ETV Bharat / health

এক দৃষ্টিহীনমুক্ত অসম গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী এদল চিকিৎসক - Blindness Free Assam

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 2:26 PM IST

Blindness-Free Assam: দৃষ্টিহীনমুক্ত অসম গঢ়াৰ অহৰহ প্ৰচেষ্টাত এদল চিকিৎসক । নেচনেল প্ৰ'গ্ৰেম ফ'ৰ কনট্ৰল অৱ ব্লাইণ্ডনেচ আৰু এছ এছ দি এনৰ সন্মিলিত প্ৰচেষ্টাত অন্ধত্ব নিবাৰণ বাবে অসমৰ গ্রামাঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে একাংশ চিকিৎসকে । এই প্ৰচেষ্টা সন্দৰ্ভত কি ক’লে চকুৰোগ বিশেষজ্ঞ ডাঃ হৰ্ষ ভট্টাচাৰ্যই চাও আহক-

Blindness-Free Assam
দৃষ্টিহীনমুক্ত অসম গঢ়াৰ প্ৰচেষ্টাত এদল চিকিৎসক (ETV Bharat Assam)

গুৱাহাটী, 29 আগষ্ট: বৰ্তমান সময়ত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত অন্যতম সমস্যা হৈছে অন্ধত্বৰ ৷ সজাগ আৰু সচেতনতাৰ অভাৱত একাংশলোক প্ৰথম অৱস্থাত চকুৰ ভিন্ন সমস্যাত ভোগাৰ লগতে পৰৱৰ্তী সময়ত অন্ধ হোৱাও দেখা যায় ৷ এই সমস্যাত ভোগা একাংশ লোকেই হৈছে গ্ৰামাঞ্চলৰ ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে অসমৰ গ্ৰামাঞ্চলসমূহৰ যিসমূহ সমস্যা আছে সেই সমূহৰ ভিতৰত এটি অন্যতম সমস্যা হৈছে যাতায়ত আৰু দ্বিতীয়তো হৈছে চিকিৎসাৰ পৰিসৰ ৷ গ্ৰামাঞ্চলসমূহত চিকিৎসাৰ পৰিসৰ যিমানখিনি আছে সেয়া পৰ্যাপ্ত নহয় ৷ তদুপৰি অন্য কিছু সমস্যাও আছে যেনে বানপানীৰ সমস্যা, আৰ্থিক সমস্যা আদি ৷ এনেবোৰ কাৰণতে বা আৰ্থিক সমস্যাৰ কাৰণে বহু সময়ত বহু সৰু সৰু যেন লগা ৰোগসমূহৰ চিকিৎসা নকৰাকৈ থাকে ৷ তাৰে ভিতৰত প্ৰায়ে দেখা এটা ৰোগ হৈছে চকুৰ ৰোগ ৷

ডাঃ হৰ্ষ ভট্টাচাৰ্য (ETV Bharat Assam)

চকুৰ কিবা সমস্যা হ'লে সাধাৰণতে চিকিৎসা নকৰাকৈয়ে থকা দেখা যায় ৷ কাৰণ এজন লোকে যদি গাঁওৰ পৰা চহৰলৈ আহি চিকিৎসা কৰিবলগীয়া হয় তেতিয়া পৰিসংখ্যা অনুসৰি ব্যক্তিজনৰ ২ ৰ পৰা ৩ হাজাৰ পৰ্যন্ত টকা খৰচ হয় ৷ এই পৰিমাণৰ ধন ব্যয় কৰি সাধাৰণতে আৰ্থিকভাৱে পিছপৰা এটা পৰিয়ালৰ সমৰ্থন নাথাকে ৷ ইফালে চকুৰ পৰীক্ষা কৰি এজোৰ চশমা দিব পৰা চিকিৎসা কেন্দ্ৰ গ্ৰামাঞ্চলসমূহত প্ৰায়ে নাথাকে ৷ যাৰ বাবে চকুৰ স্বাস্থ্য কেনেদৰে আছে সেয়াও জনাৰ পৰা বঞ্চিত হ'বলগীয়া হয় বহুলোক ৷

এক সমীক্ষা অনুসৰি অসমৰ প্ৰায়ভাগ গ্ৰামাঞ্চলতে দৃষ্টিহীনতাৰ সমস্যাত ভোগা লোকৰ সমস্যা অধিক ৷ এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ তথা সঠিক চিকিৎসা কৰাৰ উদ্দেশ্যে ওলাই আহিছে এটি সংস্থা ৷ 'নেচনেল প্ৰ'গ্ৰেম ফ'ৰ কনট্ৰল অৱ ব্লাইণ্ডনেচ আৰু চৰকাৰী স্বাস্থ্য বিভাগৰ' সন্মিলিত প্ৰচেষ্টাত দৃষ্টিহীনতাৰ সমস্যা নিবাৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ দ্বাৰা বহু কেইখন গাঁৱত অন্ধত্ব নিবাৰণ কৰা হৈছে যদিও কিছু ক্ষেত্ৰত বিফল হ'ব লগীয়াও হৈছে ৷

এই সন্দৰ্ভত চকুৰোগ বিশেষজ্ঞ ডাঃ হৰ্ষ ভট্টাচাৰ্যই কয়,'আমি প্ৰথমতে ১৯৯৫ চনৰ পৰা গ্ৰামাঞ্চলত চিকিৎসা কৰা প্ৰক্ৰিয়া আৰম্ভ কৰোঁ ৷ গ্ৰামাঞ্চলত চিকিৎসা কৰা বিভিন্ন পদ্ধতি আছে তাৰে ভিতৰত এটা অন্যতম পদ্ধতি হৈছে 'চকুৰ শিবিৰ' ৷ এনে শিবিৰত ৰোগীক চিনাক্ত কৰি চিকিৎসা আৰু অস্ত্ৰোপচাৰ কৰা হয় ৷ দ্বিতীয়তে বৈজ্ঞানিকভাৱে আগবঢ়োৱা চিকিৎসাৰ যি প্ৰভাৱ অৰ্থাৎ এনে চিকিৎসাৰ পৰা তেওঁলোকে কেনেদৰে লাভান্বিত হৈছে সেই সন্দৰ্ভত জানিব পৰা যায় ৷'

লগতে তেওঁ কয়,' চকুৰ চিকিৎসা বা অস্ত্ৰোপচাৰৰ পাচত ৰোগীজনে কিমান সুস্থ হৈছে আৰু তেওঁৰ চকুৰ স্বাস্থ্য কেনে আছে সেয়া জনাটো জৰুৰী ৷ দৃষ্টিশক্তি উন্নত হৈছে নে নাই আৰু চিকিৎসাৰ প্ৰয়োজন আছে নে নাই সেয়া জানিবলৈ আমাৰ সংস্থাই টাৰ্গেট লৈছে ৷ যিসকল ৰোগীৰ অন্ধত্বৰ চিকিৎসা কৰিলে ভাল হোৱাৰ সম্ভাৱনা থাকে তেওঁলোকৰ অস্ত্ৰোপচাৰ কৰা হয়, লগতে যিসকল ৰোগীৰ অস্ত্ৰোপচাৰ কৰাৰ পাচতো সুস্থ নহয় তেওঁলোকৰ ক্ষেত্ৰত কৰ্ণিয়া ট্ৰান্সপ্লাণ্টৰ চেষ্টা কৰা হয় যাৰ জৰিয়তে দৃষ্টিহীন লোকৰ চকুত কৰ্ণিয়াক সংৰোপণ কৰা হয় ৷ লগতে তেওঁলোকে চলা-ফুৰা কৰাৰ পৰা আৰম্ভ কৰি উপাৰ্জনৰ বাট দেখুৱাই দিয়াৰ ক্ষেত্ৰতো সহায় কৰা হয় ৷ যেতিয়া কোনো এগৰাকী ৰোগী চকুৰ কোনো সমস্যাত হয় তেতিয়া এনে কিছু লোকো আছে যে তেওঁলোকে নাজানে কলৈ গ'লে উপযুক্ত চিকিৎসা লাভ কৰিব ফলত ৰোগীগৰাকীৰ পৰিস্থিতি অতি জটিল হৈ পৰে ৷'

উল্লেখযোগ্য যে, বৰ্তমানলৈ ২১০০তকৈও অধিক গাঁৱত এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ৷ যাৰ দ্বাৰা বহুলোকৰে উপযুক্ত চকুৰ চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰ কৰি অন্ধত্বমুক্ত কৰিছে সংস্থাটোয়ে ৷

লগতে পঢ়ক: নেত্ৰদান কৰিলে গোটেই চকুটো উলিয়াই লৈ যায় নেকি ? জানক কোনে কৰিব পাৰে নেত্ৰদান আৰু কোনে নোৱাৰে - National Eye Donation Fortnight

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.