ETV Bharat / health

স্বাস্থ্যৰ বাবে উপকাৰী সৰিয়হৰ তেল আমেৰিকাত কিয় নিষিদ্ধ ? - Mustard Oil

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:49 PM IST

Mustard Oil: বিভিন্ন খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা মিঠাতেল বা সৰিয়হৰ তেল আমাৰ শৰীৰৰ বাবে অতি উপকাৰী ৷ তেনেহ’লে আমেৰিকাকে ধৰি পৃথিৱীৰ কিছুমান দেশত খাদ্যত সৰিয়হ তেলৰ ব্যৱহাৰ নিষিদ্ধ কিয় ? আঁৰৰ কাৰণ জানো আহক-

Mustard oil banned in the US! You'll be surprised to know why
স্বাস্থ্যৰ বাবে উপকাৰী সৰিয়হৰ তেল আমেৰিকাত কিয় নিষিদ্ধ ? কাৰণ জানেনে (Getty Images)

ভাৰতৰ অধিকাংশ ঠাইতে খাদ্য ৰান্ধিবৰ বাবে সৰিয়হৰ তেল ব্যৱহাৰ কৰা হয় ৷ সাধাৰণতে সৰিয়হৰ তেলত ভাৰতীয় লোকে বিভিন্ন খাদ্য প্ৰস্তুত কৰে ৷ দক্ষিণ ভাৰতত এই তেল সিমানো ব্যৱহাৰ কৰা দেখা নাযায় কিন্তু উত্তৰ-পূৰ্বাঞ্চলত সৰিয়হৰ তেল বা মিঠাতেল খাদ্যত ব্যৱহাৰ কৰা হয় ৷

ৰন্ধা-বঢ়াৰ বাবে সৰিয়হৰ তেলৰ বাহিৰেও বজাৰত অলিভ অইল, তিলৰ তেল, বাদাম তেল, নাৰিকল তেল আদি বহুতো বিকল্প উপলব্ধ ৷ তথাপি ভাৰতৰ লগতে পৃথিৱীৰ অন্যান্য দেশত বেছিভাগ খাদ্যবস্তু সৰিয়হৰ তেলত ৰান্ধি খোৱা হয় ৷

কিন্তু এই সৰিয়হৰ তেল পিছে আমেৰিকাত নিষিদ্ধ ৷ আমেৰিকা আৰু ইউৰোপৰ কিছুমান দেশত সৰিয়হ তেল নাখাবলৈ পৰামৰ্শ দিয়া হৈছে ৷ কানাডা আৰু অষ্ট্ৰেলিয়াতো খাদ্য সৰিয়হ তেলত ৰন্ধা নহয় বুলি জানিব পৰা গৈছে ৷ কিন্তু প্ৰশ্ন হয়, সৰিয়হ তেলৰ ব্যৱহাৰত এনে নিষেধাজ্ঞা কিয় ?

সৰিয়হৰ তেল এন্টিঅক্সিডেন্ট আৰু আন বহুতো পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি সততে কোৱা হয় ৷ ভাৰতবৰ্ষত কেৱল গ্ৰামাঞ্চলতেই নহয়, চহৰ অঞ্চলতো সৰিয়হ তেলক অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷ সৰিয়হৰ তেল ঔষধি গুণসম্পন্ন বুলি বিশ্বাস কৰা হয় ৷ ইয়াত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল আৰু এন্টিভাইৰেল আদি গুণ আছে ৷

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত কৰাত সৰিয়হ তেল সহায়ক হয় বুলি কোৱা হয় ৷ তদুপৰি চুলি আৰু ছালৰ বাবেও সৰিয়হৰ তেলৰ উপকাৰিতা দেখা যায় ৷ সেয়েহে ভাৰতত সৰিয়হ তেলক নিৰাপদ আৰু স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয় ৷ তেনেহ’লে আমেৰিকাকে ধৰি পৃথিৱীৰ কিছুমান দেশত খাদ্যত সৰিয়হ তেলৰ ব্যৱহাৰ নিষিদ্ধ কিয় ? ইয়াৰ আঁৰৰ কাৰণ জানো আহক…

জানিব পৰা মতে, আমেৰিকান ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনে সৰিয়হৰ তেল নিষিদ্ধ কৰিছে ৷ বিভাগটোৰ মতে, সৰিয়হ তেলত ইৰুচিক এচিড থাকে আাৰু এই ইৰুচিক এচিড আমাৰ স্বাস্থ্যৰ বাবে কোনোবা নহয় কোনোবা প্ৰকাৰে ক্ষতিকাৰক বুলি প্ৰমাণিত হয় ৷ বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে ইৰুচিক হৈছে এক প্ৰকাৰৰ ফেটি এচিড আৰু ই সহজে হজম নহয় ৷

সমান্তৰালভাৱে ইৰুচিক এচিডে মগজুৰ কোষৰ ক্ষতি কৰে আৰু খাদ্যত দৈনিক ইয়াৰ ব্যৱহাৰে ওজনো বৃদ্ধি কৰে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে ৷ স্মৃতিশক্তিৰ ক্ষতিৰ বাবে আমেৰিকাত ইৰুচিক এচিডযুক্ত সৰিয়হৰ তেল নিষিদ্ধ কৰা হৈছে ৷ বহু গৱেষণাত আনকি সৰিয়হ তেল অত্যধিক সেৱনে আমাৰ পাচনতন্ত্ৰ দুৰ্বল কৰি তোলে আৰু কম বয়সতে ফেটি লিভাৰৰ বলি হৈ পাৰে বুলি দাবী কৰিছে ৷

এনে কাৰণত আমেৰিকাত সৰিয়হ তেলৰ ব্যৱহাৰ নিষিদ্ধ বুলি কোৱা হৈছে ৷ ইয়াৰ পৰিৱৰ্তে দেশখনত চয়া তেলত খাদ্য ৰন্ধা স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷ বিশেষজ্ঞৰ মতে, চয়া তেলত ওমেগা-৩ ফেটি এচিড আৰু ওমেগা-৬ ফেটি এচিড থাকে ৷ ই আমাৰ ছালত কলাজেনৰ উৎপাদন বৃদ্ধি কৰে বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক: সৰিয়হৰ তেল বনাম ৰিফাইণ্ড অইল : স্বাস্থ্যৰ বাবে কোনবিধ উত্তম ? - Best Cooking Oil For Health

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.