ETV Bharat / health

মহাদেৱৰ এইবিধ প্ৰিয় ফলে আপোনাক সকাহ দিব বিভিন্ন ৰোগৰ পৰা - Stone Apple

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:11 PM IST

Stone Apple Benefits: আয়ুৰ্বেদত বেলক এক গুৰুত্বপূৰ্ণ ফল বুলি গণ্য কৰা হয়, যি বহু পাচন সম্বন্ধীয় ৰোগত উপকাৰী । এই ফলৰ প্ৰতিটো অংশই স্বাস্থ্যৰ বাবে উপকাৰী । এই ফলটো বাহিৰৰ পৰা যিমানেই কঠিন হয় সিমানেই ভিতৰৰ পৰাও কোমল । জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহ-

Sawan 2024: Stone Apple is the most favorite fruit of Lord Shiva this will protect you from many diseases
মহাদেৱৰ এইবিধ প্ৰিয় ফলে আপোনাক সকাহ দিব বিভিন্ন ৰোগৰ পৰা (Getty Images)

শাওন মাহত ভগৱান শিৱৰ পূজা অৰ্চনা কৰা হয় ৷ শাওন মাহত ভগৱান শংকৰক পূজা কৰিলে মনোকামনা পূৰণ হয় বুলিও বিশ্বাস কৰা হয় ৷ শাওন মাহত পূজাৰ সময়ত মানুহে ফল-ফুলৰ লগতে মহাদেৱক বেলপাতো আগবঢ়ায় ৷

এইটোৱেই হৈছে শাওন মাহৰ ধৰ্মীয় গুৰুত্ব ৷ কিন্তু শাওন মাহত পূজাৰ সময়ত ভগৱান শংকৰক যি বেলপাত আগবঢ়োৱা হয়, তাৰ বাহিৰেও ইয়াৰ ফলো আগবঢ়োৱা হয় ৷ ইয়াৰ ফল স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ বেলৰ পৰা তৈয়াৰী চৰবত বিশেষভাৱে খোৱা হয় ৷

কিন্তু চিকিৎসকে কয় যে, সাধাৰণতে মানুহে গৰমৰ পৰা সকাহ পাবলৈ বেলৰ চৰবত খায় ৷ কিন্তু আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা বেলে শৰীৰক বহু ৰোগৰ পৰা আঁতৰাই ৰখাত সহায় কৰে ৷ বেল শৰীৰৰ বাবে কেনেদৰে উপকাৰী সেই বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক ৷

বহুতো পুষ্টিকৰ উপাদানৰ ভঁৰাল

বিশেষজ্ঞসকলৰ মতে, বেলত প্ৰ’টিন, আঁহ, চৰ্বি, কেলচিয়াম, পটাছিয়াম, আইৰণ, ফছফৰাছ আদি মৌল পোৱা যায় ৷ ইয়াৰ উপৰিও এই ফলত ভিটামিন এ, বি আৰু চিও প্ৰচুৰ পৰিমাণে পোৱা যায় ৷

হৃদৰোগৰ পৰা ৰক্ষা কৰে

বহু ৰোগত বেলক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ কিন্তু বিশেষকৈ পেট আৰু হৃদৰোগৰ পৰা ৰক্ষা কৰাত বেলে এক বিশেষ ভূমিকা পালন কৰে ৷ বেলৰ প্ৰদাহ কমোৱাৰ ক্ষমতা আছে ৷ ইয়াৰ লগতে ই জণ্ডিচ আৰু আলচাৰ আঁতৰোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক ৷

কলেষ্টেৰলত উপকাৰী

বিশেষজ্ঞসকলৰ মতে, বেল আমাৰ হজম শক্তিৰ বাবে অতি উপকাৰী ৷ বেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ আঁহে আমাৰ হজম শক্তি শক্তিশালী কৰাৰ কাম কৰে ৷ ইয়াৰ উপৰিও শৰীৰৰ শিৰাত জমা হোৱা বেয়া কলেষ্টেৰল কমোৱাতো ই সহায় কৰে ৷

কেনেকৈ খাব লাগে

বেল বহু ধৰণে খাব পাৰি ৷ দৰাচলতে ইয়াক বেছিভাগেই চৰবত হিচাপে খায় ৷ কিন্তু আপুনি খালীকৈও বেল ভাঙি তাৰ ভিতৰৰ অংশখিনি উলিয়াই খাব পাৰে ৷ ইয়াৰ বাহিৰেও ইয়াৰ ভিতৰৰ অংশখিনি উলিয়াই ৰাতি পানীত তিয়াই পিচদিনা পুৱা খালে উপকাৰিতা লাভ কৰিব পাৰি ৷

লগতে পঢ়ক: শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.