ETV Bharat / health

বৰফৰ দৰে গলিব পেটৰ অতিৰিক্ত চৰ্বি; জানি লওক এই সহজ কিটিপ - Belly Fat - BELLY FAT

How To Reduce Belly Fat: পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ বহুলোকে জিমত ঘণ্টাৰ পিচত ঘণ্টা ধৰি ৱৰ্কআউট কৰে, আনহাতে কিছুমানে ডায়েট কৰে । অৱশ্যে এতিয়া জিমলৈ নোযোৱাকৈ ঘৰতে তৈয়াৰ কৰিব পৰা পানীয়ৰ দ্বাৰা আপুনি আপোনাৰ পেটৰ চৰ্বি কমাব পাৰে ।

How To Reduce Belly Fat
বৰফৰ দৰে গলিব পেটৰ অতিৰিক্ত চৰ্বি; জানি লওক এই সহজ কিটিপ (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 12:26 PM IST

মেদবহুলতা আজিৰ দিনত স্বাস্থ্যজনিত অন্যতম এটি ডাঙৰ সমস্যা ৷ ওজন কমোৱাটো বহুতৰে বাবে ইমানেই প্ৰত্যাহ্বান হৈ পৰিছে, যাৰ বাবে মানুহে কঠোৰ পৰিশ্ৰম কৰে আৰু লগতে খাদ্যৰ সম্পূৰ্ণ যত্ন লয় ৷

লেন্সেটৰ এক অধ্যয়নত কোৱা হৈছে যে, ভাৰতত মেদবহুলতাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি প্ৰকাশ পাইছে ৷ ভাৰতৰ মুঠ জনসংখ্যাৰ ৭০% শতাংশই অতিৰিক্ত ওজনৰ সমস্যাৰ সৈতে যুঁজি আহিছে ৷

সেয়ে আমি কঠোৰ পৰিশ্ৰমৰ লগতে সঠিক খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিয়াটো উচিত ৷ যদি আপুনিও পেটৰ চৰ্বি কম কৰিব বিচাৰে, তেন্তে আপোনাৰ খাদ্য তালিকাত স্বাস্থ্যকৰ আৰু পুষ্টিকৰ বস্তু অন্তৰ্ভুক্ত কৰক ৷ যাতে ই আপোনাক ওজন কমোৱাৰ প্ৰক্ৰিয়াত সহায় কৰিব পাৰে ৷ বিশেষকৈ স্বাস্থ্যকৰ পানীয় ৷

উল্লেখ্য যে, স্বাস্থ্যকৰ পানীয় সেৱন কৰিলে বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু হজম শক্তিও উন্নত হয় ৷ কেৱল এয়াই নহয়, খাদ্যৰ প্ৰতি আসক্তি আৰু অতিৰিক্ত খাদ্য খোৱাটোও এই পানীয়বোৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়, যাৰ ফলত ওজন বহু পৰিমাণে হ্ৰাস কৰিব পাৰি ৷ গতিকে জানো আহক এই পানীয়সমূহ নো কি, যিয়ে আপোনাৰ পেটৰ চৰ্বি কমোৱাত সহায় কৰিব পাৰে ৷

তিয়ঁহৰ পানী খাব লাগে

তিয়ঁহৰ পানী খালে আপুনি চৰ্বিৰ পৰা মুক্তি পাব পাৰে ৷ ইয়াৰ উপৰিও শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো তিয়ঁহৰ পানীয়ে সহায় কৰে ৷ তিয়ঁহত থকা দ্ৰৱণীয় আঁহে কেৱল ওজন হ্ৰাস কৰাত সহায় কৰাই নহয়, আপোনাৰ পাচনতন্ত্ৰও উন্নত কৰিব পাৰে ৷

তিয়ঁহৰ পানী প্ৰস্তুত কৰিবলৈ তিয়ঁহখিনি ভালদৰে ধুব লাগে ৷ ইয়াৰ পিচত ইয়াৰ বাকলি আঁতৰাই লৈ তাৰ পিচত সৰু সৰুকৈ কাটি এটা পাত্ৰত ভৰাই তাত পানী দিব ৷ ৰাতিটো ৰাখি পুৱা খালী পেটত এই পানী সেৱন কৰিব লাগে ৷

ওজন কমাবলৈ পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

ওজন কমাবলৈ পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ গতিকে দিনটোৰ আৰম্ভণি সদায় এগিলাচ পানীৰ দ্বাৰা কৰিব লাগে ৷ দৰাচলতে পানীয়ে শৰীৰক পৰ্যাপ্ত পৰিমাণে হাইড্ৰেট কৰে, যিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়াত সহায় কৰে ৷ ইয়াৰ ফলত চৰ্বি কম কৰাতো সহায় কৰে ৷ পাৰিলে পানীৰ সৈতে নেমুৰ ৰস আৰু মৌ মিহলাই খাবলৈ চেষ্টা কৰক, ই আপোনাৰ ওজন হ্ৰাস কৰাৰ প্ৰক্ৰিয়া আৰু অধিক সহজ কৰি তুলিব ৷

গ্ৰীণ টীয়ে কৰিব সহায়

ওজন কমোৱাত সেউজীয়া চাহ অৰ্থাৎ গ্ৰীণ টী অতি ফলপ্ৰসূ ৷ গ্ৰীণ টীত থকা পুষ্টিকৰ উপাদান আৰু এণ্টি অক্সিডেণ্টে বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰি পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও গ্ৰীণ টীয়ে আপোনাৰ ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

লগতে পঢ়ক: ৰুটিৰ সলনি এই খাদ্য খাওক, শীঘ্ৰেই পৰিৱৰ্তন দেখিবলৈ পাব ওজনত - Food that helps in weight loss

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.