ETV Bharat / health

গাৰ ছাল নিমজ হোৱাটো বিচাৰে নেকি ? তেন্তে খাওক এইবিধ ফল... - National Mango Day - NATIONAL MANGO DAY

Mango Festival : আমক ফলৰ ৰজা বুলি কোৱা হয় । ভাৰতৰ বিভিন্ন ৰাজ্যত বহু সুস্বাদু প্ৰজাতিৰ আমৰ খেতি কৰা হয় । আম উৎপাদনকাৰী কৃষক, বিজ্ঞানী আৰু ইয়াৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ অৱদানক সন্মান জনাই প্ৰতি বছৰে ৰাষ্ট্ৰীয় আম দিৱস/আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱ পালন কৰা হয় ।

International Mango Festival
আম দিৱস (IANS)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 9:51 AM IST

Updated : Jul 22, 2024, 11:45 AM IST

বিশেষ প্ৰতিবেদন, ২২ জুলাই : প্ৰতি বছৰে ২২ জুলাইৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় আম দিৱস হিচাবে পালন কৰা হয় । আম, ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ ৷ লগতে আমক ভাৰতৰ অন্যতম প্ৰিয় ফল আৰু ইয়াক ‘ফলৰ ৰজা’ হিচাপেও জনা যায় । বিশ্বৰ প্ৰতিজন মানুহেই এই ফলবিধ খাই ৷ আটাইতকৈ বেছি ৰস থকা ফলৰ ভিতৰত অন্যতম হৈছে এই আম ।

আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱৰ ইতিহাস:

১৯৮৭ চনৰ পৰাই আৰম্ভ হয় আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱ, যেতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডে এটা উজ্জ্বল ধাৰণা আছিল – আমক উদযাপন কৰা । তেতিয়াৰ পৰাই এক বাৰ্ষিক পৰম্পৰাত পৰিণত হৈছে, যাৰ বাবে সমগ্ৰ দেশৰ আমপ্ৰেমীসকলে আজিৰ এই দিনটোৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰি থাকে । আমৰে ভৰা এই উৎসৱৰ সময়ত ব্যস্ত হৈ থাকে আমৰ বজাৰ, আমৰ প্ৰদৰ্শনী আদি ৷

আম এবিধ সাধাৰণ ফল ৷ এই ফলক বিশ্বৰ বহু দেশৰ সংস্কৃতি আৰু ইতিহাসৰ এক অবিচ্ছেদ্য উপাদান বুলি গণ্য কৰা হয় । ৫০০০ বছৰতকৈও অধিক পূৰ্বৰে পৰা ভাৰতত প্ৰথম আমৰ খেতি কৰা হৈছিল ।

লগতে পঢ়ক : সুস্বাদু আমৰ মিল্কশ্বেকে আপোনাৰ স্বাস্থ্যৰ বাবে মাতিব পাৰে বিপদ ! - Mango Shake

আমক কাজু পৰিয়ালৰ অন্তৰ্গত এবিধ ফল হিচাবে ধৰা হয় ৷ ইয়াৰ বৈজ্ঞানিক নাম Mangifera Indica (Anacardiaceae)। আম এনে এবিধ ফল যি ড্ৰুপ পৰিয়ালৰ অংশ । আম ফলবিধৰ এখন পাতল, ম’মৰ দৰে, ৰঙা/হালধীয়া আৰু সেউজীয়া ছাল থাকে, যিয়ে বাহিৰৰ অংশ ঢাকি ৰাখে । ভিতৰ ভাগত অত্যন্ত সোৱাদযুক্ত মঙহৰ মাজত এটা ডাঙৰ গুটি থাকে । আমৰ মিঠা আৰু টেঙা দুয়োটা সোৱাদ থাকে ।

আম খেতিৰ উৎপত্তি দক্ষিণ-পূব এছিয়াত হোৱা বুলি ধাৰণা কৰা হয় । দক্ষিণ এছিয়াত আমৰ খেতি প্ৰায় ছয়হাজাৰ বছৰ ধৰি চলি আহিছে । বিশ্বত উৎপাদিত আমৰ প্ৰায় ৫০ শতাংশ উৎপাদন কৰা দেশসমূহৰ ভিতৰত ভাৰত স্থান প্ৰথমত আছে ।

‘আম’ নামটো সম্ভৱতঃ মালায়ালাম শব্দ ‘মন্না’ৰ পৰাই উদ্ভৱ হৈছে, যিটো শব্দ ১৪৯৮ চনত পৰ্তুগীজসকলে মছলাৰ ব্যৱসায় কৰিবলৈ কেৰালাত উপস্থিত হোৱাৰ সময়ত উদ্ভাৱন কৰিছিল । আমৰ বীজ এঠাইৰ পৰা আন এঠাইলৈ পৰিবহণ কৰাত কিছু অসুবিধা হোৱাৰ বাবে প্ৰায় ১৭০০ চনলৈকে এই গছজোপা পশ্চিম গোলাৰ্ধত প্ৰৱেশ কৰা হোৱা নাছিল আৰু ব্ৰাজিলত ৰোপণ কৰাৰ পিছত প্ৰায় ১৭৪০ চনত ই ৱেষ্ট ইণ্ডিজত উপস্থিত হৈছিল ।

লগতে পঢ়ক : আম নকটাকৈয়ে কেনেকৈ জানিব পকা নে কেঁচা ? জানি লওক এই টিপছ - MANGO PURCHASING TIPS

ভাৰতত আমৰ উৎপাদন :

ভাৰতত আমৰ এক দীঘলীয়া আৰু চহকী ইতিহাস আছে । বেদ আৰু পুৰাণকে ধৰি প্ৰাচীন ভাৰতীয় শাস্ত্ৰত আম ফলবিধক প্ৰেম, উৰ্বৰতা আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে উল্লেখ কৰা হৈছে । প্ৰাচীন কালত ইয়াক ‘ৰসলা’ বা ‘সহকাৰ’ (Rasala or Sahakara) বুলি কোৱা হৈছিল ।

মুঠ ২.৫ কোটি মেট্ৰিক টন আম উৎপাদনেৰে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ আম উৎপাদনকাৰীৰ খিতাপ দখল কৰিছে ৷ ভাৰতৰ পাচতে আছে চীন, ইণ্ডোনেছিয়া, পাকিস্তান আৰু মেক্সিকো ।

২৫ নিযুত মেট্ৰিক টন আম উৎপাদন কৰি বিশ্বজুৰি আম উৎপাদনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে ভাৰতে । আলফনছ’ (Alphonso) আৰু কেছাৰ(Kesar)ৰ দৰে জাতৰ বাবে বিখ্যাত ভাৰতৰ আমৰ সোৱাদেই সুকীয়া ৷ লগতে ইয়াৰ আছে এক সুগন্ধিও ৷ ভাৰতীয় কৃষকসকলে পৰম্পৰাগতভাৱেই আধুনিক কৌশলক একলগ কৰি এক সমৃদ্ধিশালী আম উদ্যোগটো গঢ়ি তুলিছে ৷

লগতে পঢ়ক : আপুনি খোৱা আম কেমিকেলযুক্ত নেকি? FSSAI ৰ সতৰ্কবাণী - FSSAI Warns Mango Traders

ভাৰতত আমৰ প্ৰকাৰ :

ভাৰতত ১০০০ ব্যৱসায়িক জাতকে ধৰি প্ৰায় ১৫০০ জাতৰ আমৰ খেতি কৰা হয় । আমৰ প্ৰত্যেকটো প্ৰজাতিৰে সোৱাদ সুকীয়া । ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন প্ৰকাৰৰ আম খেতি কৰা হয় ৷ তলৰ তালিকা উল্লেখ কৰা হৈছে :

  • এলফ’নছ’ আম - ৰত্নগিৰি, মহাৰাষ্ট্ৰ
  • কেশৰ আম - জুনাগড়, গুজৰাট
  • দশেৰী আম - লক্ষ্ণৌ আৰু মালিহাবাদ, উত্তৰ প্ৰদেশ
  • হিমসাগৰ আৰু কিষাণ ভোগ আম - মুৰ্ছিদাবাদ, পশ্চিম বংগ
  • চৌছা আম - হাৰদয়, উত্তৰ প্ৰদেশ
  • বদামী আম - উত্তৰ কৰ্ণাটক
  • ছাফেদা আম- অন্ধ্ৰ প্ৰদেশ
  • বোম্বে সেউজীয়া আম - পঞ্জাব
  • লেংৰা আম - বাৰাণসী, উত্তৰ প্ৰদেশ
  • টোতাপুৰী আম - বেংগালুৰু, কৰ্ণাটক
  • নীলম আম - অন্ধ্ৰ প্ৰদেশ
  • ৰসপুৰী আম - কৰ্ণাটক
  • মালগোয়া/মুলগোবা আম - চেলেম, তামিলনাডু
  • লক্ষ্মণভোগ আম - মালদা, পশ্চিম বংগ
  • অম্ৰপালি আম - সমগ্ৰ ভাৰতত
  • ইমাম পাছান্দ আম - অন্ধ্ৰ প্ৰদেশ/তেলেংগানা/তামিলনাডু
  • ফাজলী আম - বিহাৰ/পশ্চিম বংগ
  • মানকুৰাদ আম - গোৱা
  • পাহেৰী/পৈৰি আম - গুজৰাট
  • মল্লিকা আম - সমগ্ৰ ভাৰতত
  • গুলাব খাছ আম - বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগ
  • বনাৰস আম - গুজৰাট
  • কিলিচুন্দন আম - কেৰালা
  • ৰুমানী আম - চেন্নাই

স্বাস্থ্য বাবে আমৰ উপকাৰীতা :

ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ : আমত পটাছিয়াম আৰু মেগনেছিয়ামৰ লগতে A, C, E ভিটামিনৰ পৰিমাণ যথেষ্ট বেছি থাকে ৷ যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, ছালৰ স্বাস্থ্য, শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ।

লগতে পঢ়ক : কেঁচা নে পকা ! কোনবিধ আম স্বাস্থ্যৰ পক্ষে উত্তম জানেনে ? - Raw Mango vs Ripe Mango

হজম শক্তি উন্নত কৰে :

আমৰ শীতল প্ৰভাৱ আৰু এমাইলেজৰ দৰে পাচন এনজাইমে কাৰ্ব ভাঙি পেলায় ৷ ফলত বদহজম, পেট ফুলা আৰু কোষ্ঠকাঠিন্য ৰোগক বাধা দিয়ে ।

হৃদযন্ত্ৰৰ স্বাস্থ্য সমৰ্থন কৰে :

ফাইবাৰ, পটাছিয়াম, এন্টিঅক্সিডেন্টে কলেষ্টেৰল কমায় ৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ দিয়ে ৷ ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পায় ।

দৃষ্টিশক্তি বৃদ্ধি কৰে : আমৰ পৰা লাভ কৰা ভিটামিন A-এ চকুৰ দৃষ্টিশক্তি ভাল কৰি ৰখাত সহায় কৰে ৷ মেকুলাৰ ডিজেনেৰেচন ৰোধ কৰে আৰু চকুৰ স্বাস্থ্য উন্নত কৰে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : ভিটামিন C-এ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ চৰ্দি, ফ্লু, বিভিন্ন সময়ত হোৱা ৰোগৰ লগতে সংক্ৰামক ৰোগৰ বিৰুদ্ধেও যুঁজ দিয়াত সহায় কৰে ।

ওজন হ্ৰাস কৰাত সহায় কৰে :

যদিও এই ফলবিধ মিঠা, আম আঁহেৰে ভৰি থাকে ৷ কম কেলৰি আৰু ফাইবাৰ থকাৰ বাবে ওজন কমোৱাত সহায় কৰে ।

উত্তাপ সম্পৰ্কীয় সমস্যাসমূহ উপশম কৰে :

আমৰ শীতল প্ৰভাৱে গ্ৰীষ্মকালত শৰীৰৰ তাপৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব পাৰে ৷ যাৰ ফলত আমৰ ৰস খোৱাৰ ফলত হিট ষ্ট্ৰোক আৰু পানীলগা হোৱাৰ সম্ভাৱনা হ্ৰাস পায় ।

মগজুৰ স্বাস্থ্যৰ বাবে উত্তম : আমত থাকে B6 ৷ এই B6-এ মগজুৰ কাৰ্যকলাপ বৃদ্ধি কৰে, যাৰ ফলত উন্নত মেজাজ আৰু মানসিক স্বাস্থ্যৰ বাবে নিউৰ’ট্ৰান্সমিটাৰ তৈয়াৰ কৰে ।

শৰীৰক ডিটস্ক কৰে : আমে বৃক্কৰ স্বাস্থ্যৰ বাবে বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে আৰু প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰতিৰোধ কৰে ।

ছালৰ স্বাস্থ্য উন্নত কৰে : আমত থকা ভিটামিন E আৰু বিটা-কেৰটিনে ছালৰ ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে ৷ ছালৰ উজ্বলতা বৃদ্ধি কৰে ৷ বয়স বৃদ্ধিৰ লক্ষণ কমায় ৷ আমৰ গুড়িয়ে ৰ’দত ফুৰিলে হোৱা ক’লা দাগ আৰু শুকান ছাল ৰোধ কৰাত সহায় কৰে । আয়ুৰ্বেদত অনুসৰি, পকা আৰু কেঁচা আম খালে স্বাস্থ্যৰ বহু উপকাৰ হয় ৷

লগতে পঢ়ক : আপুনিও আমপ্ৰেমী নেকি ? সাৱধান হওক আৰু আমৰ পৰা দূৰত্ব বজাই ৰাখক, FSSAIএ দিলে সকিয়নী - Artificially Ripened Mango

Last Updated : Jul 22, 2024, 11:45 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.