ETV Bharat / health

মুখমণ্ডলত শালমন হোৱাটো নিবিচাৰে যদি আজিয়েই ত্যাগ কৰক এইসমূহ খাদ্য - Foods That Cause Acne

Acne and Pimple: যদি মুখমণ্ডলত প্ৰায় সময়তে শালমনৰ সমস্যা থাকে আৰু বহু চেষ্টা চলোৱাৰ পিচতো যদি ছালৰ এই সমস্যা সমাধান হোৱা নাই, তেন্তে আপোনাৰ অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই এই সমস্যা গা কৰি উঠিব পাৰে। সাধাৰণতে এনে কিছুমান খাদ্য আছে, যিবোৰ খাদ্য অত্যধিক গ্ৰহণ কৰাৰ ফলত ছালৰ সমস্যাই দেখা দিয়ে।

Pimple and acne ? Here Are Foods That May Be Causing It
মুখমণ্ডলত শালমন হোৱাটো নিবিচাৰে যদি আজিয়েই ত্যাগ কৰক এইসমূহ খাদ্য (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 6:13 PM IST

মুখমণ্ডলত কেতিয়াবা শালমন বা পিম্পল হোৱাটো তেনেই স্বাভাৱিক কথা ৷ সাধাৰণতে শালমনৰ সমস্যাই দেখা দিলেও কেইদিনমানৰ ভিতৰতে সেই সমস্যা নিজে নিজে আঁতৰ হয় ৷ কিন্তু কিছু কিছু লোকৰ ক্ষেত্ৰত মুখত প্ৰায়ে শালমন বা ছালৰ আন আন সমস্যা দেখিবলৈ পোৱা যায় ৷ ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ মানুহে ঘৰুৱা ঔষধৰ পৰা আৰম্ভ কৰি বহুতো দামী সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰী ব্যৱহাৰ কৰে ৷ ইয়াৰ পিচতো বহু সময়ত এই সমস্যা শেষ নহয় ৷ এনে পৰিস্থিতিত আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় ৷

যদি মুখমণ্ডলত প্ৰায় সময়তে শালমনৰ সমস্যা থাকে আৰু বহু চেষ্টা চলোৱাৰ পিচতো যদি ছালৰ এই সমস্যা সমাধান হোৱা নাই, তেন্তে আপোনাৰ অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই এই সমস্যা গা কৰি উঠিব পাৰে ৷ সাধাৰণতে এনে কিছুমান খাদ্য আছে, যিবোৰ খাদ্য অত্যধিক গ্ৰহণ কৰাৰ ফলত ছালৰ সমস্যাই দেখা দিয়ে ৷

বিশেষজ্ঞসকলে শালমন বা ছালৰ আন সমস্যা সৃষ্টি কৰিব পৰা এনে কিছু খাদ্যৰ বিষয়ে সততে উল্লেখ কৰিছে ৷ এই বিষয়ে জানো আহক-

অত্যধিক তেলত ভজা খাদ্য খোৱা

সাধাৰণতে বাহিৰত পোৱা স্বাদযুক্ত যিকোনো খাদ্যৰ প্ৰতি আমাৰ প্ৰায় সকলোৰে লোভ থাকে ৷ কিন্তু এনেধৰণৰ খাদ্যৰ ফলত আপোনাৰ শৰীৰত অস্বাস্থ্যকৰ চৰ্বি বৃদ্ধি হোৱাই নহয়, আপুনি ছালৰ গুৰুতৰ সমস্যাৰো বলি হ’ব পাৰে ৷ অধিক ভজা বা তেলীয়া খাদ্য নিয়মিত খালে ছাল অধিক তেলিয়া হৈ পৰে ৷ ইয়াৰ ফলত শালমনকে ধৰি অন্যান্য ছালৰ সমস্যাৰ সৃষ্টি হয় ৷

অতিমাত্ৰা মিঠা খাদ্য খোৱা

যদি আপুনিও মিঠা খাদ্য খোৱাৰ প্ৰতি অতি আসক্ত বা বহুত মিঠা খাদ্য খায় তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন ৷ কেক, কুকিজ, মিঠা পানীয়, মিঠাই আদি সেৱন কৰিলে শালমনৰ সমস্যা অধিক হ’ব পাৰে ৷ ইয়াৰ উপৰিও দাঁতৰ সমস্যাৰ লগতে আন স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনাও বৃদ্ধি পায় ৷

অতি প্ৰচেছড খাদ্য পৰিহাৰ কৰক

আধুনিক জীৱনশৈলীত জাংক ফুডৰ বাহিৰেও চিপচ, ফ্ৰ’জেন ফুড ইত্যাদি অতি প্ৰচেছড খাদ্যৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা যথেষ্ট বৃদ্ধি পাইছে ৷ ছালৰ সমস্যাকে ধৰি আন স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ এই সকলোবোৰ বস্তুৰ ব্যৱহাৰ কম কৰা উচিত ৷

অত্যধিক দুগ্ধজাত সামগ্ৰী

গাখীৰ আৰু পনিৰৰ দৰে দুগ্ধজাত সামগ্ৰী অতি স্বাস্থ্যকৰ ৷ শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে স্বাস্থ্যৰ বাবে এইসমূহ খাদ্য অতি প্ৰয়োজনীয় যদিও ইয়াৰ অত্যধিক ভোজনে ছালত তেল বৃদ্ধি কৰিব পাৰে, যাৰ ফলত শালমন হ’ব পাৰে ৷ সেয়ে পৰাপক্ষত কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰীহে খাব লাগে ৷

লগতে পঢ়ক: শালমইনা আঁতৰাবলৈ ভুলতো নকৰিব এই কাম... - Skin Care tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.