ETV Bharat / health

হোলীৰ আনন্দত লওক চুলিৰ বিশেষ যত্ন; ব্যৱহাৰ কৰক এই ৪বিধ তেল - Hair Care for Holi

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 6:02 PM IST

Holi 2024: যদি আপুনি কোনো চিন্তা নকৰাকৈ হোলীৰ আনন্দ উপভোগ কৰিব বিচাৰে তেন্তে চুলিৰ বিশেষ যত্ন লওক । কাৰণ বজাৰত আজিকালি বহুতো ৰাসায়নিক আৰু কৃত্ৰিম ৰং আহিছে, যিবোৰ মুখ আৰু চুলিত লাগিলে আমাৰ ছাল আৰু বিশেষকৈ চুলি নষ্ট হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক এনে 4বিধ তেলৰ বিষয়ে ক’বলৈ ওলাইছো, যাক প্ৰয়োগ কৰা পিচত হোলীৰ ৰঙৰ বাবে আপোনাৰ চুলি একেবাৰেই নষ্ট নহয় ৷ জানো আহক এই 4বিধ তেলৰ বিষয়ে ৷

Hair won't get spoiled on Holi! Apply these 4 oils to your scalp
হোলীৰ আনন্দত লওক চুলিৰ বিশেষ যত্ন; ব্যৱহাৰ কৰক এই ৪বিধ তেল

হোলীৰ উৎসৱ আহি পোৱাৰ লগে লগে সকলোৰে মনবোৰ সুখ তথা আনন্দেৰে ভৰি পৰে৷ ৰং অবিহনে হোলীৰ উৎসৱ আধৰুৱা ৷ ৰঙেৰে খেলিলেজহে হোলী উপভোগ কৰিব পাৰি ৷ আজিকালি বজাৰত বহুতো ৰাসায়নিক আৰু কৃত্ৰিম ৰং আহিছে, যিবোৰ মুখ আৰু চুলিত লাগিলে আমাৰ ছাল আৰু বিশেষকৈ চুলি নষ্ট হ’ব পাৰে ৷ সেয়ে এনে ক্ষেত্ৰত চুলিৰ যত্ন লোৱাটো খুবেই জৰুৰী ৷

যদি আপুনি কোনো চিন্তা নকৰাকৈ হোলী উৎসৱ উপভোগ কৰিব বিচাৰে তেন্তে বিশেষকৈ আপোনাৰ ছালৰ লগতে চুলিৰ যত্ন লোৱাটো খুবেই জৰুৰী ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক এনে 4বিধ তেলৰ বিষয়ে ক’বলৈ ওলাইছো, যাক প্ৰয়োগ কৰা পিচত হোলীৰ ৰঙৰ বাবে আপোনাৰ চুলি একেবাৰেই নষ্ট নহয় ৷ জানো আহক এই 4বিধ তেলৰ বিষয়ে ৷

সৰিয়হৰ তেল

চুলিৰ স্বাস্থ্যৰ বাবে সৰিয়হৰ তেল অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ এইটো প্ৰয়োগ কৰিলে চুলিত স্বাভাৱিক ৰূপ পোৱা যায় ৷ ইয়াৰ উপৰিও ই চুলিৰ ডিপ কণ্ডিচনিংও কৰে ৷ হোলীৰ ৰঙৰ পৰা চুলিক ৰক্ষা কৰাত এই তেল অতি ফলপ্ৰসূ ৷ সৰিয়হৰ তেল অলপ গৰম কৰি চুলিত লগাওক ৷ ইয়াৰ ফলত ৰং সোনকালে আঁতৰি যাব ৷

অলিভ অইল

হোলী খেলাৰ আগতে চুলিত অলিভ অইল লগোৱাটোও অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ ইয়াত ভিটামিন ই আৰু ওমেগা ৩ ফেটি এচিড পোৱা যায়, যিবোৰ চুলি আৰু ছালৰ বাবে অতি উপকাৰী ৷ অৱশ্যে চুলি বা ছালত লগোৱাৰ ভালদৰে পৰীক্ষা কৰি ল’ব৷

নাৰিকল তেল

হোলীৰ ৰং খেলাৰ আগতে চুলিত কুহুমীয়া নাৰিকল তেল লগাই মালিচ কৰিব ৷ নাৰিকল তেলত থকা পুষ্টিকৰ উপাদানে চুলিৰ গুৰিলৈকে যায় আৰু চুলিক ৰঙৰ পৰা ৰক্ষা কৰে ৷ ইয়াত হাইড্ৰেটিং গুণো থাকে, যাৰ ফলত চুলিক শুকান হোৱাৰ পৰা ৰক্ষা কৰে৷

বাদাম তেল

চুলিত কাঠবাদামৰ তেলো লগাব পাৰে ৷ ইয়াত থকা ভিটামিন ই আৰু ফেটি এচিডে চুলিক আৰ্দ্ৰ কৰি তোলে ৷ ইয়াৰ ফলত আপোনাৰ চুলিৰ ক্ষতি নহয় ৷ ইয়াৰ ফলত চুলিৰ বৃদ্ধিতো সহায় কৰে ৷

লগতে পঢ়ক: হৰম’নে আমাৰ শৰীৰত কেনেদৰে কাম কৰে ? ইয়াৰ অভাৱ বা অতিৰিক্ততা হ’ব পাৰে ক্ষতিকাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.