ETV Bharat / health

কি হয় Oral Submucous Fibrosis ? ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক - ৰাষ্ট্ৰীয় দন্ত চিকিৎসক দিৱস

National Dentist's Day 2024: মুখৰ কৰ্কটৰোগৰ প্ৰাক-অৱস্থা কি ? ইয়াৰ লক্ষণ সমূহ কি কি ? এই সন্দৰ্ভত জনালে জ্যেষ্ঠ দন্ত বিশেষজ্ঞ ডাঃ দিলীপ সেথিয়াই ৷

national-dentists-day-2024-what-is-oral-submucous-fibrosis-lets-learn-about-it
কি হয় Oral Submucous Fibrosis ? ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক
author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 4:21 PM IST

জ্যেষ্ঠ দন্ত বিশেষজ্ঞ ডাঃ দিলীপ সেথিয়া

গুৱাহাটী, 6 মাৰ্চ: প্ৰতি বছৰে ৬ মাৰ্চৰ দিনটো ৰাষ্ট্ৰীয় দন্ত চিকিৎসক দিৱস হিচাপে পালন কৰা হয় । যাৰ উদ্দেশ্য হৈছে জনসাধাৰণক দন্ত চিকিৎসাৰ বিষয়ে সজাগ কৰা । শৰীৰৰ বাকী অংশৰ দৰেই দাঁতৰ যত্নও গুৰুত্বপূৰ্ণ । ইয়াৰ অভাৱৰ বাবে দুৰ্বল দাঁত, হালধীয়া হোৱা, মুখৰ দুৰ্গন্ধ আৰু পায়েৰিয়া আদি বহুতো সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

জনসাধাৰণক তেওঁলোকৰ মুখ আৰু দাঁতৰ কেনেদৰ যতন ল'ব লাগে তাৰে সজাগতাৰ উদ্দেশ্যে প্ৰতি বছৰে ৮ মার্চৰ দিনটো ৰাষ্ট্ৰীয় দন্ত চিকিৎসক দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ এই বৰ্ষৰ ৰাষ্ট্ৰীয় দন্ত চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি জ্যেষ্ঠ দন্ত চিকিৎসকগৰাকীয়ে মুখৰ কৰ্কটৰোগৰ প্ৰাক অৱস্থা (Oral submucous fibrosis)ৰ সন্দৰ্ভত অৱগত কৰে ৷ বৰ্তমান সময়ত বহুতো লোক এই সমস্যাত ভোগা দেখা যায় ৷ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ সমূহৰ ভিতৰত এটা অন্যতম লক্ষণ হৈছে মুখৰ ভিতৰ জ্বলা-পোৰা অনুভৱ হোৱা ৷

যেতিয়া ব্যক্তিগৰাকীয়ে যি কোনো খাদ্য খালেই মুখৰ মুখৰ ভিতৰত জ্বলা-পোৰা অনুভৱ হয় আৰু ক্ৰমান্বয়ে ব্যক্তিগৰাকী মুখ মেলোতেও অসুবিধা অনুভৱ হয় তেতিয়া এনে Oral Submucous Fibrosisক কৰ্কটৰোগৰ প্ৰাক অৱস্থা বুলিও কোৱা হয় ৷ যদিহে সময়মতে ইয়াৰ চিকিৎসা কৰা নহয় বা ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা নহয় তেন্তে 0.2% কৰ্কটৰোগ হোৱাৰ আশংকা থাকে ৷

ভাৰতবর্ষত গড় হিচাপত প্ৰতি ৬% লোক এই সমস্যাত ভোগা দেখা যায় ৷ প্ৰাৰম্ভিক পৰ্যায়ত যদি ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে পিচলৈ বেছি হৈ যোৱাৰ আশংকা থাকে, এনে বহু ৰোগী দেখা যায় যে তেওঁলোকে একেবাৰে মুখ মেলিব নোৱৰা হৈ যায় ৷ পাইপেৰে খাদ্য গ্ৰহণ কৰিবলগীয়া হয় ৷ সেয়ে লক্ষণ দেখাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি আৱশ্যক ৷

লগতে পঢ়ক: কাক ভাৰতত ফাৰ্মাচী শিক্ষাৰ পিতৃ বুলি জনা যায়; যাৰ স্মৃতিত পালন কৰা হয় ৰাষ্ট্ৰীয় ফাৰ্মাচী শিক্ষা দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.