ভুল খাদ্যাভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবে সম্প্ৰতি হৃদ আক্ৰমণ বা হাৰ্ট এটাকৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৷ য'ত আগতে ৬০ বছৰ বয়স গৰকা লোকসকলৰ ক্ষেত্ৰত এই ৰোগে দেখা দিছিল, আজিকালি খুব সৰু-সৰু শিশুও এই ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে ৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ হাছানপুৰ কোতৱালীৰ হাথাইখেদা গাঁৱত হৃদৰোগত আক্ৰান্ত হৈ এটি ৫ বছৰীয়া কণমাণিৰ মৃত্যু হৈছে ৷
এই দুখজনক ঘটনাটো সংঘটিত হোৱাৰ সময়ত কণমানিজনীয়ে ম'বাইলত কাৰ্টুন চাই আছিল ৷ মাতৃৰ কাষত শুই কাৰ্টুন চাই থাঁকোতে হঠাৎ অচেতন হৈ পৰাত শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ৷ চিকিৎসকৰ মতে, হাৰ্ট এটাকৰ ফলতেই শিশুটিয়ে অকাল মৃত্যুক সাবটিবলগীয়া হয় ৷
হাৰ্ট এটাকৰ লক্ষণ
হাৰ্ট এটাকৰ পূৰ্বে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে ৷ সেইসমূহ হৈছে-
- বুকুৰ বিষ বা বুকুত চাপ অনুভৱ কৰা
- উশাহ চুটি হোৱা
- কান্ধ, ডিঙি, পিঠিৰ বিষ
- মূৰ ঘূৰোৱা বা মূৰ্চ্ছা যোৱা
- বমি অহা
হাৰ্ট এটাকৰ পৰা বাচি থাকিবলৈ শিশুৰ যত্ন কিদৰে ল'ব ?
- শিশুক চাপ নিদিব
হাৰ্ট এটাকৰ অন্যতম মূখ্য কাৰণ চাপ, উদ্বেগ আৰু উত্তেজনা ৷ সেয়েহে, শিশুসকলক কেতিয়াও চাপ ল'বলৈ নিদিব ৷
- ভাল আহাৰ
স্বাস্থ্যকৰ আহাৰে শিশুৰ হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে ৷ সেয়েহে, শিশুৰ আহাৰত ফল, পাচলি, সম্পূৰ্ণ শস্য আৰু কম চৰ্বিযুক্ত প্ৰ'টিন অন্তৰ্ভুক্ত কৰিব ৷ শীতকালত শিশুৰ আহাৰত চূপ, গুড় আদিৰ দৰে গৰম খাদ্য অন্তৰ্ভুক্ত কৰিব ৷
- নিয়মীয়া ব্যায়াম
শিশুসকলক নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ অভ্যাস কৰাব ৷ আনহাতে, তেওঁলোকক ঘৰৰ ভিতৰতকৈ বাহিৰত খেলিবলৈ দিব ৷
- যথেষ্ট পৰিমাণে পানী খাবলৈ দিব
ঠাণ্ডা বতৰত শিশুসকলক হাইড্ৰেটেড কৰি ৰাখিব ৷ ডিহাইড্ৰেশ্যনে তেওঁলোকৰ হৃদযন্ত্ৰৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে ৷ এনে পৰিস্থিতিত, তেওঁলোকক নিয়মীয়াকৈ পানী খাবলৈ দিয়াৰ অভ্যাস কৰিব ৷
লগতে পঢ়ক: শিশুৰ দেহত দেখা দিয়া এই লক্ষণসমূহ হ’ব পাৰে কেন্সাৰৰ কাৰণ