ETV Bharat / health

শুবলৈ যোৱাৰ আগতে আপুনিও খায় নেকি এই খাদ্য, তেন্তে সৰ্বনাশ! - GOOD SLEEP FOOD TIPS

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 9:00 PM IST

GOOD SLEEP FOOD TIPS: আপুনিও গোটেই ৰাতি টোপনি নহাৰ বাবে ইকাতি-সিকাতি কৰি থাকে নেকি ? যদি হয়, তেন্তে সম্ভৱ যে আপোনাৰ খাদ্যাভ্যাস আপোনাৰ টোপনি নহাৰ সমস্যাৰ আঁৰৰ মূল কাৰণ । দৰাচলতে শুবলৈ যোৱাৰ আগতে আপুনি যি খায়, সেয়া আপোনাৰ টোপনিৰ ওপৰত প্ৰভাৱ পেলায় । এই খাদ্যসমূহ নো কি জানো আহক-

Health foods and drinks to avoid before bed to get better sleep
শুবলৈ যোৱাৰ আগতে আপুনিও খায় নেকি এই খাদ্য তেন্তে সৰ্বনাশ! (SOURCE: FREEPIK)

আমাৰ স্বাস্থ্যৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ ৷ টোপনিৰ অভাৱত আপোনাৰ স্বাস্থ্যৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ টোপনিৰ অভাৱৰ বাবে ষ্ট্ৰেছ হৰম’ন, মানসিক চাপ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা আদি ৰোগ আদি বৃদ্ধি পাব পাৰে ৷ কেৱল এয়াই নহয়, টোপনিৰ অভাৱৰ বাবে আপোনাৰ উৎপাদনশীলতাও বহুত প্ৰভাৱিত হয় ৷ ইয়াৰ বাবে আপোনাৰ কামৰ প্ৰতি মনোনিৱেশো কমি যায় ৷ সেয়ে প্ৰতিদিনে কমেও ৭-৯ ঘণ্টাৰ বাবে শোৱাটো অতি প্ৰয়োজনীয় ৷ অৱশ্যে ভাল টোপনিৰ বাবে খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাটো জৰুৰী ৷ কাৰণ খাদ্য আমাৰ টোপনিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৷

সেয়ে জানো আহক এনে কিছুমান খাদ্যৰ বিষয়ে যাক শোৱাৰ আগতে খোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ এই খাদ্যই আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে-

অতি জ্বলা খাদ্য

ৰাতি শুবলৈ যোৱাৰ আগতে অতি জ্বলা খাদ্য খালে টোপনিত অসুবিধাৰ সৃষ্টি হ’ব পাৰে ৷ এনে হয় কাৰণ বেছিকৈ জ্বলা খাদ্য খালে এচিড ৰিফ্লাক্স আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে ৷ এই সমস্যাবোৰৰ বাবে টোপনি নহাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ সেয়ে শুবলৈ যোৱাৰ আগতে কম জ্বলা খাদ্য খোৱাটো উচিত ৷

আইচ ক্ৰীম

গ্ৰীষ্মকালত মানুহে প্ৰায়ে ৰাতিৰ আহাৰ খোৱাৰ পিছত ডেজাৰ্টৰ বাবে আইচক্ৰীম খায়, কিন্তু ইয়াৰ বাবে আপুনি ৰাতি ভালদৰে শুব নোৱাৰিবও পাৰে ৷ আইচক্ৰীমত প্ৰচুৰ পৰিমাণে চেনি থাকে, যাৰ বাবে ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে ৷ সেয়ে ইয়াৰ টোপনি নহাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

কফি

যদি আপুনি ভাবে যে বাকী থকা অফিচৰ কামবোৰ শেষ কৰিবলৈ আপুনি কফি খাব যাতে আপুনি শক্তি পায় আৰু তাৰ পিছত শুব, তেতিয়া আপুনি আৰু টোপনিৰ কথা পাহৰি যাওক ৷ দৰাচলতে কফিত কেফেইন থাকে, যাৰ ফলত অনিদ্ৰাৰ সমস্যাই দেখা দিয়ে ৷ কেফেইন আপোনাৰ শৰীৰত ৭-৮ ঘণ্টা থাকিব পাৰে ৷ গতিকে শুবলৈ যোৱাৰ কেইঘণ্টামান পূৰ্বে কফি পৰিহাৰ কৰাটো উচিত৷ তাৰ পৰিৱৰ্তে কেমোমিল চাহ খাব পাৰে, যিয়ে আপোনাৰ শৰীৰক শিথিল কৰি ৰাখে আৰু ভাল টোপনি ভাল হয় ৷

চীজ

চীজ যথেষ্ট স্বাস্থ্যকৰ, কিন্তু ইয়াৰ ফলত আপোনাৰ টোপনিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ দৰাচলতে চীজত থকা এমিনো এচিডে আপোনাৰ মগজুক দীৰ্ঘদিন ধৰি সজাগ কৰি ৰাখে ৷ ইয়াৰ বাবে আপোনাৰ সোনকালে টোপনি নাহে ৷

চেনিযুক্ত খাদ্য সামগ্ৰী

অত্যধিক চেনি আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ ইয়াৰ ফলত আপোনাৰ টোপনিৰ চক্ৰ বিঘ্নিত হ’ব পাৰে ৷ চেনিৰ পৰিমাণ বেছি থকা খাদ্যত কেলৰি অতি বেছি থাকে, যাৰ বাবে আপুনি টোপনি অহাত অসুবিধা অনুভৱ কৰিব পাৰে ৷ সেয়ে ৰাতি শুবলৈ যোৱাৰ আগতে শস্য, বিস্কুট আদি অধিক পৰিমাণে চেনিযুক্ত খাদ্য খোৱাটো উচিত নহয় ৷

লগতে পঢ়ক: চকু শুকান হোৱা সমস্যাক ভুলতো নকৰিব আওকান; অন্যথা হ’ব এই সমস্যা - Dry Eyes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.