ETV Bharat / health

বেলপাতেৰে কেনেদৰে সন্তুষ্ট কৰিব মহাদেৱক ? - Shravan 2024

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 8:25 PM IST

Shravan 2024: বেলপাতেৰে কেনেদৰে শিৱক সন্তুষ্ট কৰিব পাৰি ? বেলপাতৰ লগত কি সামগ্ৰী দিলে মহাদেৱ প্ৰসন্ন হয় আজি এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই-

Astro tips
বেলপাতেৰে কেনেদৰে সন্তুষ্ট কৰিব মহাদেৱক ? (ETV Bharat)

গুৱাহাটী, 25 জুলাই: শাওন মাহৰ এই সময়ছোৱাত শিৱ ভক্তসকলে শিৱক ভিন্ন ধৰণে আৰাধনা কৰা পৰিলক্ষিত হয় ৷ বিশ্বাস কৰা হয় যে শাওন মাহৰ এই সময়ছোৱাত শিৱভক্তসকলে শিৱক আৰাধনা কৰিলে তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় ৷ আনহাতে লোকবিশ্বাস অনুসৰি শাওন মাহত জন্ম হৈছিল ভগৱান শিৱৰ ৷ সেয়ে শাওন মাহৰ বিশেষকৈ সোমবাৰ কেইটাত শিৱ মন্দিৰ সমূহত ভিৰ কৰে ভিন্নজনে ৷ মহাদেৱৰ পূজাত এবিধ প্ৰয়োজনীয় সামগ্ৰী হৈছে বেলপাত ৷ বেলপাত অবিহনে শিৱ পূজাও সম্পন্ন নহয় ৷

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা (ETV Bharat)

বেলপাতেৰে কেনেদৰে শিৱক সন্তুষ্ট কৰিব পাৰি ?

কোৱা হয় যে, বেলপাত আৰু পানী অৰ্পণ কৰিও শিৱক সন্তুষ্ট কৰিব পাৰি ৷ কিন্তু বেলপাতৰ লগত কি সামগ্ৰী দিলে মহাদেৱ প্ৰসন্ন হয় জানো আহক-

  • শাওনৰ এই সোমবাৰ কেইটাত ১০৮টা বেলপাতত অস্তগন্ধাৰে শ্ৰী ৰাম লিখি অৰ্পণ কৰিব পাৰে তেতিয়া আপোনাৰ মনৰ আশা সোনকালে পৰিপূৰ্ণ হয় বুলি কোৱা হয় ৷
  • যেতিয়া আপুনি এনেদৰে ১০৮টা বেলপাত শিৱৰ ওচৰ অৰ্পণ কৰিব তেতিয়া কিন্তু আপোনাৰ মনৰ আশা দৃঢ় হ’ব লাগিব ৷
  • যদিহে কিবা পৰীক্ষা দিবলৈ গৈ আছে বা যদিহে আপোনাৰ কিবা পৰীক্ষা আছে তেন্তে ১০৮টা বেলপাত মৌ লগাই আপুনি মহাদেৱক অপৰ্ণ কৰিব পাৰে ৷ এনেদৰে কৰাৰ ফলত দৃঢ়তা আৰু আত্মবিশ্বাস বৃদ্ধি পাব ৷
  • বেলপাতত চন্দনৰ প্ৰলেপ লগাই শিৱলিংগত অৰ্পণ কৰিলে মানসিক অস্থিৰতা দূৰ হয় লগতে আধ্যাত্মিক উন্নতি লাভ হয় ৷ লগতে মানসিক উদ্বেগ, দুঃচিন্তা আদিৰ পৰাও ৰক্ষা পাব পাৰি ৷
  • বেলগছৰ মূল বা শিপা ধাৰণ কৰিব পাৰিলে ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰি ৷ যদিহে বহুত ধাৰ আছে তেন্তে বেলগছৰ মূল বা শিপা পিন্ধাটো উচিত বুলি কোৱা হয় ৷
  • বেলগছৰ গুৰিত সদায় পানী ঢালিব পাৰিলে পিতৃদোষ নাইকিয়া হয় ৷
লগতে পঢ়ক: শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.