ETV Bharat / health

ড্ৰাগছৰ গ্ৰাসত পৰিছে নেকি আপোনাৰ কোনো আপোনজন ? এইদৰে এৰুৱাওক নিচা গ্ৰহণৰ অভ্যাস... - Drug Addiction

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 12:56 PM IST

Drug Addiction: ড্ৰাগছ আসক্তিৰ লক্ষণ কি ? এগৰাকী ব্যক্তিৰ কেনেকৈ নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্তি বৃদ্ধি হয় ? এই সন্দৰ্ভত জনালে মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙে ।

Doctor Advice
আপোনাৰ সন্তান ড্ৰাগছ আসক্ত নেকি ? জানি লওক এইকেইটা লক্ষণ (ETV Bharat)

গুৱাহাটী, 25 জুলাই: বৰ্তমান সময়ত ড্ৰাগছৰ কৰাঁল গ্ৰাসত পৰিছে একাংশ যুৱ-প্ৰজন্ম ৷ বৰ্তমান সমাজত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ নিচা জাতীয় সামগ্ৰী আসক্ত লোকৰ সংখ্যা ৷ ডাঙৰ ডাঙৰ নগৰ-চহৰবোৰতো ড্ৰাগছৰ প্ৰতি আসক্ত তৰুণ-তৰুণীৰ সংখ্যাও দিনক-দিনে অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে ।

মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিং (ETV Bharat)

চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা যদি চাবলৈ যোৱা হয় তেন্তে ড্ৰাগছ আসক্তি এক প্ৰকাৰৰ মানসিক ব্যাধি ৷ য'ত এগৰাকী ব্যক্তিয়ে এই নিচাৰ ব্যৱহাৰৰ কৰিবলৈ লাহে লাহে আকৰ্ষিত হৈ যায় আৰু তাৰ পিছত সেই নিচাৰ প্ৰতি আসক্ত হৈ পৰে ৷ আসক্ত যে কেৱল ড্ৰাগছৰ প্ৰতিয়ে বাঢ়িব সেয়া নহয়, আসক্তি ভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী সেৱনৰ প্ৰতিও হ'ব পাৰে ৷

এগৰাকী ব্যক্তিৰ কেনেকৈ নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্তি বৃদ্ধি হয় ?

বৰ্তমান সময়ত প্ৰতিগৰাকী লোকৰে জীৱনত ভিন্ন কাৰণত বিভিন্ন সমস্যা থাকিব পাৰে ৷ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈ প্ৰতিজন লোকেই ভিন্ন সমস্যাত ভোগা পৰিলক্ষিত হয় ৷ সমান্তৰালভাৱে মানসিক চিন্তাতো ভোগা পৰিলক্ষিত হয় ৷ বিশেষকৈ যদিহে কোনো এটা শিশু যদি বহুত বেছি অস্থিৰ হয়, পঢ়া-শুনা ভালদৰে মনোযোগ দিব নোৱাৰা হয় তেন্তে সেই সকলৰ শিশু ডাঙৰ হৈ কোনো নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত হোৱাৰ আশংকা বেছি ৷

এবাৰ যদি ব্যক্তিগৰাকী ড্ৰাগছকে ধৰি কিবা নিচাজাতীয় সামগ্ৰী সেৱন কৰে তেন্তে তেওঁৰ পৰৱৰ্তী সময়ত তেওঁৰ ক্ষেত্ৰত এই লক্ষণসমূহ দেখা দিয়ে যেনে-

ড্ৰাগছ সেৱনৰ ফলত-

  • শৰীৰৰ ওজন দিনক দিনে কমি আহে
  • খং উঠে
  • চিন্তা বৃদ্ধি হয়
  • ডিপ্ৰেচন
  • খিংখিঙীয়া বা মেজাজৰ পৰিৱৰ্তন
  • চকুৰ মণি সৰু হৈ পৰে
  • টোপনিৰ ভৰত য’তে-ত’তে শুই পৰে
  • খোজ কাঢ়িবলৈ ক্ষমতা হেৰুৱাই পেলায়
  • স্মৃতিশক্তিৰ লগত জড়িত সমস্যা
  • কোনো কথাত মনোনিৱেশ বা স্পষ্টভাৱে চিন্তা কৰাত সমস্যা
  • লগতে এনজাইটি আদিৰ সৃষ্টি হয় এনে ক্ষেত্ৰত ব্যক্তিগৰাকী পুনৰ ড্ৰাগছ ব্যৱহাৰ কৰিব বিচাৰে আৰু তেনেদৰেই লাহে লাহে সেই নিচাৰ প্ৰতি আসক্তি বাঢ়ি যায় ৷

এবাৰ আসক্ত হোৱাৰ পিছত ড্ৰাগছ লোৱা বন্ধ কৰিলে কি হ’ব ?

যদি কোনো ব্যক্তি ইতিমধ্যে ড্ৰাগছ আসক্ত হয় আৰু হঠাৎ ড্ৰাগছ লোৱা বন্ধ কৰি দিয়ে তেতিয়া তেওঁৰ দেহত বিভিন্ন পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে ৷ যেনে-

  • তেওঁৰ চকুৰ পৰা পানী ওলায়
  • গাৰ বহুত বিষ হয়
  • গাৰ নোমবোৰ উঠি আহে
  • অনবৰতে ঠাণ্ডা-গৰম অনুভৱ কেতিয়াবা বৰফত থকাৰ দৰে অনুভৱ হয় আৰু কঁপনি বৃদ্ধি পায় ৷
  • কেতিয়াবা বহুত গৰম উঠে

এনে ক্ষেত্ৰত পুনৰ সেই বস্তুটো সেৱন কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হয় আৰু কোনো বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ নকৰিলে পিচলৈ বহু বিপজ্জনক পৰিস্থিতিৰো সৃষ্টি হ’ব পাৰে ৷ অথবা কেতিয়াবা আকৌ অতিৰিক্ত পৰিমানে এই নিচা সেৱনৰ ফলত ব্যক্তিগৰাকীৰ মৃত্যুও হ'ব পাৰে ৷

ড্ৰাগছৰ আসক্তিৰ প্ৰতিকাৰ আৰু চিকিৎসা

ড্ৰাগছৰ প্ৰতি আসক্ত ব্যক্তিৰ চিকিৎসা আৰু তাৰ প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি তাক লৈ বিশ্বৰ সমাজ আজি বাৰুকৈয়ে এক চিন্তাৰ বিষয় । কাৰণ কোনো একক চিন্তা বা চিকিৎসাৰে ড্ৰাগছৰ আসক্তিৰ পৰা পৰিত্ৰাণ লাভ কৰাটো খুবেই কঠিন কাম । গতিকে কোনো ঔষধৰ পৰা বিৰত কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ হ’লে যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন । এই প্ৰচেষ্টা কেৱল চিকিৎসকেই কৰিব লাগিব, এনে নহয় । এনে ক্ষেত্ৰত ড্ৰাগছ আসক্ত লোকজনৰ সহায়কাৰী হিচাপে লাগিব সমাজ বিজ্ঞানী, মনোবিজ্ঞানী, অভিভাৱক, শিক্ষক, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ সহায়-সহযোগ । কোনো নিচাযুক্ত ঔষধে শৰীৰত সৃষ্টি কৰা বিষক্ৰিয়াৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত চিকিৎসকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ।

মানসিক সমস্যা-সমাধানৰ ক্ষেত্ৰত মনোবিজ্ঞানীসকলেও একেই ভূমিকা পালন কৰিবলগীয়া হয় । আসক্ত ব্যক্তিক ঘৃণা কৰি, শাৰীৰিক কষ্ট দি বা মাৰপিট কৰি একো লাভ নাই । একমাত্ৰ দয়া-মমতা, স্নেহ, ভালপোৱা আদিৰ দ্বাৰাহে এনে ব্যক্তিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পৰা যায় । প্ৰয়োজন হ’লে তেওঁৰ প্ৰিয় কৰ্মত পুনৰ নিয়োজিত ৰখা উচিত ।

লগতে পঢ়ক: সৰ্পদংশনৰ বাবে তেজ পাতল কৰা সস্তা প্ৰতিষেধক সম্ভৱ : অধ্যয়ন - SNAKEBITE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.