ETV Bharat / health

আনাৰস খাই ভাল পাই নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে - আনাৰসৰ উপকাৰিতা

Pineapple Benefits: আনাৰসৰ নাম শুনিলেই আপোনাৰ মুখৰ পৰা পানী পৰিব পাৰে, কিন্তু আপুনি জানেনে যে নিয়মিতভাৱে এই আনাৰসৰ সেৱনে আপোনাৰ শৰীৰত কেনেধৰণৰ উপকাৰিতা সাধন কৰিব পাৰে জানেনে ?

Impressive Health Benefits of Pineapple
আনাৰসত খাই ভাল পাই নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:12 PM IST

আনাৰস এবিধ গ্ৰীষ্মকালীন ফল যি বাহিৰৰ পৰা কঠিন আৰু কাঁইটীয়া দেখা যায় যদিও ভিতৰৰ পৰা ই অতি মিঠা আৰু ৰসাল ৷ পাইন এপল ইয়াৰ ভিন্ন সোৱাদৰ বাবে বিখ্যাত, সেইবাবেই মানুহে এই ফলটো অতি উৎসাহেৰে খায় আৰু ইয়াৰ ৰসও খাবলৈ ভাল পায় ৷ ভিটামিন C, ভিটামিন B6, ফলেট, মেংগানিজ, তাম আৰু খাদ্য আঁহ এই ফলত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ তেন্তে আহক জানি লওক ইয়াৰ অনন্য উপকাৰিতাসমূহ-

১) হজম শক্তিত ফলপ্ৰসূ

আনাৰসত থকা এনজাইমে হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে ৷ ই বদহজম কমাবলৈ আৰু হজম শক্তি উন্নত কৰাত সহায়ক, যিয়ে পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিব পাৰে ৷

২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা সম্ভৱ

আনাৰসত ভাল পৰিমাণৰ ভিটামিন চি থাকে, এই পুষ্টিকৰ পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ ইয়াৰ ফলত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি পোৱা যায় আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে ৷

৩) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সম্ভৱ

আনাৰসত থকা আঁহ আৰু ভিটামিন চিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা কলেষ্টেৰলৰ পৰিমাণ কমাব পৰা যায় আৰু উচ্চ ৰক্তচাপৰ সমস্যাও দূৰ কৰিব পৰা যায় ৷

৪) ছালৰ বাবে স্বাস্থ্যকৰ

আনাৰসত পোৱা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে ছালখন সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে ৷ ই ছালত থকা দাগবোৰ কমাই ছালত গ্লো আনিব পাৰে ৷

এই কথা মনত ৰাখিব

পুষ্টি বিশেষজ্ঞৰ মতে, ডায়েবেটিছ বা উচ্চ ব্লাড চুগাৰত আক্ৰান্ত লোকসকলে আনাৰস খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই উচ্চ চেনি থকা ফল আৰু ইয়াৰ গ্লাইচেমিক ইনডেক্স অতি উচ্চ ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: শুকান ফলে মেদবহুলতা বৃদ্ধি কৰে নেকি ? কি কয় গৱেষণাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.