ETV Bharat / health

নিমিষতে বন্ধ হ’ব চুলি সৰাৰ সমস্যা ; মাত্ৰ ব্যৱহাৰ কৰক এই ঘৰুৱা সামগ্ৰী - Tips To Stop Hair Fall - TIPS TO STOP HAIR FALL

Tips To Stop Hair Fall: বৰ্তমান সময়ত সকলোৰে চুলি সৰাৰ সমস্যা দেখিবলৈ পোৱা যায় । ইয়াৰ পৰা হাত সাৰিবলৈ বহুতে কেমিকেলযুক্ত শ্বেম্পু আৰু তেল ব্যৱহাৰ কৰে । যাৰ ফলত এই সমস্যা বৃদ্ধি পায় ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে লৈ আহিছো কিছুমান ঘৰুৱা উপায়, যাৰ দ্বাৰা চুলি সৰাৰ সমস্যা ৰোধ কৰিব পাৰো । কিন্তু কেনেকৈ সেয়া সম্ভৱ, জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ ...

Hair fall will stop immediately, just try these small home remedies
নিমিষতে বন্ধ হ’ব চুলি সৰাৰ সমস্যা; মাত্ৰ ব্যৱহাৰ কৰক এই ঘৰুৱা সামগ্ৰী (ETV BHARAT HINDI)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 12:50 PM IST

বৰ্তমান ব্যস্ততাৰে ভৰা এই জীৱনশৈলীত সকলোৰে জীৱনবোৰ খেলি-মেলি হৈ পৰিছে ৷ প্ৰতিটো কাম কম সময়ত কৰাটোৱে যেন এক প্ৰত্যাহ্বান ৷ ইয়াৰ মাজতে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো সম্ভৱপৰ হৈ নুঠে ৷ যাৰ ফলত আমি স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সৈতে যুঁজিবলগীয়া হয় ৷ তাৰে ভিতৰত এক সমস্যা হৈছে চুলি সৰা সমস্যা ৷

উল্লেখ্য যে, পুৰুষ-মহিলা দুয়োজনেই নিজৰ চুলিখিনিৰ প্ৰতি অতি সচেতন ৷ দুয়োজনে নিজৰ সৌন্দৰ্য অটুট ৰাখিবলৈ দীঘল আৰু ঘন চুলি বিচাৰে ৷ কিন্তু এই ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হয় মাত্ৰ দুই-এজনে ৷ সাধাৰণতে দেখা যায় যে, কম বয়সতে চুলি সৰাটো যেন এক ডাঙৰ সমস্যালৈ পৰিণত হৈছে ৷

আজিৰ দিনত বহুলোকে এই সমস্যাত ভোগা দেখা যায় ৷ চুলি সৰা বন্ধ কৰিবলৈ এনে লোকে যৎপৰোনাস্তি চেষ্টা কৰে ৷ সকলো ধৰণৰ চেম্পু আৰু তেল ব্যৱহাৰ কৰে ৷ তেতিয়াও চুলি সৰা বন্ধ নহয় ৷ চিকিৎসকৰ লগতো যোগাযোগ কৰে ৷ কিন্তু আপুনি জানেনে যে, আমাৰ খাদ্যাভ্যাস, বৃদ্ধি পোৱা প্ৰদূষণ আৰু পৰিৱৰ্তনশীল জীৱনশৈলীৰ বাবেই এই সমস্যা দিনক দিনে আৰু বৃদ্ধি পাবলৈ ধৰিছে ৷ শিশু হওক, মহিলা বা পুৰুষ হওক, ইয়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি, সেই বিষয়ে সকলোৱে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে ৷ তেন্তে এই সমস্যা বৃদ্ধি হোৱাৰ আগতেই জানি লওক ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ উপায়সমূহ-

ঘৰুৱা উপায়ে সহায় কৰিব

চুলি সৰা বন্ধ কৰিবলৈ প্ৰথমে ক্ষতিকাৰক চেম্পু আৰু তেল পৰিহাৰ কৰিব লাগিব ৷ আজিকালি বজাৰত বহুতো চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰা বুলি দাবী কৰা চেম্পু আৰু তেল উপলব্ধ, যিয়ে নিশ্চয়তা দিয়ে যে ইয়াক ব্যৱহাৰ কৰিলে আপুনি ইয়াৰ পৰা উপকাৰিতা লাভ কৰিব ৷ কিন্তু প্ৰকৃততে আপুনি সদায় ইয়াৰ পৰা হতাশ হ’বলগীয়া হয় ৷

এনে ক্ষেত্ৰত আমি প্ৰাকৃতিক উপাদান যেনে আমলখি, খাৰ, ঔ টেঙা, শিকাকাই, জবা ফুল ইত্যাদি বহুধৰণৰ সামগ্ৰীৰে উপকৃত হ’ব পাৰো ৷ প্ৰাকৃতিক উপাদানৰ সহায়ত সদায় চুলিক সুস্থ কৰি ৰাখিব পাৰি ৷ সেয়ে আপুনি হয়তো লক্ষ্য কৰিছে যে আমাতকৈ আমাৰ ককা- আইতা, মাৰ চুলি অধিক মজবুত আৰু চিকচিকীয়া হৈ থাকে ৷ কাৰণ তেওঁলোকে কেতিয়াও কেমিকেলযুক্ত সামগ্ৰী ব্যৱহাৰ কৰা নাছিল ৷

সুষম খাদ্য

চুলি সুস্থ আৰু ঘন কৰি ৰাখিবলৈ অতি প্ৰয়োজনীয় বস্তু হ’ল সুষম খাদ্য ৷ আপুনি যিকোনো প্ৰকাৰে নিশ্চিত কৰিব লাগিব যে, আপুনি যি খাদ্য খাইছে, তাত প্ৰ’টিনৰ পৰিমাণ বেছি ৷ ভিটামিনৰ ওপৰতো ধ্যান দিয়াতো প্ৰয়োজন ৷ যেনে কেৰাটিন, ভিটামিন বি-৭, আইৰণ আৰু জিংক ৷ এই সকলোবোৰ পদাৰ্থই চুলিক সুস্থ কৰি ৰখাত অতি ফলপ্ৰসূ ৷ এইবোৰৰ লগতে চুলিৰ ঘনত্ব বৃদ্ধি আৰু শক্তিৰ বাবে নিয়মিতভাৱে আইৰণ আৰু জিংক সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে ৷

মূৰটো মালিচ কৰিব লাগে

চুলিৰ গুৰিবোৰ মজবুত কৰি ৰাখিবলৈ মালিচ কৰাটো প্ৰয়োজন ৷ ইয়াৰ ফলত চুলিৰ গুৰিত ৰক্ত সঞ্চালন দ্ৰুত হ’ব ৷ ই চুলিক ডাঠ আৰু মজবুত কৰি তোলে ৷ চুলিৰ বৃদ্ধি আৰু সুস্থ ফোলিকলৰ বাবে ৰক্ত সঞ্চালন মসৃণ হ’ব লাগিব ৷ ইয়াৰ বাবে দিনটোত কমেও চাৰি মিনিট গৰম তেলেৰে মালিচ কৰিব লাগে ৷

যদি সম্ভৱ নহয়, তেন্তে ৰাতি শোৱাৰ আগতে চুলি আঁচোৰাৰ অভ্যাস কৰক ৷ ইয়াৰ দ্বাৰা ৰক্ত সঞ্চালন উন্নত হয় আৰু চুলি দীঘল হোৱাত সহায় কৰে ৷

এলোভেৰা বা ছালকুঁৱৰী

এলোভেৰা এবিধ অলৌকিক প্ৰাকৃতিক সামগ্ৰী ৷ ই আপোনাৰ চুলিৰ বাবে অতি লাভদায়ক ৷ আজিকালি প্ৰায় প্ৰত্যেক ঘৰতে ইয়াক পোৱা যায় ৷ বিভিন্ন আঘাত, সংক্ৰমণ আৰু ছালৰ লগত জড়িত সমস্যাৰ বাবে ই এক উত্তম ঔষধ ৷ চুলিৰ বাবেও ই ভাল কাম কৰে ৷ চুলিৰ বাবে এলোভেৰা অতি পুষ্টিকৰ ৷

ইয়াৰ প্ৰাকৃতিক মইশ্ব’ৰাইজিং গুণে শুকান আৰু ছিগা চুলিৰ ফলত হোৱা খজুৱতি আৰু বিৰক্তিৰ পৰা সকাহ দিয়ে ৷ ইয়াৰ উপৰিও ইয়াৰ আৰ্দ্ৰতাই আপোনাৰ সমগ্ৰ মূৰৰ ছালৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে ৷ ইয়াৰ ফলত চুলিবোৰ অতি সুন্দৰ আৰু স্বাস্থ্যসন্মত হ’ব ৷

কণীৰ মাস্ক

কণীৰ মাস্ক ঘৰুৱা উপায় সৰ্বোত্তম ৷ ইয়াৰ ব্যৱহাৰৰ লগে লগে চুলি সুস্থ হৈ উঠিব আৰু জিলিকি উঠিব ৷

গ্ৰীণ টী

যেনেকৈ গ্ৰীণ টীয়ে পেটৰ পৰা মলি পৰিষ্কাৰ কৰে, ঠিক সেইদৰে ই চুলিৰ গুৰিৰ সমস্যাও নিৰাময় কৰে ৷ গ্ৰীণ টীত থকা এণ্টি অক্সিডেণ্টে আপোনাৰ চুলিৰ গুৰিবোৰ মজবুত কৰি স্বাস্থ্যকৰ কৰি তোলে ৷ একে সময়তে ইয়াত থকা কেটেচিনে ডাই হাইড্ৰ’টেষ্টষ্টেৰন হৰম’নক বাধা দিয়ে আৰু চুলি সৰা ৰোধ কৰে ৷ সপ্তাহত এবাৰ হ’লেও মূৰত গ্ৰীণ টী ঢালি চুলি পৰিস্কাৰ কৰিলে উপকাৰ হয় ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: কম বয়সতে কিয় চুলি পকে ? বিশেষজ্ঞৰ পৰা জানি লওক ইয়াৰ সমাধান - Hair care tips

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.