ETV Bharat / health

জ্বলা কেঁচা জলকীয়া খালে হৃদযন্ত্ৰ হৈ থাকিব সুস্থ, হজম শক্তিও হ’ব উন্নত আৰু পাব এই লাভ - GREEN CHILLI

আমাৰ মাজৰ বহুতে ভাত, ৰুটি বা অন্য খাদ্যৰ সৈতে কেঁচা জলকীয়া নহ’লে খাদ্যৰ সোৱাদ আধৰুৱা অনুভৱ কৰে ৷ কিন্তু আপুনি জানেনে ইয়াৰ উপকাৰিতা কিমান ?

Health Benefits of Green Chilli kesa jolokia in Assamese
জ্বলা কেঁচা জলকীয়া খালে হৃদযন্ত্ৰ হৈ থাকিব সুস্থ, হজম শক্তিও হ’ব উন্নত আৰু পাব এই লাভ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Oct 31, 2024, 3:38 PM IST

খাদ্যৰ সোৱাদ বঢ়াবলৈ আমি খাদ্যত কেঁচা জলকীয়া ব্যৱহাৰ কৰো ৷ ইয়াৰ জ্বলা সোৱাদে খাদ্যত ইমানেই যাদু দেখুৱাই যে মানুহে ইয়াক খোৱা হোৱাৰ পিচতো খাদ্য আঙুলি চেলেকি খায় ৷ অৱশ্যে কিছুমান মানুহ আছে যিয়ে কেঁচা জলকীয়া খোৱাটো সম্পূৰ্ণ পৰিহাৰ কৰে ৷ যদি আপুনিও সেইসকল লোকৰ মাজত অন্তৰ্ভুক্ত, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷

দৰাচলতে সীমিত পৰিমাণত কেঁচা জলকীয়া খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷ সেয়ে পলম নকৰি আজি ইয়াক খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

অক্সিডেটিভ ক্ষতি হ্ৰাস কৰা

কেঁচা জলকীয়াত এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে অক্সিডেটিভ ক্ষতি হ্ৰাস কৰি কোষৰ ক্ষতি ৰোধ কৰে ৷ ইয়াত কেপচাইচিন পোৱা যায়, যিটো এন্টিঅক্সিডেন্ট ৷ সেয়েহে ই বহুতো দীৰ্ঘদিনীয়া ৰোগৰ(Cronic Disease) বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ

ভিটামিন এ, চি আৰু ই কেঁচা জলকীয়াত পোৱা যায়, যিবোৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় ৷ ভিটামিন এ চকুৰ বাবে উপকাৰী, আনহাতে ভিটামিন চিয়ে কোষৰ ক্ষতি হ্ৰাস কৰে আৰু ছাল আৰু চুলিৰ বাবে ভিটামিন ই অতি প্ৰয়োজনীয় ৷

বিপাকীয় ক্ৰিয়াৰ গতি ত্বৰান্বিত হয়

কেঁচা জলকীয়া খালে বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ হয়, যিয়ে কেলৰি সোনকালে বাৰ্ন কৰাত সহায় কৰে ৷ কেলৰি বাৰ্ন কৰাটোৱে ওজন হ্ৰাস কৰাত যথেষ্ট সহায় কৰে ৷

হৃদয়ৰ বাবে উপকাৰী

কেঁচা জলকীয়াই কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে, যিয়ে হৃদৰোগ প্ৰতিৰোধ কৰে ৷ ইয়াৰ উপৰিও ই হৃদযন্ত্ৰ আৰু ধমনীসমূহক অক্সিডেটিভ ক্ষতিৰ পৰাও ৰক্ষা কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷

বাতবিষৰ পৰা সকাহ

কেঁচা জলকীয়াত কেপচাইচিন নামৰ এবিধ পুষ্টিকৰ পদাৰ্থ প্ৰচুৰ পৰিমাণ পোৱা যায়, যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷ ইয়াৰ ফলত বাতবিষৰ বিষ আৰু প্ৰদাহৰ সমস্যা হ্ৰাস কৰে ৷

হজমৰ বাবে উপকাৰী

কেঁচা জলকীয়াই হজম শক্তি খৰতকীয়া কৰে ৷ ইয়াক খালে গেষ্ট্ৰিক ৰস দ্ৰুতগতিত নিৰ্গত হয়, যাৰ বাবে খাদ্য সোনকালে হজম হয় আৰু একে সময়তে পুষ্টিকৰ উপাদানসমূহো সহজে শোষিত হয় ৷

বন্ধ নাক খোলাত সহায় কৰে

কেঁচা জলকীয়া খালে বন্ধ হৈ থকা নাক খুলিবলৈ সহায় কৰে ৷ ঠাণ্ডা বা এলাৰ্জীৰ ফলত বন্ধ হৈ থকা নাক খুলিবলৈ কেঁচা জলকীয়াই যথেষ্ট সহায় কৰে ৷

https://www.ijrrjournal.com/IJRR_Vol.4_Issue.6_June2017/IJRR009.pdf

https://pmc.ncbi.nlm.nih.gov/articles/PMC9570844/

লগতে পঢ়ক: অত্য়ধিক জলকীয়া খালে এইসমূহ ৰোগৰ চিকাৰ হ’ব পাৰে... - CHILlI SIDE EFFECTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.