ETV Bharat / health

শিশুক পুৱাৰ আহাৰত খাবলৈ দিয়ক সোৱাদযুক্ত তথা স্বাস্থ্যকৰ খাদ্য - Breakfast Ideas For Kids

author img

By ETV Bharat Health Team

Published : 2 hours ago

Breakfast Ideas For Kids: প্ৰায়েই মাতৃসকল এই বিপাঙত পৰে শিশুটিক পুৱা এনে কি খাদ্য খাবলৈ দিয়া উচিত যি তেওঁলোকৰ পেটপূৰ কৰাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী হয় ৷ আজি আমি এনে কিছুমান পুৱাৰ আহাৰৰ বিকল্প লৈ আহিছো যি আপুনিও আপোনাৰ শিশুক খুৱাব পাৰে-

Healthy breakfast options for kids
শিশুক পুৱাৰ আহাৰত খাবলৈ দিয়ক সোৱাদযুক্ত তথা স্বাস্থ্যকৰ খাদ্য (ETV Bharat)

ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু আৰু ইয়াত কেৱল স্বাস্থ্যকৰ বস্তুহে অন্তৰ্ভুক্ত কৰিব লাগে । শিশুক ব্ৰেকফাষ্টৰ বাবে স্বাস্থ্যসন্মত বস্তু খালে গোটেই দিনটো শক্তি লাভ কৰে । আনহাতে, যদি আপুনি তেওঁলোকক ব্ৰেকফাষ্টত লঘু বা অস্বাস্থ্যকৰ কিবা এটা খুৱায়, তেন্তে শিশুটি সোনকালে ভাগৰি পৰে ।

সেয়েহে আজি আমি আপোনালোকৰ বাবে এনে কিছুমান ব্ৰেকফাষ্টৰ বিকল্প লৈ আহিছো যি আপোনাৰ শিশুৰ শৰীৰত ভৰপূৰ শক্তিৰ যোগান ধৰিব ৷

  • ওটচ ইডলি

শিশুৱে পোনপটীয়াকৈ ওটছ নাখায় যদিও আমি সকলোৱে জানো যে ওটছত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ওটছ ইডলি বনাই খুৱাব পাৰে ৷ ওটছ ইডলী দেখাত বেলেগ হ’ব আৰু ল’ৰা-ছোৱালীয়ে ইয়াক চাবলৈ অস্বীকাৰ নকৰে ৷ ইয়াত কেলৰি কম থকাই নহয় ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, খনিজ পদাৰ্থ, বহু ধৰণৰ ভিটামিন আৰু আঁহযুক্ত উপাদায় থাকে ৷ এই ৰেচিপিৰ জৰিয়তে শিশুৱে সোৱাদৰ লগতে পুষ্টিও লাভ কৰিব ৷

  • শাক-পাচলিযুক্ত মছলা ডোছা

ডোছাও অতি স্বাস্থ্যকৰ আৰু ইয়াক খালে শিশুৰ পেট সোনকালে ভৰি পৰে ৷ চাটনি বা আলুৰ তৰকাৰী দি খুৱাব পাৰে ৷ ডোছাৰ ভিতৰত শাক-পাচলিও দিব পাৰে যিয়ে ইয়াৰ পুষ্টি আৰু অধিক বৃদ্ধি কৰিব ৷ আলুৰ লগতে পনীৰ, গাজৰ আৰু কেপচিকাম আদি দিব পাৰে ৷

  • উপমা

আপুনি অতি সোনকালে উপমা প্ৰস্তুত কৰিব পাৰে ৷ শিশুৰ ৰুচি অনুসৰি বনাব পাৰে ৷ উদাহৰণস্বৰূপে, যদি শিশুৱে মছলাযুক্ত খাদ্য যদি বেছিকৈ ভাল পায়, তেন্তে তাত থকা মছলা দিব পাৰে, কিন্তু যদি শিশুৱে মছলা কমকৈ ভাল পায়, তেন্তে ইয়াক কম মছলাযুক্ত কৰি তৈয়াৰ কৰিব পাৰে ৷

  • পৰঠা

পুৱা পৰঠা খালে পেট সোনকালে ভৰি পৰে আৰু বহু সময়লৈকে ভোক অনুভৱ নহয় ৷ শিশুটিক তেওঁৰ পছন্দৰ শাক-পাচলিৰ পৰা তৈয়াৰী পৰঠা খুৱাব পাৰে ৷ আলু, কবি, বিট বা কবি আদিৰ পৰঠা বনাই পুৱাৰ ব্ৰেকফাষ্টত শিশুক খুৱাব পাৰে ৷

  • পোহা

ব্ৰেকফাষ্টৰ বাবেও পোহা অতি স্বাস্থ্যকৰ বিকল্প ৷ শিশুৰ পছন্দৰ শাক-পাচলি দি পৰিবেশন কৰিব পাৰে ৷ ইয়াক ৰান্ধিবলৈ বেছি সময় নালাগে আৰু ইয়াৰ পুষ্টিকৰ গুণাগুণ অতি বেছি ৷ ইয়াত শুকান ফলো অন্তৰ্ভুক্ত কৰিব পাৰে ৷

  • মগু দালিৰ চিল্লা

চিল্লা দক্ষিণ ভাৰতীয় ডোছা আৰু মগু দালিৰ সৈতেও বনাব পাৰে ৷ শিশুৰ পেটৰ বাবে মগু দালি খুবেই ভাল ৷ ইয়াত আপুনি paneer ষ্টাফ কৰিব পাৰে ৷ ই লঘু আৰু পুষ্টিকৰ উপাদানৰে ভৰপূৰ লগতে খাবলৈও সোৱাদযুক্ত হয় ৷

লগতে পঢ়ক: আপোনাৰ শিশুটিৰ বয়স অনুযায়ী উচ্চতা কম নেকি ? তেন্তে এয়া লওক উপায় - Height in Children

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.