ETV Bharat / health

ভাৰতৰ বাবে বিপদ কঢ়িয়াই আনিব নেকি মাৰবাৰ্গ ভাইৰাছে ? - WHO

মাৰবাৰ্গ ভাইৰাছ কি? কেনেকৈ বিয়পে ? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই বিষয়ে বিতংভাৱে জানো আহক-

How deadly is the Marburg virus? Will there be danger for India too?
ভাৰতৰ বাবে বিপদ কঢ়িয়াই আনিব নেকি মাৰবাৰ্গ ভাইৰাছে ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 7, 2024, 9:27 AM IST

সম্প্ৰতি আফ্ৰিকাৰ কিছুমান দেশত মাৰবাৰ্গ ভাইৰাছ বিয়পি পৰিছে ৷ এই ভাইৰাছৰ বাবে ১৫ জন ৰোগীৰ মৃত্যু হৈছে ৷ আফ্ৰিকাৰ আশে-পাশে থকা দেশসমূহকো সতৰ্ক কৰি দিয়া হৈছে ৷ আনকি এই ভাইৰাছে চকুৰ পৰাও ৰক্তক্ষৰণ হ’ব পাৰে ৷ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এই বাবেই মাৰবাৰ্গ ভাইৰাছক ব্লিডিং আই ভাইৰাছ বুলি কোৱা হয় ৷ এই ভাইৰাছ ইবোলা পৰিয়ালৰ অন্তৰ্গত, কিন্তু ই যথেষ্ট বিপদজনক ৷ ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত ৫০ শতাংশ ৰোগীৰ মৃত্যুৰ আশংকা থাকে ৷ মাৰবাৰ্গ ভাইৰাছ কি? কেনেকৈ বিয়পে ? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই বিষয়ে বিতংভাৱে জানো আহক-

WHOৰ মতে, পূৰ্বতে মাৰবাৰ্গ জ্বৰ নামেৰে জনাজাত মাৰবাৰ্গ ভাইৰাছ ৰোগ (MVD) মানুহৰ মাজত বিয়পি পৰা এক গুৰুতৰ আৰু মাৰাত্মক ৰোগ ৷ এই ৰোগত মৃত্যুৰ হাৰ ৫০% ৷ অৰ্থাৎ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত প্ৰতি ১ লাখ ৰোগীৰ ভিতৰত ৫০ জন ৰোগীৰ মৃত্যু হ’ব পাৰে ৷ কিছুমান ৰোগীৰ মাৰবাৰ্গ ভাইৰাছৰ বাবে ৰক্তক্ষৰণজনিত জ্বৰ হ’ব পাৰে ৷ যদি কোনো ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হয় তেন্তে আভ্যন্তৰীণ ৰক্তক্ষৰণ হ’ব পাৰে, যাৰ ফলত মৃত্যু হয় ৷ বৰ্তমান মাৰবাৰ্গ প্ৰতিৰোধৰ বাবে কোনো ভেকচিন বা এন্টিভাইৰেল চিকিৎসা নাই যদিও ভেকচিন প্ৰস্তুত কৰা হৈছে ৷

মাৰবাৰ্গ ভাইৰাছ কেনেকৈ বিয়পে ?

এই ভাইৰাছ আক্ৰান্ত বাদুলিৰ পৰা মানুহলৈ বিয়পে ৷ বাদুলিৰ প্ৰস্ৰাৱ সংস্পৰ্শৰ যোগেদিও ই মানুহলৈ বিয়পে ৷ চিন্তাৰ বিষয়টো হ’ল এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ বিয়পি পৰে ৷ আক্ৰান্ত লোকৰ তেজ, শৰীৰৰ তৰল পদাৰ্থ আৰু আক্ৰান্ত ৰোগীয়ে ব্যৱহাৰ কৰা বিচনা আৰু কাপোৰৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে মাৰবাৰ্গ ভাইৰাছ বিয়পিব পাৰে ৷ আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰা স্বাস্থ্যকৰ্মীসকলো এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে ৷ যিহেতু এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে, গতিকে একেটা অঞ্চলতে একাধিক ৰোগী সংঘটিত হোৱাৰ আশংকা থাকে ৷

ভাৰততো বিপদ আছেনে ?

বিশেষজ্ঞই কয় যে, ভাৰতত এই ভাইৰাছৰ ভাবুকিৰ বাবে আতংকিত হোৱাৰ প্ৰয়োজন নাই, কিন্তু আমি সজাগ হৈ থাকিব লাগিব ৷ আফ্ৰিকাৰ দেশলৈ যোৱা আৰু তাৰ পৰা ভাৰতলৈ অহা লোকসকলক পৰীক্ষা কৰিব লাগিব ৷ যদি কোনোবাই মাৰবাৰ্গ লক্ষণ দেখিলে এনে লোকক পৃথক কৰি ৰখাৰ প্ৰয়োজন ৷

মাৰবাৰ্গ ভাইৰাছৰ লক্ষণসমূহ কি কি ?

  • উচ্চ জ্বৰ
  • মূৰৰ বিষ
  • পেশীৰ বিষ
  • বমি
  • ডিঙি বিষ
  • ডায়েৰিয়া
  • নাক, ​​চকু বা মুখৰ পৰা তেজ ওলোৱা
  • কেনেকৈ সুৰক্ষা দিব লাগে
  • আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক
  • আফ্ৰিকান দেশলৈ যোৱাৰ পৰা বিৰত থাকক
  • যদি ফ্লুৰ লক্ষণ দেখা যায় তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক
  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক
লগতে পঢ়ক: ভাইৰেল জ্বৰ হ’লে গা ধুব লাগেনে ? কি কয় বিশেষজ্ঞই - Bath During Viral Fever

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.