ETV Bharat / health

তামৰ বাচন ব্যৱহাৰ কৰাৰ পূৰ্বে জানি লওক এইসমূহ কথা

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:42 PM IST

Copper Utensils: তামৰ পাত্ৰত থোৱা পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা, হজম শক্তিশালী কৰাৰ লগতে ওজন হ্ৰাস, আৰ্থ্ৰাইটিছৰ বিষ, কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী ৷

Know these things before using copper utensils
তামৰ বাচন ব্যৱহাৰ কৰাৰ পূৰ্বে জানি লওক এইসমূহ কথা

তামৰ পাত্ৰত থকা পানী শৰীৰৰ বাবে ঔষধ বুলিয়েই গণ্য কৰা হয় ৷ তামৰ প্ৰভাৱ গৰম হয়, সেয়েহে শীতকালত তামৰ পাত্ৰত থকা পানী খোৱাটো শৰীৰৰ বাবে খুবেই লাভজনক ৷ এই দিনকেইটাত তামৰ পাত্ৰত ৰখা পানী খালে ই শৰীৰৰ উষ্ণতা সঠিক কৰি ৰখাৰ লগতে দেহ-মন সতেজ কৰি ৰাখে ৷ তামৰ পাত্ৰত থোৱা পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা, হজম শক্তিশালী কৰাৰ লগতে ওজন হ্ৰাস, আৰ্থ্ৰাইটিছৰ বিষ, কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী ৷

কিন্তু বিশেষজ্ঞসকলৰ মতে, এই সকলোবোৰ তেতিয়াহে লাভ কৰিব, যেতিয়া আপুনি তাম সঠিকভাৱে ব্যৱহাৰ কৰিব ৷ তামৰ পাত্ৰ বা বটল ব্যৱহাৰ কৰোঁতে আপুনি কোনবোৰ দিশত মন দিব লাগে, আজি জানি লওঁক-

পুৱা খালী পেটত নেমু আৰু মৌ মিহলাই খোৱা পানী স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷ কিন্তু যদি আপুনি এই পানী তামৰ পাত্ৰত খাই, ই আপোনাৰ বাবে বিষাক্ত প্ৰমাণিত হ'ব পাৰে ৷ কিয়নো নেমুত থকা এচিড তামৰ সৈতে মিহলি হোৱাৰ ফলত পেটৰ বিষ, গেছ বা বমি হ'ব পাৰে ৷

তদুপৰি, যদি আপুনি গোটেই দিনটো তামৰ বটল বা এই পাত্ৰত ৰখা পানী খাই, তেনেহ'লে আপোনাৰ শৰীৰত তামৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হ'ব পাৰে ৷ইয়াৰ ফলত, আপোনাৰ তীব্ৰ ওকালি অহা, মূৰ ঘূৰোৱা, পেটৰ বিষৰ লগতে যকৃত আৰু বৃক্ক বিকল হ’ব পাৰে ৷

আনহাতে, তামৰ বাচন-বৰ্তন দৈনিক ধুব নালাগে ৷ এই পাত্ৰবোৰ দৈনিক ধোৱাৰ ফলত ইয়াত থকা উপকাৰী গুণাগুণবোৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰে ৷ কিন্তু আপুনি মাহত এবাৰ নিমখ আৰু নেমু ব্যৱহাৰ কৰি পাত্ৰটো ভালদৰে পৰিস্কাৰ কৰিবলৈ নাপাহৰিব ৷

লগতে পঢ়ক: উজ্জ্বল তথা নিমজ ছালৰ গৰাকী হ’বলৈ খাওক এই ৪বিধ বিশেষ চাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.