ETV Bharat / health

আপুনি খাই ভাল পোৱা চকলেটক মুখত লগোৱাৰ উপকাৰিতা জানিলে হৈ পৰিব আচৰিত - Chocolate for Skin - CHOCOLATE FOR SKIN

Chocolate for Skin: ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্টে ছালৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে বুলি জানিব পৰা গৈছে । ইয়াৰ লগতে চকলেট কলাজেনৰ উৎপাদন বৃদ্ধিতো সহায়ক বুলি প্ৰমাণিত হৈছে । সেয়ে এই চকলেট যদি আমি আমাৰ মুখমণ্ডলত প্ৰয়োগ কৰো তেন্তে আমাৰ ছালখনে কেনেধৰণৰ উপকাৰিতা লাভ কৰিব জানি লওক-

Is chocolate good for your skin? let's find out
আপুনি খাই ভাল পোৱা চকলেটক মুখত লগোৱাৰ উপকাৰিতা জানিলে হৈ পৰিব আচৰিত (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 6:22 PM IST

ছালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কেৱল দামী-দামী প্ৰসাধন সামগ্ৰীয়েই নহয় সঠিক ছালৰ যতনো সমানেই প্ৰয়োজন ৷ যিসকল লোক নিজৰ সৌন্দৰ্যৰ প্ৰতি সচেতন তেওঁলোকে সদায়েই মুখমণ্ডলৰ সৌন্দৰ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়ে লগতে ছালখন নিমজ তথা উজ্জ্বল কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ সৌন্দৰ্যবৰ্ধক সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে ঘৰুৱাভাৱেও কিছুমান প্ৰাকৃতিক দ্ৰব্যৰ সহায় লয় ৷

Is chocolate good for your skin? let's find out
আপুনি খাই ভাল পোৱা চকলেটক মুখত লগোৱাৰ উপকাৰিতা জানিলে হৈ পৰিব আচৰিত (FREEPIK)

কিন্তু আপুনি জানেনে, আন সামগ্ৰীৰ দৰে আমি খাই ভাল পোৱা চকলেটো ছালত সৌন্দৰ্যবৰ্ধক সামগ্ৰী হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ ! হয়, ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্টে ছালৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগতে চকলেট কলাজেনৰ উৎপাদন বৃদ্ধিতো সহায়ক বুলি প্ৰমাণিত হৈছে ৷

চকলেট ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা ছালখন নিমজ আৰু উজ্জল কৰি তুলিব পাৰি ৷ তদুপৰি চকলেটৰ ব্যৱহাৰে ছালৰ হাইড্ৰেট কৰি ৰখাত সহায় কৰে বুলিও জানিব পৰা গৈছে ৷ পিছে ইয়াৰ বাবে আপুনি বজাৰত পোৱা চকলেট ব্যৱহাৰ নকৰিলেও হ’ব ৷ ঘৰতে আপুনি অতি সহজে এই চকলেট মাস্ক ব্যৱহাৰ কৰিব পাৰে ৷

প্ৰথমে এটা বাটিত ১ চামুচ ক’ক’ পাউদাৰ লৈ ইয়াৰ পিছত ১ চামুচ মৌ আৰু সামান্য পৰিমাণৰ ডালচেনি দিয়ক ৷ এই তিনিটা দ্ৰব্য মিহলাই এটি পাতল পেষ্ট প্ৰস্তুত কৰি লওক ৷ এতিয়া এই পেষ্ট মুখ আৰু ডিঙিত লগাব পাৰে আৰু লগোৱাৰ ১৫ৰ পৰা ২০ মিনিটৰ পিছত মুখখন ভালদৰে ধুই লওক ৷

মুখত উঠা শালমনত চকলেটৰ ফেচ মাস্ক লগোৱাটো উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ ইয়াৰ বাবে প্ৰথমে ক’ক’ পাউদাৰ লৈ তাত সমান পৰিমাণৰ কফি পাউদাৰ মিহলাই লওক ৷ ইয়াৰ পিছত তাত গাখীৰ বা নাৰিকল তেল দিব পাৰে ৷ এই সকলোবোৰ ভালদৰে মিহলাই মুখত লগাই ১০ৰ পৰা ২০ মিনিট ৰখাৰ পিছত পানীৰে পৰিষ্কাৰ কৰি লওক ৷

চকলেট আৰু কলৰ ফেচ মাস্ক বনায়ো মুখত লগাব পাৰে ৷ ইয়াৰ বাবে ২ চামুচ ক’ক’ পাউদাৰ, ১টা পকা কল আৰু ১ চামুচ মৌৰ প্ৰয়োজন হ’ব ৷ এই ফেচ পেক বনাবলৈ প্ৰথমে এটা বাটিত কলখিনি ফেটি গুড়ি কৰি লওক ৷ এতিয়া ক’ক’ পাউদাৰ আৰু মৌ দি ভালদৰে মিহলাই লওক ৷ এতিয়া ১৫ৰ পৰা ২০ মিনিট সময় মুখত লগাই থোৱাৰ পিছত মুখখন পানীৰে ধুই লওক ৷

ক’ক’ পাউদাৰ আৰু অ’টমিলো ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ এই পেষ্টৰ বাবে ২ চামুচ ক’ক’ পাউদাৰ, ২ চামুচ অটছ আৰু ১ চামুচ গাখীৰৰ প্ৰয়োজন হ’ব ৷ এটা বাটিত ক’ক’ পাউদাৰ আৰু অটছ লৈ তাত নিৰ্দিষ্ট পৰিমাণৰ গাখীৰ দি ভালদৰে মিহলাই লওক ৷ এই পেষ্ট ১৫ৰ পৰা ২০ মিনিটৰ বাবে মুখত লগাই থোৱাৰ পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুই লওক ৷

লগতে পঢ়ক: পুৰুষ শক্তিৰ ৰহস্য লুকাই আছে ডাৰ্ক চকলেটত, পাব এই ৫টা আচৰিত উপকাৰিতা - Dark Chocolate for Men

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.