আপুনি নিশ্চয় বহুলোকৰ ঘৰত মানি প্লান্ট ৰোপণ কৰা দেখিছে ৷ সম্ভৱ যে আপোনাৰ ঘৰতো মানি প্লান্ট ৰোপণ কৰা আছে ৷ যদিও মানি প্লান্ট ৰোপণ কৰিলে বহু লাভ পোৱা যায়, তথাপিও বেছিভাগ মানুহেই এই গছজোপা ঘৰত ধন বা দেৱী লক্ষ্মীৰ আগমনৰ বাবে শুভ বুলি গণ্য কৰে ৷ বাস্তুৰ মতে ঘৰত মানি প্লান্ট ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয় ৷
![Put Two Things in Money Plant in Your House and Get Wealth Soon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-07-2024/21856932_plant2.jpg)
কিন্তু বহু সময়ত এনেকুৱা হয় যে মানি প্লান্ট ৰোপণ কৰাৰ পিচতো ঘৰত ধনৰ নাটনি হয় আৰু ইয়াৰ বাবে আপুনি অতিশয় চিন্তিত হৈ থাকে ৷ এনে পৰিস্থিতিত বাস্তুৰ আধাৰত মানি প্লান্টৰ সৈতে জড়িত কিছু উপায় কৰাৰ পৰামৰ্শ দিয়া হৈছে, যাৰ সহায়ত আপুনি আপোনাৰ ঘৰলৈ ধনক আকৰ্ষণ কৰিব পাৰে ৷ মানি প্লান্টৰ নিজৰ ভিতৰতে বহুতো গুণ আছে । ইয়াক ৰোপণ কৰিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয় । কিন্তু কেতিয়াবা কেৱল মানি প্লান্ট ৰোপণ কৰিলেই যথেষ্ট নহয় । সমান্তৰালকৈ ইয়াৰ সৈতে জড়িত আন কিছুমান ব্যৱস্থাও আমি মানি চলিব লাগিব ৷
লগতে পঢ়ক: কেনেকুৱা ধৰণৰ মাটি ক্ৰয় কৰিলে লাভ কৰিব সুফল, কি কয় বাস্তুশাস্ত্ৰই?
গতিকে জানো আহক আপোনাৰ ঘৰত থকা মানি প্লান্টৰ সৈতে এনে কি কৰিলে আপুনি সুফল লাভ কৰিব আৰু আপোনাৰ জীৱনলৈ ধনৰ আগমন ঘটিব-
![Put Two Things in Money Plant in Your House and Get Wealth Soon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-07-2024/21856932_plant1.jpg)
মানি প্লান্টত গাখীৰ দিব: বাস্তুৰ মতে যদি আপোনাৰ ঘৰত মানি প্লান্টৰ গছ আছে, তেন্তে তাত দৈনিক কেইটোপালমান গাখীৰ দিব লাগে ৷ মানি প্লান্টত গাখীৰ ঢালিলে শুভ আৰু ই ঘৰত ধন সোনকালে আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয় ৷
![Put Two Things in Money Plant in Your House and Get Wealth Soon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-07-2024/21856932_plant3.jpg)
চেনিও ব্যৱহাৰ কৰক: ইয়াৰ উপৰিও বাস্তুৰ মতে মানি প্লান্টত চেনি যোগ কৰাটোও শুভ বুলি গণ্য কৰা হয় ৷ আপুনি দৈনিক মানি প্লান্টৰ গছত কেইটামান চেনিৰ দানা দিব লাগে, এইটোৱে ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰে আৰু ঘৰলৈ ধন-সম্পত্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে ৷ গতিকে আপুনি এই ব্যৱস্থাসমূহ কৰি আপোনাৰ ঘৰলৈও ধনক আকৰ্ষণ কৰিব পাৰে ৷