ETV Bharat / health

শনি দেৱৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ মহাশিৱৰাত্ৰিৰ দিনা কৰক কেইটামান বিশেষ কাম - Mahashivratri 2024 Date

Mahashivratri 2024: মহাশিৱৰাত্ৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পৰে আৰু এই দিনটোতে মা পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ হৈছিল ৷ বিশ্বাস অনুসৰি, এই দিনটোত মহাদেৱক উপাসনা কৰিলে তেওঁ সন্তুষ্ট হৈ ভক্তৰ সকলো দুখ-কষ্ট আঁতৰ কৰে ৷

If you want to avoid the wrath of Shani Dev then Do this on Mahashivratri 2024
শনি দেৱৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ মহাশিৱৰাত্ৰিৰ দিনা কৰক এই কাম
author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 9:53 PM IST

মা পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহৰ দিনটোক মহাশিৱৰাত্ৰি হিচাপে পালন কৰা হয় ৷ মহাশিৱৰাত্ৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পৰে আৰু এই দিনটোতে মা পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ হৈছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

হিন্দু বৰ্ষপঞ্জী অনুসৰি অহা ৮ মাৰ্চত মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব ৷ আজিৰ দিনটোত সকলো হিন্দু ধৰ্মৰ লোকে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ উপাসনা কৰে ৷ বিশ্বাস অনুসৰি, এই দিনটোত মহাদেৱক উপাসনা কৰিলে তেওঁ সন্তুষ্ট হৈ ভক্তৰ সকলো দুখ-কষ্ট আঁতৰ কৰে ৷ এইবছৰ মহাশিৱৰাত্ৰি ৮ মাৰ্চৰ নিশা ৯.৫৭ বজাত আৰম্ভ হৈ ৯ মাৰ্চৰ সন্ধিয়া ৬.১৭ বজাত সমাপ্ত হ'ব ৷

এইবাৰ মহাশিৱৰাত্ৰিত এই কামকেইটা কৰিব

শিৱলিংগত নিলাজী বন আগবঢ়াব

শিৱৰাত্ৰিত শিৱ পূজনৰ সময়ত শিৱলিংগত নিলাজী বন আগবঢ়াওক ৷ নিলাজী বনক কোনো কোনো ঠাইত লাজুকী লতা বুলিও কোৱা হয় ৷ ইয়াৰ লগতে ১০৮ বাৰ মহামৃত্যঞ্জ মন্ত্ৰ উচ্চাৰণ কৰিব ৷ বিশ্বাস কৰা হয় যে, এনে কৰি ভক্তই শনি দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে ৷

শিৱ চালিছা পাঠ কৰিব

শনিৰ অশুভ প্ৰভাৱ পৰিহাৰ কৰিবলৈ মহাশিৱৰাত্ৰিত শিৱ চালিছা পাঠ কৰাটো অতি শুভ বুলি গণ্য কৰা হয় ৷

ব্ৰাহ্মণক খাদ্য খুৱাব

এই পৱিত্ৰ দিনটোত বেল গছৰ তলত ব্ৰাহ্মণ আৰু দৰিদ্ৰ লোকসকলক খীৰ খুৱাব লাগে ৷ বিশ্বাস কৰা হয় যে এনে কৰিলে শনিৰ ক্ৰোধৰ পৰা সকাহ পাব পাৰি ৷

জলঅভিষেক কৰিব

এই পৱিত্ৰ দিনটোত গংগাজলত ক'লা তিল আৰু চেনী মিহলি কৰি শিৱক জলঅভিষেক কৰিব লাগে ৷ বিশ্বাস কৰা হয় যে, এই প্ৰতিকাৰৰ দ্বাৰা শনি দেৱো সন্তুষ্ট হয় আৰু ভক্তক সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে ৷

লগতে পঢ়ক: ৮ নে ৯ মাৰ্চ কেতিয়া পালন কৰা হ’ব মহাশিৱৰাত্ৰি ? জানি লওক সঠিক দিন আৰু পূজা পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.