ETV Bharat / health

মুখৰ দুৰ্গন্ধৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পদ্ধতি জানি লওক - Bad Breath - BAD BREATH

Bad breath: যদি মুখৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে, তেন্তে সেয়া কেৱল মুখ লেতেৰা হোৱাটো প্ৰয়োজনীয় নহয়, ইয়াৰ আঁৰত আন বহুতো গুৰুতৰ কাৰণ থাকিব পাৰে, যিসমূহ সময়মতে চিনাক্ত কৰাটো খুবেই প্ৰয়োজনীয় ।

How to get rid of bad breath?
মুখৰ দুৰ্গন্ধৰ কাৰণ তথা ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানি লওক (CANVA)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 8:19 PM IST

মুখৰ দুৰ্গন্ধ, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত হেলিটোচিছ বুলি কোৱা হয় ৷ যি এক অতি সচৰাচৰ সমস্যা ৷ এই সমস্যা বিভিন্ন কাৰণত হ'ব পাৰে ৷ কিন্তু সঠিক যত্ন আৰু চিকিৎসাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি ৷ নিয়মীয়া মুখৰ পৰিচ্ছন্নতা বজাই ৰখা, সঠিক খাদ্য গ্ৰহণ কৰা তথা সময়মতে চিকিৎসা কৰাটো এই সমস্যাৰ পৰা হাত সৰাৰ অন্যতম উপায় ৷

মুখ গোন্ধোৱাৰ কাৰণ-

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ

দাঁত আৰু জিভা সঠিকভাৱে পৰিস্কাৰ নকৰিলে বেক্টেৰিয়া বৃদ্ধি হয়, যাৰ ফলত দুৰ্গন্ধ হয় ৷

খাদ্যসামগ্ৰী

পিঁয়াজ, নহৰু আৰু মচলাযুক্ত খাদ্য খালেও মুখৰ পৰা দুৰ্গন্ধ ওলায় ৷

শুকান মুখ

লেলাউটিৰ অভাৱৰ ফলত মুখত বেক্টেৰিয়া বৃদ্ধি হৈ দুৰ্গন্ধ ওলাব পাৰে ৷ শুকান মুখ ঔষধ, ধূমপান, বা চিকিৎসাজনিত কাৰণত হ'ব পাৰে ৷

ধঁপাত আৰু ধূমপান

ধঁপাতজাতীয় সামগ্ৰী আৰু ধূমপানৰ ফলত মুখৰ পৰা দুৰ্গন্ধ ওলায় ৷

স্বাস্থ্যৰ সমস্যা

চাইনাছ সংক্ৰমণ, ডিঙিৰ সংক্ৰমণ, হাঁওফাঁওৰ সংক্ৰমণ, বৃক্কৰ সমস্যা বা ডায়েবেটিচৰ দৰে স্থিতিৰ ফলত মুখৰ দুৰ্গন্ধ হ'ব পাৰে ৷

দাঁতৰ সমস্যা

দাঁতৰ ক্ষয়, আলুৰ ৰোগ বা দাঁতত আৱদ্ধ খাদ্যকণাইও দুৰ্গন্ধ সৃষ্টি কৰিব পাৰে ৷

এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

  • দিনত কমেও দুবাৰ দাঁত ব্ৰাছ কৰিব ৷
  • জিভা পৰিস্কাৰ কৰি ৰাখিব ৷ পৰীক্ষাৰ বাবে নিয়মীয়াকৈ দন্ত চিকিৎসকৰ ওচৰলৈ যাব ৷
  • অধিক পানী খাব ৷
  • সুৰা আৰু কেফেইন গ্ৰহণ সীমিত কৰিব ৷
  • পিঁয়াজ, নহৰু আৰু মচলাযুক্ত খাদ্যও কমাই খাব ৷
  • ধঁপাতজাতীয় সামগ্ৰীৰ সেৱন বন্ধ কৰক আৰু ধূমপানো ত্যাগ কৰক ৷
  • বেক্টেৰিয়া ৰোধ কৰিব পৰা মাউথৱাছ ব্যৱহাৰ কৰক ৷
  • যদি আপোনাৰ দুৰ্গন্ধৰ কাৰণ স্বাস্থ্যজনিত সমস্যাৰ সৈতে সম্পৰ্কিত, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু সঠিক চিকিৎসা কৰক ৷
লগতে পঢ়ক: Bad Breath Problem: এই ৩টা অংগৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে মুখৰ দুৰ্গন্ধৰ, বেয়া হ’লে আহে দুৰ্গন্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.