ETV Bharat / health

মেদবহুলতা আৰু বহু ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ খাওক নাচপতি - Benefits of Pears

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 6:17 PM IST

Benefits of Pears: বৰষুণৰ সময়ত আপেল খুব দামী হৈ পৰে, যাৰ ফলত ইয়াক বহুতে ক্ৰয় কৰিব নোখোজে ৷ কিন্তু এই বতৰত এনে এবিধ ফলো আহে যিটো আপেলতকৈ বহুত কম মূল্যত উপলব্ধ হয় আৰু এই ফলবিধত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে । এই ফলৰ উপকাৰিতা আৰু পুষ্টিকৰ উপাদানৰ বিষয়ে আজি জানি লওক-

Health and Nutrition Benefits of Pears
মেদবহুলতা তথা এইসমূহ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ খাওক নাচপতি (CANVA)

প্ৰতিটো বতৰতে কিছুমান চিজনেল ফল বজাৰত উপলব্ধ হয় ৷ যিবোৰ বিভিন্ন পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ৷ পুষ্টিৰ বাবে সদায় কেৱল আপেলহে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব এইটো জৰুৰী নহয় ৷ চিকিৎসকে ঋতু অনুসৰি ফল-মূল আৰু শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়ে ৷ বাৰিষাৰ সময়তো এনে বহু ফল হয় যিয়ে ভিটামিন আৰু পুষ্টিকৰ উপাদানৰ ক্ষেত্ৰত আপেলৰ লগত প্ৰতিযোগিতা কৰে ৷

তেনে এটা ফল হ’ল নাচপতি যিটো পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ৷ নাচপতিত ভিটামিন চিৰ পৰিমাণ আপেলতকৈ বেছি ৷ গতিকে বাৰিষাৰ সময়ত নাচপতিৰ দৰে ঋতুভিত্তিক ফল-মূল খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ৷

নাচপতিত কি কি ভিটামিন থাকে ?

হেল্থলাইনৰ প্ৰতিবেদন অনুসৰি নাচপতি ভিটামিন চিৰ এক উত্তম উৎস ৷ ইয়াৰ উপৰিও নাচপতিত প্ৰচুৰ পৰিমাণে ভিটামিন কে, পটাছিয়াম, ফাইবাৰ, প্ৰ’টিন, কাৰ্ব আৰু এন্টিঅক্সিডেন্ট থাকে ৷ নাচপতিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷

নাচপতি খোৱাৰ উপকাৰিতা

পেটৰ বাবে অতি উত্তম লগতে কোষ্ঠকাঠিন্যৰ সমস্যা থকা লোকে নাচপতি খোৱাটো অতি লাভদায়ক ৷ নাচপতিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে ৷ কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবলৈ নাচপতি খোৱাটো উচিত কাৰণ ইয়াৰ ফলত আন্ত্ৰিক স্বাস্থ্যও উন্নত হয় ৷ নাচপতিত পেক্টিন থাকে যিয়ে পেটক সুস্থ কৰি ৰাখে ৷

ডায়েবেটিছত নাচপতিৰ উপকাৰিতা

নাচপতি এনে এবিধ ফল য’ত ডায়েবেটিছ ৰোগীয়ে সহজে খাব পাৰে ৷ নাচপতি খালে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায় ৷ নাচপতিত থকা আঁহে কাৰ্বহাইড্ৰেট ভাঙি শৰীৰে শোষণ কৰাত সহায় হয় ৷ নাচপতি খালে শৰীৰৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰি ৷

মেদবহুলতা হ্ৰাস কৰে

ওজন কমাবলৈ নাচপতি অতি উপকাৰী কাৰণ ইয়াক খালে দীৰ্ঘসময়লৈকে ভোক অনুভৱ নহয় ৷ সেয়ে ইয়াৰ ফলত আমি কমকৈ খাদ্য গ্ৰহণ কৰো যাৰ ফলত আমাৰ ওজন হ্ৰাস কৰাত সহায় হয় ৷ সেয়ে আপুনি ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

নাচপতি খালে আমাৰ শৰীৰে ভিটামিন চি লাভ কৰে ৷ যাৰ বাবে আমাৰ ছাল, চুলি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে ৷ বাৰিষাকালত সংক্ৰামক ৰোগৰ আশংকা বৃদ্ধি পায় যাৰ ফলত নাচপতি খালে ভিটামিন চিৰ অভাৱ দূৰ হয় ৷

লগতে পঢ়ক: Benefits of Pears: ডায়েবেটিছ তথা হৃদৰোগৰ সমস্যা থকা লোকে নিতৌ খাওক এইবিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.