হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ হৃদৰোগৰ আশংকা বুজাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ হৃদৰোগৰ কিমান আশংকা আছে সেয়া বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, ইয়াৰে কিছুমান নিৰাময়যোগ্য হয় আৰু কিছুমান নহয় ৷ ইয়াৰ বিপদজনক দিশটো হ’ল এনে অৱস্থা বা অভ্যাস যিয়ে ব্যক্তিৰ কোনো ৰোগ হোৱাৰ সম্ভাৱনা অধিক কৰি তোলে ৷ এই বিপদজনক কাৰকসমূহ ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে ৷
হৃদৰোগৰ বিপদজনক কাৰক:-হৃদৰোগ প্ৰতিৰোধৰ বাবে এইটো জনাটো জৰুৰী যে ইয়াৰ বিপদজনক দিশসমূহ কি কি আৰু ইয়াক আপুনি হ্ৰাস কৰিবলৈ কি কৰিব পাৰে-
হৃদৰোগৰ বিপদজনক কাৰকসমূহ
- প্ৰিডায়েবেটিছ বা ডায়েবেটিছ হোৱা
- অতিৰিক্ত ওজন বা মেদবহুল হোৱা
- উচ্চ ৰক্তচাপ
- তেজৰ কলেষ্টেৰল উচ্চ হোৱা
- নিয়মীয়াকৈ শাৰীৰিক কাৰ্য-কলাপ নকৰা
- ধূমপান কৰা
- অস্বাস্থ্যকৰ খাদ্যাভ্যাস
- মহিলাৰ বাবে ৫৫ বছৰ বা তাতকৈ উৰ্ধৰ আৰু পুৰুষৰ বাবে ৪৫ বছৰ বা তাতকৈ উৰ্ধৰ হোৱা
- পাৰিবাৰিক ইতিহাসত আৰম্ভণিৰ হৃদৰোগ থকা, উদাহৰণস্বৰূপে যদি আপোনাৰ পিতৃ বা ভাতৃৰ ৫৫ বছৰৰ আগতে হৃদৰোগ হৈছিল, বা আপোনাৰ মা বা ভগ্নীৰ ৬৫ বছৰৰ আগতে হৃদৰোগ হৈছিল ৷
- প্ৰিক্লেম্পচিয়াৰ ইতিহাস থকা, যিটো হ’ল গৰ্ভাৱস্থাত হঠাৎ ৰক্তচাপ বৃদ্ধি আৰু প্ৰস্ৰাৱত অত্যধিক প্ৰ’টিন
উক্ত সকলো বিপদজনক কাৰকেই আপোনাৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ কিছুমান বিপদজনক কাৰক সলনি কৰিব নোৱাৰি ৷ ইয়াৰ ভিতৰত আপোনাৰ বয়স, লিংগ আৰু পৰিয়ালৰ আৰম্ভণিৰ হৃদৰোগৰ ইতিহাস আন বাকীখিনি আপুনি পৰিৱৰ্তন কৰিব পাৰে ৷
শাৰীৰিকভাৱে সক্ৰিয় থকা আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী হ’ব ৷ আপুনি লাহে লাহে পৰিৱৰ্তন কৰিব পাৰে, এখোজ এখোজকৈ ৷ কিন্তু ইয়াক নিতৌ অনুসৰণ কৰাটো অতি প্ৰয়োজনীয় ৷