ETV Bharat / health

এইবাৰ ৰাখীবন্ধনত থাকিব ভদ্ৰৰ ছায়া...ভাতৃক ৰাখি বান্ধিলে হ’ব বিপদ...জানি লওক শুভ মহুৰত - Raksha Bandhan 2024 - RAKSHA BANDHAN 2024

Raksha Bandhan 2024: ৰাখীবন্ধনে ভাই-ভনীৰ মাজত থকা শক্তিশালী সম্পৰ্কৰ প্ৰতীক য'ত ভগ্নীয়ে মৰমেৰে ভাতৃৰ হাতৰ মণিবন্ধত ৰাখী বান্ধে । বিনিময়ত ভাতৃয়ে সদায় নিজৰ ভগ্নীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু মৰমেৰে উপহাৰ আগবঢ়ায় । এই উৎসৱে সম্পৰ্কবোৰ আৰু মধুৰ কৰি তোলে, গতিকে এই উৎসৱক সকলো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰিবলৈ ভদ্ৰযোগৰ সময় আৰু ৰাখীবন্ধনৰ শুভ সময়ৰ বিষয়ে জানি লও আহক-

Raksha Bandhan 2024: Date, Shubh Muhurat, Bhadra Kaal and Best Time to tie Rakhi
ৰাখীবন্ধন ২০২৪ (CANVA)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 1:50 PM IST

ৰক্ষা বন্ধন বা ৰাখীবন্ধন সনাতন ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিয়ে ভাই-ভনীৰ মাজৰ মৰমৰ সম্পৰ্কৰ প্ৰতীক হিচাপে জনা যায় । এই উৎসৱ প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়, এইবাৰ ২০২৪ চনৰ ১৯ ​​আগষ্ট সোমবাৰে পালন কৰা হ’ব । ধৰ্মীয় বিশ্বাস অনুসৰি এই শুভ দিনটোত ভগ্নীসকলে ভাতৃক ৰাখী বান্ধি মিঠাই খুৱাই ভাতৃৰ পৰা উপহাৰ গ্ৰহণ কৰে, যেতিয়া এই শুভ অনুষ্ঠান ইমান ওচৰ চাপিছে, তেন্তে জানি লওঁক এই দিনটোৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা-

ভদ্ৰ যোগ

জ্যোতিষশাস্ত্ৰবিদ সকলৰ হিচাপ অনুসৰি এইবাৰ ৰাখীবন্ধনত ভদ্ৰৰ ছাঁয়া থাকিব । ইয়াৰ প্ৰভাৱ পুৱা ৫.৫৩ বজাৰ পৰা আৰম্ভ হ’ব দুপৰীয়া ১.৩২ বজাত অন্ত পৰিব । এই সময়ত ভুলতেও ৰাখী বান্ধিব নালাগে বা অশুভ সময় বুলি গণ্য কৰা হয়, কাৰণ এই সময় কোনো শুভ কামৰ বাবে ভাল বুলি গণ্য কৰা নহয় । আপোনালোকক জনাই দিও যে, সনাতন ধৰ্মত শুভ কৰ্ম সম্পাদন কৰাৰ সময়ত ভদ্ৰ যুগৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয় ।

Raksha Bandhan 2024: Date, Shubh Muhurat, Bhadra Kaal and Best Time to tie Rakhi
ৰাখীবন্ধন ২০২৪ (GETTY IMAGES)

এই সময়ছোৱাত কৰা কামত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰা হয় । একে সময়তে এই সময়ছোৱাত ৰাখী বন্ধা, ঘৰ-বাৰী, বিবাহ সম্পৰ্কীয় কাৰ্যসূচী, পূজা-অনুষ্ঠান আদি কাম কৰাটো অত্যন্ত অশুভ বুলি গণ্য কৰা হয় । লগতে এই সময়ছোৱাত আপুনি আপোনাৰ ভাতৃক ৰাখী বান্ধিলে তেওঁৰ জীৱনলৈ অমংগলৰ আগমণ ঘটিব পাৰে ৷ তেন্তে আপুনি আপোনাৰ ভাতৃক কেতিয়া ৰাখী বান্ধিব ৷

ৰাখীবন্ধনৰ শুভ মহুৰত

হিন্দু পঞ্জিকা অনুসৰি ৰাখী বান্ধিবলৈ ভদ্ৰ কাল মহুৰতৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই উৎসৱ পালনৰ বাবে ইয়াক শুভ বুলি গণ্য কৰা নহয় । ৰাখী আটাইতকৈ পবিত্ৰ উৎসৱ যেতিয়া ভগ্নীসকলে নিজৰ ভাতৃৰ মংগল আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে আৰু এই অনুভৱেৰে তেওঁলোকে হাতৰ মণিবন্ধত ৰাখী বান্ধে ৷

Raksha Bandhan 2024: Date, Shubh Muhurat, Bhadra Kaal and Best Time to tie Rakhi
ৰাখীবন্ধন ২০২৪ (CANVA)

এই দিনটোতে ভগ্নীসকলে ভাতৃৰ পৰা তেওঁক সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি লয় । গতিকে ভদ্ৰ কালৰ এই সময়ছোৱাৰ পৰা আঁতৰি থকাটো খুবেই জৰুৰী । এইবাৰ এই ৰাখীবন্ধনৰ এই পৰ্ব কাইলৈ অৰ্থা ​​১৯ আগষ্টত ৰাখীবন্ধন উৎসৱ পালন কৰা হ’ব । পঞ্চাংগৰ তথ্য অনুসৰি, এইবাৰ ৰাখী বান্ধিবলৈ শুভ সময় ১৯ আগষ্টত দুপৰীয়া ০১:৩৪ বজাৰ পৰা নিশা ০৯:০৭ বজালৈ হ’ব । এই শুভ সময়ত ভাতৃক ৰাখী বান্ধিব পাৰি ।

লগতে পঢ়ক: শিল্পীয়ে অভিনৱ ৰাখী তৈয়াৰেৰে বিশ্ব ৰেকৰ্ড গঢ়ি 2023 বৰ্ষৰ ৰাখী বন্ধনক দিলে এক নতুন মাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.