ETV Bharat / health

আপোনাৰ স্বাস্থ্যৰ বাবে মহৌষধস্বৰূপ নিমপাতৰ আচৰিত উপকাৰিতা জানক - Benefits of neem leaves

Benefits of neem leaves: নিমপাতৰ উপকাৰিতা কি ? ই কি কি ৰোগৰ ঔষধ ? ইয়াৰ কোনো ক্ষতিকাৰক প্ৰভাৱ আছে নেকি ? বা ইয়াক কি মাত্রাত ল'ব লাগে এই সন্দৰ্ভত জনালে আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মাই ৷

Benefits of neem leaves
আপোনাৰ স্বাস্থ্যৰ বাবে মহৌষধস্বৰূপ নিমপাতৰ আচৰিত উপকাৰিতা জানক
author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 7:13 PM IST

আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মা

গুৱাহাটী, 14 মাৰ্চ: এবিধ ঔষধি গুণ থকা বনস্পতি হৈছে নিমগছ ৷ যাৰ সকলো ৰোগৰে প্ৰতিৰোধ ক্ষমতা থকাৰ লগতে নিমপাত হৈছে ছালৰ মহৌষধ ৷ এনেকুৱা হয়তো মানুহ নোলাব যিয়ে আজি পৰ্যন্ত নিমপাত ব্যৱহাৰ কৰি পোৱা নাই ৷ নিমগছক ইংৰাজীত Margosa Tree বুলি কোৱা হয় আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে Azadirachta indica ৷ আয়ুৰ্বেদ অনুসৰি নিমগছ তিতা আৰু কেঁহাৰস যুক্ত এবিধ গছ ৷ নিমগছ বিশ্বৰ সকলো প্ৰান্তৰতে পোৱা যায় ৷ ইয়াৰ বিশেষকৈ পাত, ছাল আৰু গুটি ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নিমপাতৰ উপকাৰিতা

১) আয়ুৰ্বেদ অনুসৰি নিমগছ তিতা আৰু কেঁহা ৰসযুক্ত হোৱাৰ বাবে ই আমাৰ শৰীৰৰ কফ আৰু পিত্তজনিত যিবোৰ ৰোগ আছে সেইবোৰ নিৰাময় কৰাত সহায় কৰে ৷ কিন্তু ইয়াক দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ কৰিলে বাত দোষ কেতিয়াবা বৃদ্ধি হ'ব পাৰে ৷ বাত দোষ মানে হৈছে কোনো ব্যক্তিযদি দীৰ্ঘদিন ধৰি বিষত ভুগি আছে তেনেহলে নিমপাত বেছি দিন ব্যৱহাৰৰ ফলত বিষ বেছি হ'ব পাৰে ৷

২) নিমপাত ছালৰ সকলো ধৰণৰ ৰোগৰ বাবেই উপকাৰী ৷ নিমৰপাত ভালদৰে ধুই যদি পেষ্ট তৈয়াৰ কৰি ছালৰ ৰোগৰ ওপৰত লেপন কৰি ৰখা হয় তেতিয়া সেয়া সোনকালে ভাল হোৱাত সহায় কৰে ৷ নিমপাত যদি বইল কৰি গা ধোৱা যায় তেন্তে ভিন্ন ধৰণৰ ছালৰ ৰোগ নিৰাময় হোৱাত সহায় কৰে ৷

৩) নিমপাতৰ ৰস যদি ৫/১০ গ্ৰাম দৈনিক ব্যৱহাৰ কৰিব পাৰে তেন্তে ছালৰ বাবে ই যথেষ্ট উপকাৰী ৷

৪) যিসকল লোকৰ কোষ্ঠকাঠিন্য আছে সেইবোৰ লোকে নিমপাতৰ গুটি ব্যৱহাৰ কৰিব পাৰে ৷

৫) কৃমিৰোগৰ বাবেও নিমপাত উপকাৰী ৷ খাদ্যত যদি কিছুদিনৰ মূৰে মূৰে নিমপাত ব্যৱহাৰ কৰা হয় তেন্তে ই

কৃমিৰোগৰ পৰা মুক্তি দিয়াত সহায় কৰে ৷

৬) সঘনাই জ্বৰ হৈ থাকিলে নিমৰস ব্যৱহাৰৰ ফলত সেয়া দূৰ হোৱাৰ সহায় হয় ৷

৭) PCOD আদি সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত নিমপাতে সহায় কৰে ৷

লগতে পঢ়ক: খাদ্য তালিকাৰ পৰা আজিয়েই বাহিৰ কৰক এইসমূহ খাদ্যক, অন্যথা হৈ পৰিব আপোনাৰ কিডনী বিকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.