 4, 2024, 5:21 PM IST

শুকান ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী খাদ্য ৷ বিশেষকৈ কাঠবাদাম ৷ আচলতে, প্ৰতিদিনে পুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাটো স্বাস্থ্যৰ বাবে অমৃত স্বৰূপ ৷ কাঠবাদামে শৰীৰক অত্যাৱশ্যকীয় পুষ্টি প্ৰদান কৰাৰ লগতে পাচন তন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে ৷ তিয়াই খোৱা কাঠবাদামৰ বাকলিত টেনিন থাকে, যি শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে ৷ কাঠবাদামত ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে স্মৃতিশক্তি উন্নত কৰা, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা তথা সামগ্ৰিক শক্তিৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে ৷ তিয়াই থোৱা কাঠবাদাম খোৱাৰ আন আন উপকাৰিতাসমূহ হৈছে-

কলেষ্টেৰল নিয়ন্ত্ৰণ

তিয়াই থোৱা বাদাম খোৱাটো কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায়ক ৷ ই নিম্ন-ঘনত্বৰ কলেষ্টেৰল (এলডিএল) আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰা তথা ভাল কলেষ্টেৰলৰ (এইচডিএল) স্তৰ বজাই ৰখাত সহায় কৰে ৷ সেয়েহে, কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ আপুনি কাঠবাদাম খাব পাৰে ৷

কৰ্কট ৰোগৰ আশংকা হ্ৰাস

কাঠবাদাম খোৱাটোৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে ৷ ইয়াৰ কৰ্কট ৰোধী প্ৰভাৱ আছে, যিয়ে কৰ্কট কোষৰ বিকাশ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ তিতাই থোৱা কাঠবাদামত থকা এমিগডেলিন নামৰ যৌগটো কৰ্কট ৰোগৰ সম্ভাৱ্য চিকিৎসাত সহায়ক ৷ সেয়েহে, বাদাম খোৱাটো কৰ্কট ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাত সহায়ক হ'ব পাৰে ৷

শৰীৰৰ চৰ্বি হ্ৰাসত সহায়ক

যদি আপুনি ওজন হ্ৰাস কৰাৰ উপায় বিচাৰি আছে, তেন্তে আজিয়েই আপোনাৰ খাদ্য তালিকাত কাঠবাদাম অন্তৰ্ভূক্ত কৰক ৷ কম কেলৰিযুক্ত আহাৰৰ সৈতে কাঠবাদাম মিহলি কৰি আপুনি ওজন হ্ৰাস কৰিবও পাৰে ৷ কাঠবাদামত প্ৰ'টিন, আঁহ আৰু স্বাস্থ্যকৰ চৰ্বি থাকে, যি দীঘলীয়া সময়ৰ বাবে আপোনাক কষ্ট দি অহা শাৰিৰীক সমস্যা প্ৰতিহত কৰাত সহায় কৰে ৷ এই উপাদানবোৰে ভোক নিয়ন্ত্ৰণ কৰে আৰু লগতে অধিক খোৱাৰ আকাংক্ষা হ্ৰাস কৰে, যি কেলৰি গ্ৰহণ হ্ৰাস কৰিব পাৰে ৷

চকুৰ স্বাস্থ্যৰ বাবে কাঠবাদাম

চকুৰ স্বাস্থ্য বজাই ৰখাৰ বাবেও কাঠবাদাম অতি উপকাৰী ৷ ই ভিটামিন ই আৰু জিংক সমৃদ্ধ, যি চকু সম্পৰ্কীয় ৰোগ যেনে বয়স-সম্পৰ্কীয় মেকুলাৰ ডিজেনাৰেচন (এএমডি) প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে ৷ ৰেটিনা স্বাস্থ্যৱান ৰখাত জিংক সহায়ক, যিয়ে চকুৰ স্বাস্থ্য উন্নত কৰিব পাৰে ৷

ডায়েবেটিচ নিয়ন্ত্ৰণ

ডায়েবেটিচ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবেও তিয়াই থোৱা বাদাম খোৱাটো উপকাৰী ৷ কাঠবাদামত আঁহ, অসংপৃক্ত চৰ্বি আৰু কম কাৰ্বোহাইড্ৰেট থাকে, যাৰ বাবে ইয়াক নিম্ন-গ্লাইচেমিক সূচক আহাৰ হিচাপে বিবেচনা কৰা হয় ৷ ই টাইপ ২ ডায়বেটিচৰ আশংকা হ্ৰাস কৰাতো আপোনাক সহায় কৰিব পাৰে ৷ সেয়েহে, পুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাটো অতি উপকাৰী ৷

শক্তিশালী কৰে হাড়

হাড় শক্তিশালী কৰাৰ বাবেও আপুনি পুৱা তিয়াই থোৱা বাদাম খাব পাৰে ৷ কাঠবাদামত কেলচিয়াম আৰু মেগনেছিয়ামৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টি থাকে, যি হাড়ৰ শক্তিৰ বাবে অত্যাৱশ্যকীয় ৷ মেগনেছিয়াম হাড়ৰ খনিজ ঘনত্ব উন্নত কৰাত সহায়ক, যাৰ ফলত অষ্টিওপোৰোচিছ আৰু হাড়ৰ প্ৰদাহ হয় ৷

উল্লেখ্য যে, কেৱল তিয়াই থৈয়ে নহয়, আপুনি অন্যান্য উপায়ৰেও কাঠবাদাম আপোনাৰ খাদ্য তালিকাত অন্তভূক্ত কৰি নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে ৷

https://www.healthline.com/nutrition/soaking-almonds

লগতে পঢ়ক: আপোনাৰ ছালৰ বাবে খুবেই উপকাৰী কাঠবাদাম - Soaked Almonds For Skin

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.